Might Learn Logo Might Learn Shop Might Learn

SVN Class 4 Ramayana Sadhu Chapter 24 Answer ৰাৱন বধ

Chapter 24

ৰাৱন বধ

(১) ৰাৱণে ঘৈণীয়েকৰ উপদেশ কিয় নামনিলে ?
উত্তৰঃ ৰাৱণে ঘৈণীয়েকৰ উপদেশ মনা নাছিল কাৰণ ৰাৱণৰ মূৰৰ ওপৰত কালে নাচি আছিল আৰু তেওঁ বুদ্ধিভ্ৰষ্ট হৈ পৰিছিল বাবে।

(২) ৰামে বিভীষণক কি উত্তৰ দিলে ?
উত্তৰঃ ৰামে বিভীষণক ক’লে এই সংসাৰত ধর্ম – অধৰ্মৰ যুদ্ধ সদায় হৈ আহিছে। ধৰ্মৰ ৰথত আৰােহণ কৰাজনৰ সদায় জয় হৈ আহিছে। মই ধৰ্মৰ বাবে যুঁজিছাে। ৰাৱণ পাপী। তেওঁ অধৰ্মৰ কাৰণে যুদ্ধ কৰিছে। গতিকে মােৰ জয় নিশ্চিত। তুমি চিন্তা নকৰিবা।” এনেদৰে উত্তৰ দিলে।

(৩) ৰাৱণৰ মৃত্যু নোহোৱাৰ ৰহস্য কি আছিল ?
উত্তৰঃ ৰাৱণৰ মৃত্যু নোহোৱাৰ কাৰণ ৰাৱণৰ নাভিকুণ্ডত অমৃত আছে তাৰ বাবে ৰাৱণৰ মৃত্যু নহয়।

(৪) ৰাৱণৰ মৃত্যু হোৱাত দেৱতাসকলৰ কিয় আনন্দ লাগিছিল ?
উত্তৰঃ ৰাৱণৰ মৃত্যু হোৱাত দেৱতাসকলে আনন্দ লাগিছিল কাৰণ ৰাৱণে সকলো দেৱতাকে পৰাজিত কৰি নিজৰ অধিনত ৰাখিছিল সেইবাবে ৰাৱণৰ মৃত্যুত হোৱাত আনন্দ লাগিছিল।

(৫) শব্দ শিকা আৰু এইবোৰৰ অৰ্থ লিখা –

দয়ালু, ভ্ৰষ্ট, কৱচ, নাভিকুণ্ড, অমৃত, জয় ঘোষণা, দুন্দুভি বজোৱা
উত্তৰঃ
দয়ালুঃ দয়াৱান, মৰমিয়াল
ভ্ৰষ্টঃ ভ্রষ্টাচাৰ, ব্যভিচাৰ
কৱচঃ যুদ্ধত কৰিবলৈ যাওঁতে পিন্ধা এটা চোলা
নাভিকুণ্ডঃ পেটত থকা নাৰি অংশ
অমৃতঃ খালে অমৰ হ’ব পৰা বস্তু
জয় ঘোষণাঃ ৰণত জয়-লাভ কৰা কথা ঘোষণা কৰা
দুুন্দুভি বজোৱাঃ দামামাজাতীয় বাদ্য যন্ত্ৰ বজোৱা

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects