SVN Class 7 Social Science Chapter 19 Answer গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম

গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম

পাঠ – ১৯

অনুশীলনী 

১। চমু উত্তৰ লিখা— 

(ক) প্ৰচাৰ বুলিলে কি বুজা ? 

উত্তৰঃ প্ৰচাৰ বুলি ক’লে কোনো খবৰ-বাতৰি, ঘটনা-পৰিঘটনা, আদেশ-উপদেশ আদি এজনৰপৰা আন এজনলৈ বা এঠাইৰপৰা আন এঠাইলৈ বিস্তাৰ হোৱা প্ৰক্ৰিয়াকে বুজা যায়।

(খ) প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি ?

উত্তৰঃ প্ৰচাৰ মাধ্যমৰ প্ৰধান ভাগ দুই প্ৰকাৰৰ। সেইকেইটা হ’ল-ছপা বা মুদ্ৰিত আৰু ইলেক্ট্ৰনিক বা বৈদ্যুতিক। বাতৰি কাকত, আলোচনী, কিতাপ ছপা বা মুদ্ৰিত মাধ্যম আৰু অনাতাঁৰ, দূৰদৰ্শন, ইন্টাৰনেট আদি ইলেক্ট্ৰনিক মাধ্যম।

(গ) গণমাধ্যম মানে কি ? উদাহৰণ দিয়া । 

উত্তৰঃ যিবোৰ প্ৰচাৰ মাধ্যমৰ পৰিসৰ বেছি আৰু অতি কম সময়ৰ ভিতৰত বহু লোকক খবৰ-বাতৰি যোগান ধৰিব পাৰে তাকে গণমাধ্যম বুলি কোৱা হয়। উদাহৰণ হ’ল- চলচ্চিত্ৰ আৰু নাটক।

(ঘ) প্রাচীন কালত ব্যৱহাৰ কৰা দুই প্রকাৰৰ প্ৰচাৰ মাধ্যমৰ নাম লিখা । 

উত্তৰঃ প্ৰাচীন কালত ব্যৱহাৰ হোৱা দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যমৰ নাম হ’ল- চৰাইৰ ঠেঙত বান্ধি উৰুৱাই দি বাতৰি পঠিওৱা আৰু ঢোল পিটি।

(ঙ) কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

 উত্তৰঃ কম্পিউটাৰ ইংৰাজ বিজ্ঞানী চাৰ্লছ বেবেজে আৱিষ্কাৰ কৰিছিল।

২। উত্তৰ লিখা— 

(ক) দুটা প্রধান প্রচাৰ মাধ্যমৰ নাম লিখা । প্রচাৰ মাধ্যমসমূহে জনসাধাৰণক কেনে ধৰণে সহায় কৰে ? 

উত্তৰঃ দুটা প্ৰচাৰ মাধ্যমৰ নাম হ’ল – মুদ্ৰিত আৰু ইলেক্ট্ৰনিক। প্রচাৰ মাধ্যমসমূহত বিভিন্ন খবৰ বাতৰি , ঘটনা – পৰিঘটনা , আদেশ উপদেশ , মতামত , বক্তব্য আদি প্ৰচাৰ কৰে । ইয়াৰ ফলত জনসাধাৰণে সেইবােৰ বিষয়ত জ্ঞান লাভ কৰে আৰু তেওঁলোক নতুন কৌতূহল , সজাগতা বা সচেতনতা বৃদ্ধি হয় । ইয়ে জনসাধাৰণক ব্যক্তিগত বা সাংগঠনিক মতামত , গঠনমূলক দিহা পৰামৰ্শ আদি আগবঢ়াবলৈ সুযােগ দিয়ে । প্রচাৰ মাধ্যম অবিহনে জনসাধাৰণে নিজৰ ভাব – অভিমত , মতামত আদি প্ৰকাশ কৰিবলৈ সক্ষম নহ’লহেঁতেন। প্রচাৰ ব্যৱস্থাক সমাজ আৰু সভ্যতাৰ মাপকাঠী বুলি আখ্যা দিব পাৰি ।

(খ) গণতন্ত্ৰত প্ৰচাৰ মাধ্যমসমূহে কেনে ধৰণৰ ভূমিকা পালন কৰে ? 

