SVN Class 6 Assamese Chapter 11 Answer বৰপেটা

বৰপেটা

Chapter 11

অনুশীলনীঃ

১। শব্দ অর্থঃ

পৰাণ – প্ৰাণ

জুৰা – শাঁত পেলা

পূৰ্ণব্ৰহ্ম – ভগৱান

পদ-ৰজ – পদধূলি

পূত – পবিত্ৰ

ইথানৰ – এই স্থানৰ

বঠা – নাও চলােৱা এবিধ কাঠৰ সঁজুলি

বিমল – পৱিত্র , নির্মল

নিজান – নিস্তব্ধ , নিমাত , নির্জন

জিনি – জয় কৰি, ভেদি শােক – তাপ দুখ – কষ্ট , মনৰ অশান্তি

পলা -আঁতৰি যা

নাওখেল – নাও চলােৱা এবিধ খেল ( অসম আৰু কেৰেলাত প্রসিদ্ধ )

উলাহ – আনন্দ

ৰােল – কোহাল, ডাঙৰ হাই, হাহাকাৰ

চাবে চাবে – বঠাৰ প্ৰতিটো আঘাতত

চউপাশে – চাৰিওফালে

মৃদঙ্গ – সৰু ঢােলৰ দৰে এবিধ বিশেষ বাদ্য

সংকীর্তন – বহুতে সমস্বৰে কৰা কীর্তন

ধৰালই – ধৰালৈ পৃথিৱীলৈ

সাম্য মন্ত্র – যি মন্ত্রই সকলােকে সমানতাৰ ভাবেৰে বান্ধে বা প্রভাবিত কৰে , সমান কৰা

মান – দেৱস্থান, যি ঠাইত দেৱতা থাকে যত ভক্ত সকলে পূজা – সেৱা কৰে

২। তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়াঃ

(ক) বৰপেটা ধামক কিয় অসমৰ কাশীপুৰী, দ্বাৰকা, মথুৰাপুৰী বুলি কবিয়ে কৈছে?

উত্তৰঃ- বৰপেটাৰ ধৰ্মীয় পৰিৱেশ আৰু বৰপেটা সত্ৰৰ মহিমা দেখি মুগ্ধ হৈ অসমৰ কাশীপুৰী, দ্বাৰকা, মথুৰাপুৰী বুলি কবিয়ে কৈছে।

(খ) কাৰ পদ-ধূলিৰে বৰপেটা ধাম পৱিত্ৰ তীৰ্থত পৰিণত হৈছে?

উত্তৰঃ- হৰিৰ পদ-ধূলিৰে বৰপেটা ধাম পৱিত্ৰ তীৰ্থত পৰিণত হৈছে।

(গ) ক’ত ক’ত হৰিনাম শুনিবলৈ পােৱা যায়?

উত্তৰঃ- উতসৱ-পৰ্ব, বিয়া-সবাহ, খেন-ধেমালিত হৰিনাম শুনিবলৈ পােৱা যায়।

(ঘ) হৰিনামৰ ধ্বনিয়ে সকলােৰে মনত কেনে প্রভাৱ পেলায়?

উত্তৰঃ- হৰিনামৰ ধ্বনিয়ে সকলােৰে অন্তৰ পৱিত্ৰ কৰে।

(ঙ) নাও খেল কেতিয়া খেলা হয় ? ‘হৰিবােল’, ৰামবােল’ বুলি ডেকাহঁতে কেতিয়া চিঞৰে?

উত্তৰঃ- নাও খেল ভাদমহীয়া খেলা হয়।

(চ) মহাপুৰুষগৰাকীয়ে কি আদর্শ প্রচাৰ কৰিছিল জনগণৰ মাজত?

উত্তৰঃ- মহাপুৰুষগৰাকীয়ে উচ্চ-নীচ, ভেদা-ভেদ আঁতৰাই সকলোকে সমান চকুৰে চাইছিল এই আদর্শ প্রচাৰ কৰিছিল জনগণৰ মাজত।

(ছ) অসমীয়া ভাষাক কি উপায়েৰে পূর্ণতা দান কৰিছিল?

উত্তৰঃ- অসমীয়া ভাষাক হৰিনাম, কীৰ্তনৰ মাধ্যমৰ যোগেদি পূর্ণতা দান কৰিছিল।

(জ) নাৱৰীয়াহঁতে হৰিনাম গাই ক’ত নাও বাই যায়?

উত্তৰঃ- নাৱৰীয়াহঁতে হৰিনাম গাই বৰপেটাৰ বিখ্যাত ভাদমহীয়া নাওখেলত নাও বাই যায়।

৩। বাক্য ৰচনা কৰাঃ

শােক-তাপ – ভালসোকৰ মৃত্যু হ’লে সকলোৱে শোক-তাপ কৰে।

পৰাণ – মানুহজনে পৰাণ ত্যাগ কৰিলে।

নিজান – নিজান ৰাতি সৰু শব্দও ডাঙৰকৈ শুনা যায়।

সংকীর্তন – শাওনমাহত সকলোৱে লগলাগি সংকীৰ্তন কৰে।

সাম্য মন্ত্র – মহাত্মা গান্ধীয়েসকলোকে সাম্য মন্ত্ৰ ভাবে চাইছিল।

চউপাশে – আমাৰ ঘৰৰ চউপাশে তামোল গছ আছে।

জুৰা – মৃদু বতাহজাকে সকলোৰে দেহা-মন জুৰ পেলায় যায়।

৪। এটা শব্দত লিখা?

আৰ্হি এটা দিয়া হৈছে । মনােযােগেৰে চোৱা আৰু লিখা –

হাতী চলায় যিয়ে – মাউত।

নাও বায় যিয়ে – নাওঁৰীয়া।

পথাৰত গৰু চৰােৱা ল’ৰা – গৰখীয়া।

খেতি কৰে যিয়ে – খেতিয়ক।

মাটিৰ পাত্ৰ গঢ়া লােক – কমাৰ।

যি ঘৰত নাম কীর্তন কৰা হয় – নামঘৰ।

বাটে বাটে যােৱা লােক – বাটৰুৱা।

৫৷ ‘ ক ’ স্তম্ভৰ শব্দ কেইটাৰ লগত ‘ খ’স্তম্ভৰ শব্দকেইটা মিলাই লিখাঃ

‘ক’ ‘খ’

                মহিমা                    খোল 

                নাও                        নীচ 

                পাপী                      জপি 

                উচ্চ                        বায় 

                মহামন্ত্ৰ                   গায় 

                তাল                        তাপী 

উত্তৰঃ

মহিমা – জপি।

নাও – বায়।

পাপী – তাপী।

উচ্চ – নীচ।

মহামন্ত্ৰ – গায়।

তাল – খোল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top