SVN Class 5 Assamese Chapter 11 Answer ৰাঙলী বুঢ়ীৰ দান

ৰাঙলী বুঢ়ীৰ দান

পাঠ-১১

অনুশীলনী

১। ৰাঙলী বুঢ়ীৰ পুতেকৰ নাম কি আছিল?

উত্তৰঃ ৰাঙলী বুঢ়ীৰ পুতেকৰ নাম ৰঙামুৱা আছিল।

২। ৰাঙলী বঢ়ীয়ে পুতেকক কাৰ বিৰুদ্ধে যুঁজিবলৈ পাঁচিছিল?

উত্তৰঃ ৰাঙলী বঢ়ীয়ে পুতেকক মানৰ বিৰুদ্ধে যুঁজিবলৈ পাঁচিছিল।

৩। ৰাঙলী বুঢ়ীয়ে পুতেকক ৰণৰ বাবে কেনেদৰে সাজু হ’বলৈ কৈছিল?

উত্তৰঃ ৰাঙলী বুঢ়ীয়ে পুতেকক ৰণৰ বাবে বেগেতে এমুঠি খাই, ৰাতিয়ে যতাই থোৱা কৱচ পিন্ধি, দা-যাঠি লৈ, সাজু হয় লৰালৰিকৈ যাবলৈ কৈছিল।

৪। ৰাঙলী বুঢ়ীয়ে মান অহাৰ বাতৰি কেনেদৰে পাইছে?

উত্তৰঃ জামুগুৰি চাপৰিত গিৰ্জনি মৰাৰ বাবে ৰাঙলী বুঢ়ীয়ে মান অহাৰ বাতৰি পাইছিল।

৫। অসমীয়া সেনা অতি তাকৰীয়া, তথাপি ৰাঙলী বুঢ়ীয়ে ৰঙামুৱাক যুঁজলৈ পাঁচিছে কিয়?

উত্তৰঃ অসমীয়া সেনা অতি তাকৰীয়া, তথাপি  সোণৰ অসম ৰাখিবৰ বাবে ৰাঙলী বুঢ়ীয়ে ৰঙামুৱাক যুঁজলৈ পাঁচিছে।

৬। যুঁজত গিৰিয়েকক হেৰুওৱাৰ পাছতে ৰাঙলী বুঢ়ীয়ে পুতেকক যুঁজলৈ পাঁচিলে; এইটো কিহৰ পৰিচয়?

উত্তৰঃ যুঁজত গিৰিয়েকক হেৰুওৱাৰ পাছতে ৰাঙলী বুঢ়ীয়ে পুতেকক যুঁজলৈ পাঁচিলে; এইটো স্বদেশ প্ৰেমৰ পৰিচয়।

৭। (ক) ৰাঙলী বুঢ়ীয়ে পুতেকৰ বাবে ৰাতিতে কি যতনাই থৈছিল?

উত্তৰঃ ৰাঙলী বুঢ়ীয়ে পুতেকৰ বাবে ৰাতিতে কৱচ যতনাই থৈছিল।

(খ) ৰাঙলী বুঢ়ীয়ে দেশৰ বাবে কি দান কৰিছে?

উত্তৰঃ ৰাঙলী বুঢ়ীয়ে দেশৰ বাবে নিজৰ স্বামীক দান কৰিছে।

৮) বাক্য ৰচনা কৰা।

ৰণ-চালি – যুদ্ধৰ ৰণ-চালি দিবলৈ শংখ বজোৱা হয়। 

থৌকি-বাথৌ – দূৰ্গা পূজা আহিলে মন থৌকি-বাথৌ লাগে।

ফেঁহু-জালি –  মাকে ৰঙামুৱাক ফেঁহু-জালি দিয়াৰ সময়ত টোপনিৰ পৰা জগাই দিছিল।

যশ-মান –  যশ-মন নিজৰ কামৰ জৰিয়তেহে আৰ্জিব লাগে।

কৱচ – আগৰ দিনৰ লোকে যুঁজলৈ যাওঁতে কৱচ পৰিধান কৰিছিল। 

জীৱন-মৰণ – অসমীয়া সেনাই জীৱন-মৰণ দি দেশৰ হকে যুঁজ কৰিছে।

৯। শব্দাৰ্থঃ

সিধা ― ভোজন ৰান্ধিবলৈ দিয়া খাদ্য সামগ্ৰী।

কৱচ 一 যুঁজত পিন্ধিবলৈ এৰাতিতে বৈ দিয়া বস্ত্ৰ ∕  অঙ্গবস্ত্ৰ।

১০। দ্বিতীয় স্তম্ভত দিয়া শব্দবোৰৰ মাজৰ পৰা প্ৰথম স্তম্ভত দিয়া শব্দৰ অৰ্থ বাচি উলিওৱা।

প্ৰথম স্তম্ভদ্বিতীয় স্তম্ভ
গিৰ্জনিৰণ-চালিতালি-ভুলিনিঠৰুৱাচাপৰিসিধাবাঁৰীফেঁহু-জালিকৱচআঁচলৰ ধন আশ্ৰয় নথকাবিধৱা তিৰোতাভয় দেখুৱাবলৈ চিঞৰানৈৰ পাৰৰ ওখ মাটিখাবৰ কাৰণে আগবঢ়োৱা বস্তুহাতৰ তলুৱাৰে কৰা শব্দমৰমৰ সম্পত্তিৰণুৱাই গাত পিন্ধা আৱৰণযুঁজলৈ সাজু হোৱা অৱস্থানিচেই পুৱা।

উত্তৰঃ গিৰ্জনি – ভয় দেখুৱাবলৈ চিঞৰা।

            ৰণ-চালি – যুঁজলৈ সাজু হোৱা অৱস্থা।

            তালি-ভুলি – হাতৰ তলুৱাৰে কৰা শব্দ।

            নিঠৰুৱা – আশ্ৰয় নথকা।

            চাপৰি – হাতৰ তলুৱাৰে কৰা শব্দ।

            সিধা – খাবৰ কাৰণে আগবঢ়োৱা বস্তু।

            বাঁৰী – বিধৱা তিৰোতা।

            ফেঁহু-জালি – নিচেই পুৱা।

            কৱচ – ৰণুৱাই গাত পিন্ধা আৱৰণ।

            আঁচলৰ ধন – মৰমৰ সম্পত্তি।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top