উত্তৰঃ গণতন্ত্ৰত প্ৰচাৰ মাধ্যমে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । গণতান্ত্রিক ৰাষ্ট্র এখন বিকাশ আৰু সমৃদ্ধিত প্রচাৰ মাধ্যমে প্রভূত অৰিহণা যােগাব পাৰে।প্ৰচাৰ মাধ্যমে গণতান্ত্রিক চিন্তা – চর্চা কৰিবলৈ জনসাধাৰণক উদগনি যােগায় । জনসাধাৰণ আৰু চৰকাৰৰ মাজত প্রধান যােগাযােগ মাধ্যম হৈছে প্ৰচাৰ মাধ্যমসমূহ । সততা আৰু নিষ্ঠা অবিহনে গণতন্ত্র বর্তি নাথাকে । ইয়াৰ ভেটি সুদৃঢ় কৰাত প্ৰচাৰ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ।  এখন সুস্থ – সবল সমাজ তথা ৰাষ্ট্র গঠন কৰি প্রকৃত গণতন্ত্র প্রতিষ্ঠা কৰাত প্ৰচাৰ মাধ্যমসমূহৰ ভূমিকা সুদূৰ প্ৰসাৰী । 

(গ) জনমত বুলিলে কি বুজা ? 

উত্তৰঃ যাৰ ফলত জনসাধাৰণে সমূহীয়া মতামত আগবঢ়াবলৈ সক্ষম হয় আৰু সামগ্ৰিক কল্যাণৰ বাবে যুক্তিসংগত মতামত প্ৰকাশ কৰে। এনে সমূহীয়া যুক্তিসংগত মতামতক জনমত বোলা হয়।

৩। খালী ঠাই পূৰ কৰা— 

(ক) প্ৰচাৰ মাধ্যমক কোৱা হয় গণতন্ত্ৰৰ …………….. স্তম্ভ ।

উত্তৰঃ চতুৰ্থ।

(খ) মানুহৰ মাজৰ …………….. প্রতিভা বিকাশত প্রচাৰ মাধ্যমসমূহে যথেষ্ট সহায় কৰে ।

উত্তৰঃ সুপ্ত 

(গ) …………… ছপাশাল আৱিষ্কাৰ কৰিছিল ।

উত্তৰঃ জোহান গুটেনবাৰ্গে।

(ঘ) কম্পিউটাৰক অসমীয়াত ……………. যন্ত্র বুলি কোৱা হয় ।

উত্তৰঃ পৰিকলন যন্ত্ৰ। 

(ঙ) চৰকাৰ আৰু ………………. মাজৰ যােগসূত্র স্থাপনৰ প্রধান মাধ্যম হৈছে প্ৰচাৰ মাধ্যমসমূহ । 

উত্তৰঃ জনসাধাৰণৰ 

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা— 

(ক) কনকলতা অসহযােগ আন্দোলন / ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল । 

উত্তৰঃ কনকলতা ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল।

(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে ঢােল / মাইকৰ ব্যৱহাৰ কৰিছিল । 

উত্তৰঃ অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে ঢোল ব্যৱহাৰ কৰিছিল।

(গ) মুদ্রিত মাধ্যম হ’ল দূৰদৰ্শন / বাতৰি-কাকত । 

উত্তৰঃ মুদ্ৰিত মাধ্যম হ’ল বাতৰি-কাকত।

(ঘ) ইলেক্ট্রনিক মাধ্যম হ’ল কিতাপ / কম্পিউটাৰ ।

উত্তৰঃ ইলেক্ট্ৰনিক মাধ্যম হ’ল কম্পিউটাৰ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top