SVN Class 4 Science Chapter 4 Answer 2026 | অণুজীৱ, সোঁচৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ | Lesson 4 | Class 4 General Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৪

অণুজীৱ, সোঁচৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ

১। অণুজীৱ কাক বােলে? অণুজীৱৰ পৰা হােৱা দুবিধ বেমাৰৰ নাম লিখ। 

উত্তৰঃ খালী চকুৰে দেখা নোপোৱা জীৱসমূহক সাধাৰণতে অণুজীৱ বোলা হয়।

    অণুজীৱৰ পৰা হোৱা দুবিধ বেমাৰ হৈছে – কলেৰা আৰু টাইফয়েড।

২। দুবিধ উপকাৰী আৰু দুবিধ অপকাৰী অণুজীৱৰ নাম লিখি সিহঁতৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখা। 

উত্তৰঃ দুবিধ উপকাৰী অণুজীৱৰ নাম হৈছে – লেক্ট’বেছিলাছ আৰু ইষ্ট। লেক্ট’বেছিলাছে এৱা গাখীৰক দৈত পৰিণত কৰে। আৰু ইষ্টে পাউৰুটি প্ৰস্তুত কৰাত সহায় কৰে।

দুবিধ অপকাৰী অণুজীৱ হৈছে – পেনিচিলিয়াম আৰু মিউকৰ। পেনিচিলিয়ামে কলেৰা, টাইফয়েড আদি ৰোগৰ সৃষ্টি কৰে। আৰু মিউকৰে খাদ্য়বস্তুৰ ওপৰত ভেকুৰৰ সৃষ্টি কৰে।

৩। ৰােগৰ বীজাণুবােৰ কি কি উপায়েৰে বিয়পে? 

উত্তৰঃ ৰোগৰ বীজাণু বতাহ, থু-খেকাৰ, মাখি আদিৰ দ্বাৰা বিয়পে।

৪। অণুজীৱবােৰ ক’ত থাকে? 

উত্তৰঃ অণুজীৱবোৰ আমাৰ পৰিৱেশৰ মাটি, বায়ু, পানী, খাদ্য়শস্য়, জাবৰ-জোঁথৰ আদি সকলোতে পোৱা যায়।

৫। কি কি উপায়েৰে সোঁচৰা বেমাৰ বিয়পাত বাধা দিব পাৰি? 

উত্তৰঃ সময়মতে লোৱা সাৱধানতাৰে সোঁচৰা ৰোগ বিয়পাত বাধা দিব পাৰি। খাদ্য়বস্তু ভালদৰে সিজাই আৰু পানী ভালদৰে উতলাই ঠাণ্ডা কৰি খাব লাগে। ইয়াৰ ওপৰিও ঘৰৰ আচবাব, কাপোৰ-কানি আদি পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব লাগে। ঘৰৰ আশে-পাশে জাবৰ-জোঁথৰৰ দ’ম, মল-মূত্ৰ আদি জমা হ’বলৈ দিব নালাগে।

৬। বীজাণুনাশক আৰু বীজাণুবাৰক কাক বােলে? 

উত্তৰঃ যিবোৰ বস্তুৱে বিজানু ধ্বংশ কৰে সেইবোৰকে বীজাণুনাশক বোলা হয়। আৰু যিবোৰ বস্তৱে বীজাণুবোৰক বৃদ্ধিত বাধা দিয়ে সেইবোৰেই হৈছে বীজাণুবাৰক।

৭। খালী ঠাই পূৰ কৰাঃ 

(ক) অণুজীৱ খালী চকুৰে নেদেখি। 

(খ) অণুজীৱ দুই প্রকাৰৰ। উপকাৰী আৰু অপকাৰী

(গ) ৰােগৰ সৃষ্টি কৰা অণুজীৱক বীজাণু বােলে। 

(ঘ) কলেৰা বেমাৰ পেনিচিলিয়াম নামৰ অণুজীৱৰ পৰা হয়। 

(ঙ) লেক্ট’বেছিলাছ নামৰ অণুজীৱই এঁৱা গাখীৰক দৈত পৰিণত কৰে। 

৮। কেইবিধমান সোঁচৰা ৰােগৰ লক্ষণ আৰু প্ৰতিকাৰৰ বিষয়ে লিখা।

উত্তৰঃ কেইবিধমান সোঁচৰা ৰোগ হৈছে –

কলেৰাঃ বেমাৰীৰ বমি হয়, সঘনে পনীয়া শৌচ হয়। 

    এই বেমাৰৰ পৰা ৰক্ষা পাবলৈ আগতেই প্ৰতিষেধক বেজি ল’ব লাগে।

মেলেৰিয়াঃ এই বেমাৰ হ’লে কঁপি কঁপি জ্বৰ উঠে।

এই বেমাৰৰ পৰা হাত সাৰিবলৈ প্ৰতিষেধক বেজি ল’ব লাগে।

ইনফ্লুয়েঞ্জাঃ এই বেমাৰ হ’লে ৰোগীৰ হাত-ভৰিৰ গাঁঠিৰ বিষ হয়। গা জ্বৰ জ্বৰ লাগে।

    এই ৰোগ হ’লে বেমাৰীয়ে হাত-ভৰি নিমখ মিহলি গৰম পানীৰে ধুলে আৰাম পায়। নহৰু দিয়া মিঠাতেল গৰম কৰি পিঠি, ডিঙি, হাত, ভৰি আদি সেকিলেও ভাল ফল পোৱা যায়। ঠাণ্ডা লগা একো কাম কৰিব নালাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top