Chapter 22
কুম্ভকৰ্ণ বধ
অনুশীলনীঃ
(১) কুম্ভকৰ্ণৰ কি কি দোষ আছিল ?
উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকল এই পাঠটোত কুম্ভকৰ্ণৰ কি কি দোষ আছিল পাঠ লিখা হোৱা নাই সেইবাবে আমি এই উত্তৰ টো দিব পৰা নাই তাৰ বাবে ক্ষমা কৰিবা। আৰু তোমালোকে উত্তৰ টো জানিলে কমন্টে কৰিবা।
(২) ৰামে কুম্ভকৰ্ণক কিদৰে বধ কৰিলে ?
উত্তৰঃ ৰামে কুম্ভকৰ্ণক তীক্ষ্ণ শৰেৰে কুম্ভকৰ্ণৰ সোঁ হাত খন কাটি পেলালে। তেতিয়া কুম্ভকৰ্ণই বাওঁ হাতেৰে ৰামৰ ওপৰত শিল বৰষিবলৈ ধৰিলে। ৰামে তেওঁৰ বাওঁ হাতখনো কাটি পেলালে। তেওঁ ভয়ঙ্কৰ মুখ মেলি ৰামক জীয়াই জীয়াই গিলিবলৈ দৌৰি আহিল। ৰামে তেওঁৰ মুখখন বাণেৰে ভৰাই পেলালে। তাৰ পাছত আন এপাত শৰেৰে তেওঁৰ মূৰটো ছিঙি পেলালে। এইদৰে ৰামে কুম্ভকৰ্ণক বধ কৰিলে।
(৩) বিপৰীত শব্দ লিখা-
(ক) মাংসাহাৰী – নিৰামিষ
(খ) পাপ – পুণ্য
(গ) তিৰোতা – পুৰুষ
(ঘ) গধূলি – পুৱা
(ঙ) বিষাদ – আনন্দ
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post