Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 1 Answer শ্ৰীকৃষ্ণ পিপৰা গুচোৱা

শ্ৰীকৃষ্ণ পিপৰা গুচোৱা

Chapter 1

অনুশীলনীঃ

১। শব্দ-অৰ্থ

গোৱালীঃ গোপী, গুৱালিনী অথবা গোপিনী

লৱণুঃ মাখন

টেণ্টনঃ টেটোন, ধূৰ্ত

নিদাৰুণীঃ দয়া-মায়া নথকা তিৰোতা

ভাণ্ডিলাঃ ফাঁকি দিলে, ছল কৰিলে

বৎসঃ পোৱালী ( ইয়াত গৰুৰ পোৱালী অৰ্থাৎ দামুৰি দমৰা)

কনিষ্ঠঃ সৰু ভায়েক

২। চমু উত্তৰ দিয়াঃ

(ক) শিশু শ্ৰীকৃষ্ণ গুৱালিনী ঘৰত কিয় সোমাইছিল?

উত্তৰঃ- শিশু শ্ৰীকৃষ্ণ গুৱালিনী ঘৰত লৱণু চোৰ কৰিবৰ বাবে সোমাইছিল।

(খ) মাখন চোৰ কৰি হাতেলোটে ধৰা পৰি শ্ৰীকৃষ্ণই গুৱালনীক কি কৰা বুলি কৈছিল?

উত্তৰঃ- মাখন চোৰ কৰি হাতেলোটে ধৰা পৰি শ্ৰীকৃষ্ণই গুৱালনীক পিপৰা গুচাই থকা বুলি কৈছিল।

(গ) শ্ৰীকৃষ্ণই গুৱালিনীৰ ঘৰত কিয় সোমোৱা বুলি কৈছিল?

উত্তৰঃ- শ্ৰীকৃষ্ণই গুৱালিনীৰ ঘৰত তেওঁৰ ঘৰ বুলি ভাবি ভুলতে সোমোৱা বুলি কৈছিল।

(ঘ) শ্ৰীকৃষ্ণই কেঁচুৱাটোক টোপনি পৰা কি কাৰণত জগোৱা বুলি কৈছিল?

উত্তৰঃ- শ্ৰীকৃষ্ণই কেঁচুৱাটোক টোপনি পৰা দামুদৰ কথা সুধিবৰ বাবে জগোৱা বুলি কৈছিল।

(ঙ) অৱশেষত গোপিনীয়ে শ্ৰীকৃষ্ণ কথা উত্তৰ দিব নোৱাৰিলে কিয়?

উত্তৰঃ- অৱশেষত গোপিনীয়ে শ্ৰীকৃষ্ণ কথা উত্তৰ দিব নোৱাৰিলে কাৰণ শেষত শ্ৰীকৃষ্ণই চলনা কৰি গোপীনীকে চোৰ বুলি ক’লে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects