বৰপেটা
Chapter 11
অনুশীলনীঃ
১। শব্দ অর্থঃ
পৰাণ – প্ৰাণ
জুৰা – শাঁত পেলা
পূৰ্ণব্ৰহ্ম – ভগৱান
পদ-ৰজ – পদধূলি
পূত – পবিত্ৰ
ইথানৰ – এই স্থানৰ
বঠা – নাও চলােৱা এবিধ কাঠৰ সঁজুলি
বিমল – পৱিত্র , নির্মল
নিজান – নিস্তব্ধ , নিমাত , নির্জন
জিনি – জয় কৰি, ভেদি শােক – তাপ দুখ – কষ্ট , মনৰ অশান্তি
পলা -আঁতৰি যা
নাওখেল – নাও চলােৱা এবিধ খেল ( অসম আৰু কেৰেলাত প্রসিদ্ধ )
উলাহ – আনন্দ
ৰােল – কোহাল, ডাঙৰ হাই, হাহাকাৰ
চাবে চাবে – বঠাৰ প্ৰতিটো আঘাতত
চউপাশে – চাৰিওফালে
মৃদঙ্গ – সৰু ঢােলৰ দৰে এবিধ বিশেষ বাদ্য
সংকীর্তন – বহুতে সমস্বৰে কৰা কীর্তন
ধৰালই – ধৰালৈ পৃথিৱীলৈ
সাম্য মন্ত্র – যি মন্ত্রই সকলােকে সমানতাৰ ভাবেৰে বান্ধে বা প্রভাবিত কৰে , সমান কৰা
মান – দেৱস্থান, যি ঠাইত দেৱতা থাকে যত ভক্ত সকলে পূজা – সেৱা কৰে
২। তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়াঃ
(ক) বৰপেটা ধামক কিয় অসমৰ কাশীপুৰী, দ্বাৰকা, মথুৰাপুৰী বুলি কবিয়ে কৈছে?
উত্তৰঃ- বৰপেটাৰ ধৰ্মীয় পৰিৱেশ আৰু বৰপেটা সত্ৰৰ মহিমা দেখি মুগ্ধ হৈ অসমৰ কাশীপুৰী, দ্বাৰকা, মথুৰাপুৰী বুলি কবিয়ে কৈছে।
(খ) কাৰ পদ-ধূলিৰে বৰপেটা ধাম পৱিত্ৰ তীৰ্থত পৰিণত হৈছে?
উত্তৰঃ- হৰিৰ পদ-ধূলিৰে বৰপেটা ধাম পৱিত্ৰ তীৰ্থত পৰিণত হৈছে।
(গ) ক’ত ক’ত হৰিনাম শুনিবলৈ পােৱা যায়?
উত্তৰঃ- উতসৱ-পৰ্ব, বিয়া-সবাহ, খেন-ধেমালিত হৰিনাম শুনিবলৈ পােৱা যায়।
(ঘ) হৰিনামৰ ধ্বনিয়ে সকলােৰে মনত কেনে প্রভাৱ পেলায়?
উত্তৰঃ- হৰিনামৰ ধ্বনিয়ে সকলােৰে অন্তৰ পৱিত্ৰ কৰে।
(ঙ) নাও খেল কেতিয়া খেলা হয় ? ‘হৰিবােল’, ৰামবােল’ বুলি ডেকাহঁতে কেতিয়া চিঞৰে?
উত্তৰঃ- নাও খেল ভাদমহীয়া খেলা হয়।
(চ) মহাপুৰুষগৰাকীয়ে কি আদর্শ প্রচাৰ কৰিছিল জনগণৰ মাজত?
উত্তৰঃ- মহাপুৰুষগৰাকীয়ে উচ্চ-নীচ, ভেদা-ভেদ আঁতৰাই সকলোকে সমান চকুৰে চাইছিল এই আদর্শ প্রচাৰ কৰিছিল জনগণৰ মাজত।
(ছ) অসমীয়া ভাষাক কি উপায়েৰে পূর্ণতা দান কৰিছিল?
উত্তৰঃ- অসমীয়া ভাষাক হৰিনাম, কীৰ্তনৰ মাধ্যমৰ যোগেদি পূর্ণতা দান কৰিছিল।
(জ) নাৱৰীয়াহঁতে হৰিনাম গাই ক’ত নাও বাই যায়?
উত্তৰঃ- নাৱৰীয়াহঁতে হৰিনাম গাই বৰপেটাৰ বিখ্যাত ভাদমহীয়া নাওখেলত নাও বাই যায়।
৩। বাক্য ৰচনা কৰাঃ
শােক-তাপ – ভালসোকৰ মৃত্যু হ’লে সকলোৱে শোক-তাপ কৰে।
পৰাণ – মানুহজনে পৰাণ ত্যাগ কৰিলে।
নিজান – নিজান ৰাতি সৰু শব্দও ডাঙৰকৈ শুনা যায়।
সংকীর্তন – শাওনমাহত সকলোৱে লগলাগি সংকীৰ্তন কৰে।
সাম্য মন্ত্র – মহাত্মা গান্ধীয়েসকলোকে সাম্য মন্ত্ৰ ভাবে চাইছিল।
চউপাশে – আমাৰ ঘৰৰ চউপাশে তামোল গছ আছে।
জুৰা – মৃদু বতাহজাকে সকলোৰে দেহা-মন জুৰ পেলায় যায়।
৪। এটা শব্দত লিখা?
আৰ্হি এটা দিয়া হৈছে । মনােযােগেৰে চোৱা আৰু লিখা –
হাতী চলায় যিয়ে – মাউত।
নাও বায় যিয়ে – নাওঁৰীয়া।
পথাৰত গৰু চৰােৱা ল’ৰা – গৰখীয়া।
খেতি কৰে যিয়ে – খেতিয়ক।
মাটিৰ পাত্ৰ গঢ়া লােক – কমাৰ।
যি ঘৰত নাম কীর্তন কৰা হয় – নামঘৰ।
বাটে বাটে যােৱা লােক – বাটৰুৱা।
৫৷ ‘ ক ’ স্তম্ভৰ শব্দ কেইটাৰ লগত ‘ খ’স্তম্ভৰ শব্দকেইটা মিলাই লিখাঃ
‘ক’ ‘খ’
মহিমা খোল
নাও নীচ
পাপী জপি
উচ্চ বায়
মহামন্ত্ৰ গায়
তাল তাপী
উত্তৰঃ
মহিমা – জপি।
নাও – বায়।
পাপী – তাপী।
উচ্চ – নীচ।
মহামন্ত্ৰ – গায়।
তাল – খোল।