Might Learn Logo Might Learn

SVN Class 4 Science Chapter 7 Answer 2026 | বীজৰ কথা | Lesson 7 | Class 4 General Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৭

বীজৰ কথা 

১। বীজ গজিবৰ বাবে যে বাযু, পানী আৰু তাপৰ প্ৰয়োজন তাক দেখাৱাবলৈ কৰা এটা পৰীক্ষা চিত্ৰসহ বুজাই লিখাঁ।

উত্তৰঃ 

    এটা বীজ গজিবলৈ বায়ু, পানী আৰু তাপৰ প্ৰয়োজন। যদি এটা বীজে কেৱল পানী আৰু তাপ পায়, তেন্তে সেই বীজটো অলপহে গজালি মেলিব। আৰু যদি বায়ু আৰু তাপ পায় আৰু পানী নাপায়, তেন্তে সেই বীজটো তেন্তে তাৰ গজালি নোলায়। আৰু যদি এটা বীজে বায়ু, পানী আৰু তাপ আটাইকেইটাই পায়, তেন্তে তাৰ গজালি ওলাব। আৰু তাৰ শ্ৰীবৃদ্ধিও ভাল হ’ব।

২। টেমাত ভৰাই থোৱা বুটমাহ কিয় নগজে?

উত্তৰঃ বীজ এটা গজিবলৈ বায়ু, পানী আৰু তাপৰ প্ৰয়োজন আৰু টেমাত ভৰাই থোৱা বুটমাহে কোনোধৰণৰ বায়ু, পানী আৰু তাপ নাপায়। সেয়েহে টেমাত ভৰাই থোৱা বুটমাহ নগজে।

৩। পানীত ডুব গৈ থকা বীজ গজিবনে?

উত্তৰঃ পানীত ডুব গৈ থকা বীজ এটা অলপহে গজিব। কাৰণ ই পানী পাইছে কিন্তু উপযুক্ত পৰিমাণে বায়ু পোৱা নাই।

৪। কি কি কাৰণত বীজ নগজে?

উত্তৰঃ বায়ু, পানী আৰু তাপ জোখমতে নাপালে বীজ নগজে। অতিমাত্ৰা চেঁচা পৰিৱেশত বীজ নগজে।

৫। বীজৰ বিস্তাৰণ কি কি প্ৰকাৰে হ’ব পাৰে?

উত্তৰঃ বীজৰ বিস্তাৰণৰ প্ৰকাৰবোৰ হৈছে –

(i) বতাহে বীজৰ বিস্তৰণ ঘটায়।

(ii) চৰাই-চিৰিকটিয়েও বীজৰ বিস্তাৰ কৰে।

(iii) নদীৰ সোঁতৰ দ্বাৰাও বীজ এঠাইৰ পৰা আন ঠাইলৈ যায়।

(iv) কিছুমান বীজ ছিটিকি দূৰত পৰে।

(v) বীজৰ গাত হাকোটা বা শুং থাকে।

(vi) প্ৰাণীয়ে বীজৰ বিস্তৰণ ঘটায়।

(vii) মানুহে ফল খাই গুটি দূৰত পেলায়।

৬। পৰাগযোগ কাক বোলে?

উত্তৰঃ বতাহ, মৌ-মাখি, ভোমোৰা আদিয়ে এপাহ ফুলৰ পুংকেশৰৰ পৰা পৰাগৰেণু আনি একেজাতীয় ফুলৰ গৰ্ভকেশৰত দিয়া ঘটনাক পৰাগযোগ বোলা হয়।

৭। ফল ক’ৰ পৰা হয়?

উত্তৰঃ বীজৰ পৰা গছ হয়, গছৰ পৰা ফুল হয় আৰু ফুলৰ পৰা ফল হয়।

৮। বহুবীজ থকা খাদ্য় হিচাপে গ্ৰহণকৰা চাৰিবিধ উদ্ভিদৰ নাম লিখা?

উত্তৰঃ বহুবীজ থকা, খাদ্য় হিচাপে গ্ৰহণ কৰা চাৰিবিধ উদ্ভিদৰ নাম হৈছে – বিলাহী, কঠাল, বেঙেনা আৰু লাউ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects