Might Learn Logo Might Learn

SVN Class 4 Science Chapter 19 Answer 2026 | আমাৰ লাগতিয়াল উদ্ধিদ আৰু ইয়াৰ যতন | অধ্য়ায় ১৯ | Lesson 19 | Class 4 Science Solution Sankardev | Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ আমাৰ লাগতিয়াল উদ্ভিদ আৰু ইয়াৰ যতন পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ১৯

আমাৰ লাগতিয়াল উদ্ভিদ আৰু ইয়াৰ যতন

১। ঘাঁহ জাতীয় উদ্ভিদৰ পৰা আমি কি কি খোৱা বস্তু পাওঁ?

উত্তৰঃ ঘাঁহ জাতীয় উদ্ভিদৰ পৰা আমি ধান, ঘেঁহু, ৰহৰ, মছুৰ, মগু আদি।

২। এটা খেৰি ঘৰ সাজিবলৈ আমাক কি কি বস্তু লাগে?

উত্তৰঃ এটা খেৰি ঘৰ সাজিবলৈ আমাক বাঁহ, কাঠ, খেৰ, ইকৰা আদিৰ প্ৰয়োজন।

৩। বাঁহ বা ঘাঁহ জাতীয় উদ্ধিদৰ দ্বাৰাই যে কাগজ তৈয়াৰ কৰা হয় তাক এটা পৰীক্ষাৰ সহায়ত বুজাই দিয়া।

উত্তৰঃ ব্লটিং পেপাৰৰ টুকুৰা এটা কিছু সময় নেমু ৰসত থৈ দিয়া হ’ল। এতিয়া এটা কাঁচৰ গিলাচত আধামান পানী লৈ তাত কাগজৰ টুকুৰাটো দি ঘেদালি দিয়া হ’ল। এখন আতচী কাঁচৰ সহায়ত চালে দেখা গ’ল যে পানীত কিছুমান সৰু সৰু আঁহ উটি-ভাঁহি আছে। এই আটাইবোৰ কাগজকলত ব্য়ৱহাৰ কৰা বাঁহ বা তেনে ঘাঁজাতীয় উদ্ভিদৰ অংশ।

৪। পাঁচবিধ ঔষধি উদ্ভিদৰ নাম লিখা।

উত্তৰঃ পাঁচবিধ ঔষধি উদ্ভিদৰ নাম হৈছে 一 নিম, লং, তুলসী, ভেদাইলতা আৰু মানিমুনি।

৫। সুগন্ধি আতৰ প্ৰস্তুত কৰিব পৰা দুবিধ উদ্ভিদৰ নাম লিখা।

উত্তৰঃ সুগন্ধি আতৰ প্ৰস্তুত কৰিব পৰা দুবিধ উদ্ভিদৰ নাম হৈছে – চন্দন আৰু সাঁচি।

৬। কটা ঠাইত আৰু দাঁত বিষালে কি কি দিলে উপশম পোৱা যায়?

উত্তৰঃ কটা ঠাইত নাৰ্জি ফুলৰ পাতৰ ৰস আৰু দাঁত বিষালে লং তেল আদি উপশম পোৱা যায়।

৭। অসমৰ কাগজকল থকা দুখন ঠাইৰ নাম লিখা?

উত্তৰঃ নগাওঁ আৰু প্ৰাচীৰগ্ৰাম।

৮। নাৰিকল আৰু মৰাপাট আঁহৰ পৰা তৈয়াৰ কৰা তিনিবিধ বস্তুৰ নাম লিখা?

উত্তৰঃ নাৰিকল আৰু মৰাপাট আঁহৰ পৰা তৈয়াৰ কৰা তিনিবিধ বস্তুৰ নাম হৈছে 一 ৰচী, মোনা, বস্তা, দলিচা আদি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects