Might Learn Logo Might Learn

SVN Class 4 Science Chapter 6 Answer 2026 | শাক-পাচলি | Lesson 6 | Class 4 General Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৬

শাক-পাচলি

১। উদ্ভিদৰ কি কি অংশ পাচলি হিচাপে পাঁও?

উত্তৰঃ উদ্ভিদৰ ফল, পাত, শিপা, ফুল আদ আমি পাচলি হিচাপে খাওঁ।

২। বতৰ অনুসৰি কিয় ভিন ভিন শস্য়ৰ খেতি কৰা হয়?

উত্তৰঃ সকলো শাক-পাচলি সকলো সময়তে নহয়। কাৰণ কিছুমান শাকপাচলিৰ খেতিৰ বাবে বতৰ গৰম হ’ব লাগে। পানীও সৰহ পৰিমাণে লাগে, আন কিছুমান খেতিৰ বাবে বাৰিষা কাল উপযুক্ত আৰু আন কিছুমান খেতিৰ বাবে খৰালি কাল উপযুক্ত।

৩। বাৰিষা আৰু খৰালি কালত হোৱা দহবিধকৈ শাক-পাচলিৰ নাম লিখা।

উত্তৰঃ বাৰিষা কালত হোৱা পাচলি দহবিধ হৈছে – পানীলাউ, ভুল, জিকা, কেৰেলা, মৰিচা শাক, ভেন্দি, ৰঙালাউ, কোমোৰা, স্কোৱাচ আৰু মিঠা আলু।

    আৰু খৰালি কালত হোৱা দহবিধ শাক-পাচলিৰ নাম হৈছে – ফুলকবি, বন্ধাকবি, মূলা, গাজৰ, লাই, পালেং, আলু, মটৰ, পিয়াঁজ আৰু বিলাহী।

৪। তলত দিয়া শাক-পাচলিবোৰৰ কি কি অংশ খোৱা হয় লিখাঃ

লাই, পালেং, পানীলাউ, গাজৰ, কোমোৰা, বকফুল, মুলা, ওলকবি, কচু, বীন, মটৰ, উৰহি স্কোৱাচ, বিলাহী।

উত্তৰঃ

পাচলি – অংশ

লাই – পাত।

পালেং – পাত।

পানীলাউ – ফল।

গাজৰ – শিপা।

কোমোৰা – ফল।

বকফুল – ফুল।

মূলা – শিপা।

ওলকবি – শিপা।

কচু – শিপা।

বীন – ফল।

মটৰ – ফল।

উৰহী – ফল।

স্কোৱাচ – ফল।

বিলাহী – ফল।

৫। কিছুমান বীজ গজিবলৈ পানীত তিয়াই ৰখা হয়। কিয়?

উত্তৰঃ কিছুমান বীজৰ বাকলি টান। ইয়াৰ পৰা গজালি ওলাবলৈ বহু সময়ৰ প্ৰয়োজন। সেয়েহে ইয়াক গজিবলৈ পানীত তিয়াই ৰখা হয়।

৬। শুদ্ধনে অশুদ্ধ লিখা-

(ক) আমি লাই শাকৰ পাত অংশ খাও।

উত্তৰঃ শুদ্ধ।

(খ) শাক-পাচলি ৰান্ধিয়ে খাব পাৰি।

উত্তৰঃ অশুদ্ধ।

(গ) কিছুমান বনৰীয়া শাক পাচলি আছে।

উত্তৰঃ শুদ্ধ।

(ঘ) ভেন্দি জাৰকালি হোৱা শাক-পাচলি।

উত্তৰঃ অশুদ্ধ।

(ঙ) কিছুমান শাকৰ গুটি সিঁচিলেই গজালি ওলায় ।

উত্তৰঃ শুদ্ধ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects