Might Learn Logo Might Learn

SVN Class 4 Science Chapter 21 Answer 2026 | উদ্ভিদৰ আহাৰ | অধ্য়ায় ২১ | Lesson 21 | Class 4 Science Solution Sankardev | Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ উদ্ভিদৰ আহাৰ পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ২১

উদ্ভিদৰ আহাৰ

১। তলত দিয়া উদ্ভিদবোৰে কোন অংশত খাদ্য় জমা ৰাখে লিখাঃ

তিচি, ধান, বাদাম, ওলকবি, চালগোম, বেঙেনা, পাতে-গজা, আদা, নহৰু।

উত্তৰঃ 

তিচি    –    বীজ

ধান    –    বীজ

বাদাম    –    বীজ

ওলকবি    –    শিপা

চালগোম    –    শিপা

বেঙেনা    –    ফল

পাতে-গজা    –    পাত

আদা    –    শিপা

নহৰু    –    শিপা।

২। কাঠফুলা, ভেকুৰ আদিয়ে কিয় আহাৰ তৈয়াৰ কৰিব নোৱাৰে ?

উত্তৰঃ কাঠফুলা, ভেকুৰ আদিত পত্ৰহৰিৎ নথকাৰ বাবে সিহঁতে আহাৰ প্ৰস্তুত কৰিব নোৱাৰে।

৩। তিনিবিধ পতংগভোজী উদ্ভিদৰ নাম লিখা।

উত্তৰঃ তিনিবিধ পতংগভোজী উদ্ভিদৰ নাম হৈছে 一 কলচি, ৰদ মকুতা আৰু দ্ৰ’ছেৰা।

৪। পত্ৰৰন্ধ্ৰ কাক বোলে? ইয়াৰ কাম কি?

উত্তৰঃ পাতত কিছুমান সৰু সৰু চকুৰে মনিব নোৱাৰা বিন্ধা থাকে। সেই বিন্ধাবোৰক পত্ৰৰন্ধ বোলে।

৫। কেকটাছৰ পাত নাথাকে যদিও ই খাদ্য় প্ৰস্তুত কৰিব পাৰে কিয় ?

উত্তৰঃ কেকটাছৰ পাত নাথাকে যদিও ইয়াৰ কাণ্ডত হৰিৎকণা থাকে। সেয়েহে ই খাদ্য় প্ৰস্তুত কৰিব পাৰে।

৬। এবিধ পৰজীৱী আৰু এবিধ মূতজীৱী উদ্ভিদৰ উদাহৰণ দিয়া ? 

উত্তৰঃ এবিধ পৰজীৱী উদ্ভিদৰ উদাহৰণ হৈছে – স্বৰ্ণলতা আৰু এবিধ মূতজীৱী উদ্ভিদৰ উদাহৰণ হৈছে – কাঠফুলা।

৭। শিপাত খাদ্য় জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম লিখা।

উত্তৰঃ শিপাত খাদ্য় জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম হৈছে 一 আদা আৰু আলু।

৮। খালী ঠাই পূৰ কৰাঃ

ক) পাতে খাদ্য় তৈয়াৰ কৰোঁতে কাৰ্বন-ডাই-অক্সাইড গেছ বায়ুৰ পৰা শুহি লয় আৰু অক্সিজেন গেছ এৰি দিয়ে।

খ) হৰিৎকণা থকা বাবে পাতৰ ৰং সেউজীয়া হয়।

গ) পাতৰ পৰা কাণ্ডৰে গোটাই গছজোপালৈ খাদ্য যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects