SVN Class 5 Assamese Chapter 5 Answer ঘড়ী

ঘড়ী

পাঠ-৫

জানি থোৱাঃ

১) বানানলৈ মন কৰাঃ ( সাধাৰণতে ব্যৱহাৰ হোৱা বানানটো বন্ধনীৰ ভিতৰত দিয়া হৈছে) 

কৰ্ম্ম ঃ (কৰ্ম)

হইছে ঃ (হৈছে)

ক’ই ঃ (কৈ)

ল’ই ঃ (লৈ)

এতেকতে ঃ (এতেকে )

গইছে ঃ (গৈছে)

২। অৰ্থ শিকাঃ

ভগন ঃ খৰচ 

দোণ ঃ প্ৰায় পাঁচ কিলোগ্ৰাম ধৰা বাঁহৰ পাত্ৰ

ধুৰুপ ঃ সঁচা 

ডাঁৰ ঃ দিন-ৰাতি কালৰ ষাঠি ভাগৰ এভাগ অৰ্থাৎ ২৪ মিনিত বা এক দণ্ড

স্বৰূপ ঃ সঁচা কথা

নিমিষ ঃ চকুৰ পলক 

পল ঃ এক দণ্ড কালৰ ষাঠি ভাগৰ এভাগ অৰ্থাৎ ২৪ ছেকেণ্ড

পৰকালঃ মৰণৰ পাছৰ সময়

ক্ষণঃ অতি কম সময়, প্ৰায় চাৰি মিনিট

ক্ষন্তেকঃ অকণমান সময় 

লেশঃ সামান্য পৰিমাণ

ব্যাকৰণঃ

বিভক্তি যোগ হৈ থকা শব্দক পদ বোলে। পদ চাৰিবিধ। বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু ক্ৰিয়া। 

যিকোনো নাম বুজোৱা পদক বিশেষ্য বোলে। যেনেঃ ৰাম, কৃষ্ণ, হৰি, মধু, কিতাপ, পেঞ্চিল, বাঘ, সাপ, নদী, পৰ্বত, ঘড়ী, দূৰদৰ্শন, গাড়ী, ল’ৰা, ছোৱালী, ছাত্ৰ আদি।

বিশেষ্যৰ গুণ, দোষ, পৰিমাণ আদি বুজোৱা পদক বিশেষণ বোলে।

যেনেঃ ভাল, বেয়া, ওখ, দীঘল, পনীয়া, এক ঘন্টা, দুই কিল’মিটাৰ, পাঁচ গ্ৰাম, উজ্জ্বল, ধুনীয়া আদি।

প্ৰশ্নঃ পদ কাক বোলে? পদ কেইবিধ কি কি ?

উত্তৰঃ বিভক্তি যোগ হৈ থকা শব্দক পদ বোলে।  পদ চাৰিবিধ। বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু ক্ৰিয়া।  

প্ৰশ্নঃ ঘড়ী কবিতাটোত থকা দহটা বিশেষ্য পদ বাচি উলিওৱা।

উত্তৰঃ দিন, মানুহ, কাল, ঘড়ী, ধন, ৰত্ন, সোণ, সোণামুৱা, ল’ৰা, হাত।

প্ৰশ্নঃ তলৰ শব্দবোৰৰ কোনবোৰ বিশেষ্য আৰু কোনবোৰ বিশেষণ পদ?

ধন, ৰত্ন, ক্ষন্তেক, মানুহ, লাখ-লাখ, লেশ, সময়, দোণে-দোণে, ঘড়ী।

উত্তৰঃ বিষেশ্য পদ – ধন, ৰত্ন, মানুহ, সময়, ঘড়ী।

বিশেষণ পদ – ক্ষন্তেক, লাখ-লাখ, লেশ, দোণে-দোণে। 

অনুুশীলনী 

১। কবিতাটি মুখস্থ কৰা।

২। ঘড়ীয়ে টিক্ টিক্ টিক্ কৈ কি কথা কয়?

উত্তৰঃ ঘড়ীয়ে টিক্ টিক্ টিক্ কৈ সময় পাৰ হৈ যোৱাৰ কথা কয়।

৩। ধন-সোণ দি সময় ঘূৰাই আনিব পাৰেনে?

উত্তৰঃ ধন-সোণ দি সময় ঘূৰাই আনিব নোৱাৰি।

৪। কবিয়ে ঘড়ীক আদৰ্শ মানি কি কৰিবলৈ কৈছে?

উত্তৰঃ কবিয়ে ঘড়ীক আদৰ্শ মানি হাতে-কামে লাগি শ্ৰমজীৱী হ’বলৈ কৈছে।

৫। বাক্য ৰচনা কৰাঃ 

শ্ৰমজীৱী – মানুহ সদায়  শ্ৰমজীৱী হ’ব লাগে।

ক্ষয় – ক্ষয় যোৱা সময় আৰু ঘূৰি নাহে।

ক্ষন্তেক – সময় ক্ষন্তেকো নৰয়।

আদৰ্শ – ৰহিমৰ পিতৃ গাঁওৰ এজন আদৰ্শ খেতিয়ক। 

ধুৰুপ – ৰাম এজন ধুৰুপ ব্যক্তি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top