Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 8 Answer ৰামক বুজাবলৈ ভৰতৰ আগমন

ৰামক বুজাবলৈ ভৰতৰ আগমন
অধ্যায় ৮

(১) চমু উত্তৰ দিয়া-
(ক) ভৰতে মাকক গালি-শপনি কিয় পাৰিছিল ?
উত্তৰঃ ককায়েক ৰামৰ বনগমন আৰু পিতাকৰ মৃত্যুৰ বাতৰি শুনি অতিশয় দুখ পালে | তেওঁ এইবোৰ ষড়যন্ত্ৰৰ কাৰণে মাকক বহুতো গালি-শপনি পাৰিলে।
(খ) কৈকেয়ীক মন্থৰাই কু-বুদ্ধি শিকোৱাৰ বাবে কি শাস্তি পালে ?
উত্তৰঃ কৈকেয়ীক মন্থৰাই কু-বুদ্ধি শিকোৱাৰ বাবে গোৰ মাৰিলে আৰু ৰাজমহলৰ পৰা উলিয়াই দিলে।
(গ) ভৰতে ৰামক বিচাৰি কলৈ যাত্ৰা কৰিছিল ?
উত্তৰঃ ভৰতে ৰামক বিচাৰি চিত্ৰকূটলৈ যাত্ৰা কৰিছিল।
(ঘ) লক্ষ্মণক খং কিয় উঠিছিল ?
উত্তৰঃ লক্ষ্মণে ভাবিলে হয়তো ভৰতে সেনা লৈ ৰামক বন্দী কৰিবলৈ আহিছে । আৰু সেইবাবে লক্ষ্মণৰ খং উঠিছিল।
(ঙ) ভৰতে কি দুটা প্ৰতিজ্ঞা কৰিছিল ?
উত্তৰঃ ভৰতে কৰা প্ৰতিজ্ঞা দুটা হ’লঃ
১। ‘সিংহাসনত ৰামৰ খৰমযোৰ থৈ তাতে পূজা কৰিব’ ।
২। ‘চৈধ্য বছৰৰ পিচত ৰাম উভতি নাহিলে প্ৰাণ ত্যাগ কৰিব’ ।
(২) খালী ঠাই পূৰ কৰা-
(ক) গুৰু বশিষ্ঠই ভৰত আৰু শত্ৰুঘ্নক আনিবলৈ দূত পঠিয়ালে।
(খ) ভৰতে পিতাকৰ সংস্কাৰ কৰিলে।
(গ) ভৰতে বাটত নিষাদৰাজ গুহ ৰ পৰা ককায়েক ৰামৰ বাতৰি পালে।
Question Answer By Bikash Bora

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects