📖 Might Learn

SVN Class 5 Assamese Chapter 3 Answer বামুণী আৰু নেউল

বামুণী আৰু নেউল

পাঠ ৩ 

অনুশীলনীঃ

১। বামুণীয়ে সৰু ল’ৰাটোক চোতালত শুৱাই থৈ ক’লৈ গৈছিল?

উত্তৰঃ বামুণীয়ে সৰু ল’ৰাটোক চোতালত শুৱাই থৈ পানী আনিবলৈ গৈছিল।

২। বামুণীয়ে কাক  ল’ৰাটোৰ ৰখীয়া কৰি থৈ গৈছিল?

উত্তৰঃ বামুণীয়ে নেউলক  ল’ৰাটোৰ ৰখীয়া কৰি থৈ গৈছিল।

৩। বামুণীয়ে অধৈৰ্য হৈ কলহটো দলিয়াই দিওঁতে কি হ’ল?

উত্তৰঃ বামুণীয়ে অধৈৰ্য হৈ কলহটো দলিয়াই দিওঁতে নেউলটোৰ প্ৰাণ গৈছিল। 

৪। নেউলে মাটি ফেঁটী সাপটোক  কিয় মাৰিছিল?

উত্তৰঃ কালৰূপ ধৰি ল’ৰাটোৰ গালৈ ফেঁট তুলাৰ কাৰণে নেউলে মাটি ফেঁটী সাপটোক মাৰিছিল।

৫। শেষত বামুণীয়ে কিয় চকুলো মচিলে?

উত্তৰঃ বামুনী ভিতৰলৈ সোমাই আহি ফেঁটি সাপডাল মৰি থকা দেখি নেউলৰ কাম বুজি পায় সেইকাৰণে শেষত বামুণীয়ে চকুলো মচিলে।

৬। নেউল আৰু সাপৰ মাজত যুঁজখনত কোন জিকিলে?

উত্তৰঃ নেউল আৰু সাপৰ মাজত যুঁজখনত নেউল জিকিলে।

৭। বাক্য ৰচনা কৰা ঃ 

ধাউতি –  বামুণী ধাউতি খায় ভিতৰলৈ সোমাই আহিল। 

কেৰ-মেৰ – মেজখন পুৰণি হোৱাৰ বাবে কেৰ-মেৰ কৰিছে। 

থৈয়া- নথৈয়া –  শৰাইঘাটত থৈয়া-নথৈয়া ৰণ হৈছিল।

নাচি- বাগি – মাম্পীয়ে মুকলি বিহুৰ খবৰ পায় হেপাহতে নাচি-বাগি আছে।  

লুতুৰি-পুতুৰি – কেঁচুৱাটো বোকাৰে লুতুৰি-পুতুৰি হৈ আছে।

৮। ব্যাকৰণঃ বিভক্তিৰ প্ৰয়োগ শিকাঃ

সাপ + ক  =  সাপক       বিনাশ +  ই  = বিনাশি

নেউল  + ৰ = নেউলৰ     তেজ  +  এ  + ৰে = তেজেৰে

কাষ  + লৈ =  কাষলৈ      বাট  + ত + এ = বাটতে

বামুণী + এ = বামুণীয়ে    ল’ৰা + ত = ল’ৰাত

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class