সৌৰজগতৰ কথা
অনুশীলনী
১। গ্ৰহ আৰু নক্ষত্ৰৰ মাজত পাৰ্থক্য় কি?
উত্তৰ:- গ্ৰহ আৰু নক্ষত্ৰৰ মাজত থকা পাৰ্থক্য়সমূহ হ’ল –
গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই, আনহাতে নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে।
২। সৌৰজগত কাক বোলে?
উত্তৰ:- নক্ষত্ৰ সূৰ্যক কেন্দ্ৰ কৰি চাৰিওফালে নিৰন্তৰ ঘূৰি থকা আঠটা গ্ৰহ আৰু সেই গ্ৰহৰ উপগ্ৰহসমূহক লৈ যি পৰিয়ালৰ সৃষ্টি হৈছে তাকেই সৌৰজগত বোলা হয়।
৩। মহাকৰ্ষণ শক্তি কি?
উত্তৰ:- গ্ৰহ আৰু নক্ষত্ৰবোৰৰ মাজত থকা আকৰ্ষণকে মহাকৰ্ষণ শক্তি বোলে।
৪। ৰঙা গ্ৰহ আৰু নীলা গ্ৰহ বুলি কোনকেইটা গ্ৰহক কোৱা হয়?
উত্তৰ:- মঙল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় আৰু আমাৰ পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়।
৫। সৌৰজগতৰ নতুনকৈ আৱিস্কৃত গ্ৰহাণুকেইটাৰ নাম কি কি?
উত্তৰ:- সৌৰজগতৰ নতুনকৈ আৱিস্কৃত গ্ৰহাণুকেইটাৰ নাম হ’ল চেৰন, এৰিচ আৰু চেৰিচ।
৬। প্লুটো গ্ৰহ হয়নে?
উত্তৰ:- প্লুটো গ্ৰহ নহয়।
৭।সৌৰজতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো কি?
উত্তৰ:- সৌৰজতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো হ’ল নেপচুন।
৮। সৌৰজতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি?
উত্তৰ:- সৌৰজতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ’ল বুধ।
৯। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি?
উত্তৰ:- সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ’ল বৃহস্পতি।
১০। চন্দ্ৰ গ্ৰহ নে উপগ্ৰহ?
উত্তৰ:- চন্দ্ৰ উপগ্ৰহ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post