📖 Might Learn

SVN Class 5 Assamese Chapter 7 Answer অহঙ্কাৰ 

অহঙ্কাৰ 

পাঠ-৭

জানি থোৱা 

১। অৰ্থ শিকাঃ

গপ  ভেম 

ওফন্দা – ফুলি উঠা 

ভূষণ – অলংকাৰ 

বিৰিখ  বৃক্ষডাঙৰ গছ

নিকা – চাফা

খৰালি  খৰাং

অনুশীলনী

১। খৰালি দিনত ধূলিকণাবোৰ বতাহত উৰি উৰি ক’ত ক’ত পৰে?

উত্তৰঃ  খৰালি দিনত ধূলিকণাবোৰ বতাহত উৰি উৰি ফুলৰ পাহিত আৰু ওখ বিৰিখত পৰে।

২। ধূলি কণিকাৰ চিন-চাব কেতিয়া মাৰ যায়?

উত্তৰঃ ধূলি কণিকাৰ চিন-চাব বৰষুণ পৰিলে মাৰ যায়।

৩। বাক্য ৰচনা কৰাঃ 

ঘৰ-বাৰী – ঘৰ-বাৰী নথকা লোকক অঘৰী বুলি কোৱা হয়।

চিন-চাব – বৰষুণ পৰাৰ পাছত ধূলিৰ কনিকাৰ চিন-চাব নাইকীয়া হয়।

দশোদিশ – ৰীমাই পৰীক্ষাত ভাল ফলাফল কৰাৰ খবৰটো দশোদিশে বিয়পি পৰিছে। 

হঠাৎ – মানুহজন হঠাৎ ক’লৈ গুচি গ’ল গমেই নাপালো।

৪। কবিতাটো মুখস্থ কৰা।

৫। তলৰ শব্দবোৰৰ বহুবচন ৰূপ লিখা।

ধূলিকণা – ধূলিকণাবোৰ।

পাহি – পাহিবোৰ।

ধূলি – ধূলিবোৰ।

ৰজা-মহাৰজা – ৰজা-মহাৰজাসকল।

সাধু-মহন্ত – সাধু-মহন্তসকল।

গছ-লতা – গছ-লতাবোৰ।

সি – সিহঁত।

তেওঁ – তেওঁলোক।

আপুনি – আপোনালোক।

৬। ‘সমূলি’ শব্দটোৰ প্ৰয়োগ শিকাঃ

ক) ধূলিকণাই সৰু-বৰ একোকে নামানে ।

খ) এই বিষয়ে মই একোৱেই নাজানো।

গ) বাজীকৰে সাপলৈ অলপো ভয় নকৰে।

৭। তলৰ শব্দবোৰ প্ৰয়োগ কৰি খালী ঠাই পূৰ কৰা।

(তৰু-তৃণ, ঘৰ-বাৰী, চিন-চাব, অতি ক্ষুদ্ৰ, বতাহত উৰে, নিকা, তেনিয়েই ধূলিময়।)

ক) ধূলিকণাবোৰ অতি ক্ষুদ্ৰ চকুৰে মনিব নোৱাৰি।

ক) ধূলিকণাবোৰ দশোদিশ জুৰি বতাহত উৰে।

গ) খৰালি দিনত যেনিয়েই চোৱা তেনিয়েই  ধূলিময়।

ঘ) খৰালি দিনত তৰু-তৃণ, ঘৰ-বাৰী ধূলিৰে উপচি পৰে।

ঙ) বৰষুণ পৰিলে ধূলিৰ চিন-চাব নাইকিয়া হয়।

চ) বৰষুণ পৰিলে গছ-লতা নিকা হয়। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class