আগতে নিজে নিকা হ’
Chapter 15
১। শব্দ-অৰ্থঃ
নিকা – পৰিস্কাৰ, মল নথকা, স্পষ্ট, নিৰ্মল।
পখালি – ধুই নিকা কৰি, পানীৰে মেলি গুচাই।
আত্মিক – আপোন, নিজৰ, কুটুম
হিয়া – হৃদয়, অন্তৰ
তেনে – তেতিয়াহে, তেন্তে
দৃঢ়তা – স্থিৰতা, কঠিন, লৰচৰ নকৰা
মলি – মল, ধূলি মাকতি, ওখল।
১। প্ৰশ্নঃ
(ক) কি কৰিলে অইনৰ মন নিকা কৰিব পাৰি?
উত্তৰঃ- নিজৰ মনৰ মলি আঁতৰাই ল’ব পাৰিলেঅইনৰ মন নিকা কৰিব পাৰি।
(খ) কেতিয়া আমি সঁচা ক’ব লাগে?
উত্তৰঃ- আমি আনক সঁচা ক’বলৈ দিয়াৰ আগতেআমি সঁচ ক’ব লাগে।
(গ) সঁচা ক’বলৈ আমি কি কৰিব লাগিব?
উত্তৰঃ- সঁচা ক’বলৈ শিকি আমি দৃঢ়তাৰে তাৰ অনুশীলন কৰিব লাগিব।
(ঘ) কি কি কৰিলে ধন-সােণবােৰ আহি জমা হ’ব?
উত্তৰঃ- সত্যৰ ওপৰত আধাৰিত নিৰ্মল মনৰ অধিকাৰী হ’লে ধন-সােণবােৰ আহি জমা হ’ব।
(ঙ) কবিয়ে কথাখিনি কাক উদ্দেশ্য কৰি কৈছে ?
উত্তৰঃ- কবিয়ে কথাখিনি সেইবোৰ মানুহক উদ্দেশ্য কৰি কৈছে যিবোৰ মানুহ নিজে বেয়া হৈ আনক ভাল হোৱাৰ কথা কৈ থাকে।
২। বাক্য ৰচনা কৰা?
সঁচা – আমি সদায় সঁচা কথা ক’ব লাগে।
পখালি -আমি সদায় গা ধুই-পখালি থাকিব লাগে।
দৃঢ় – নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে আমাৰ দৃঢ়তা থাকিব লাগিব।
ভৰাই – ৰহিমে গছৰ পৰা আম পাৰি পাচিত ভৰাই থলে।
মলি – আনক ভাল হ’বলৈ দিয়াৰ আগতে আমি নিজৰ
হিয়া-মনৰ মলি ধুই-পখালি ল’ব ৰলাগে।
৩। কবিতাটিত কেবাটাও যৌগিক ক্রিয়া আছে । তাৰে তিনিটা বাছি উলিওৱা।
উত্তৰঃ নিকা, পখালি, সঁচা, দৃঢ়তাৰে, হোৱা, লোৱা, কোৱা, ৰোৱা।