Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 15 Answer আগতে নিজে নিকা হ’

আগতে নিজে নিকা হ’

Chapter 15

১। শব্দ-অৰ্থঃ
নিকা – পৰিস্কাৰ, মল নথকা, স্পষ্ট, নিৰ্মল।
পখালি – ধুই নিকা কৰি, পানীৰে মেলি গুচাই।
আত্মিক – আপোন, নিজৰ, কুটুম
হিয়া – হৃদয়, অন্তৰ
তেনে – তেতিয়াহে, তেন্তে
দৃঢ়তা – স্থিৰতা, কঠিন, লৰচৰ নকৰা
মলি – মল, ধূলি মাকতি, ওখল।

১। প্ৰশ্নঃ

(ক) কি কৰিলে অইনৰ মন নিকা কৰিব পাৰি?

উত্তৰঃ- নিজৰ মনৰ মলি আঁতৰাই ল’ব পাৰিলেঅইনৰ মন নিকা কৰিব পাৰি।

(খ) কেতিয়া আমি সঁচা ক’ব লাগে?

উত্তৰঃ- আমি আনক সঁচা ক’বলৈ দিয়াৰ আগতেআমি সঁচ ক’ব লাগে।

(গ) সঁচা ক’বলৈ আমি কি কৰিব লাগিব?

উত্তৰঃ- সঁচা ক’বলৈ শিকি আমি দৃঢ়তাৰে তাৰ অনুশীলন কৰিব লাগিব।

(ঘ) কি কি কৰিলে ধন-সােণবােৰ আহি জমা হ’ব?

উত্তৰঃ- সত্যৰ ওপৰত আধাৰিত নিৰ্মল মনৰ অধিকাৰী হ’লে ধন-সােণবােৰ আহি জমা হ’ব।

(ঙ) কবিয়ে কথাখিনি কাক উদ্দেশ্য কৰি কৈছে ?

উত্তৰঃ- কবিয়ে কথাখিনি সেইবোৰ মানুহক উদ্দেশ্য কৰি কৈছে যিবোৰ মানুহ নিজে বেয়া হৈ আনক ভাল হোৱাৰ কথা কৈ থাকে।

২। বাক্য ৰচনা কৰা?

সঁচা – আমি সদায় সঁচা কথা ক’ব লাগে।

পখালি -আমি সদায় গা ধুই-পখালি থাকিব লাগে।

দৃঢ় – নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে আমাৰ দৃঢ়তা থাকিব লাগিব।

ভৰাই – ৰহিমে গছৰ পৰা আম পাৰি পাচিত ভৰাই থলে।

মলি – আনক ভাল হ’বলৈ দিয়াৰ আগতে আমি নিজৰ

হিয়া-মনৰ মলি ধুই-পখালি ল’ব ৰলাগে।

৩। কবিতাটিত কেবাটাও যৌগিক ক্রিয়া আছে । তাৰে তিনিটা বাছি উলিওৱা।

উত্তৰঃ নিকা, পখালি, সঁচা, দৃঢ়তাৰে, হোৱা, লোৱা, কোৱা, ৰোৱা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects