Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 17 Answer মানুহে মানুহৰ বাবে

মানুহে মানুহৰ বাবে

Chapter 17

শব্দ অৰ্থ

দানৱ – অসুৰ, যিয়ে আনৰ অন্যায় কৰে।

কাহানি – কেতিয়া।

দোহৰা – একেইটা কথা পুনৰাই কোৱা, বাৰে বাৰে কোৱা

সহানুভূতি – আনৰ দুখত দুখী হোৱা ভাব।

কোবাল – অতিবেগী, তীৰ বেগি।

১ | চমু উত্তৰ দিয়াঃ

(ক) কবিয়ে পুৰণি কালৰ কোনটো পৰম্পৰা এতিয়া পালন কৰাটো ভুল হ’ব বুলি কৈছে?

উত্তৰঃ- কবিয়ে পুৰণি কালৰ ধনীলোকে দৰিদ্ৰলোকৰ ওপৰত কৰা অত্যাচাৰ এই পৰম্পৰা এতিয়া পালন কৰাটো ভুল হ’ব বুলি কৈছে।

(খ) মানুহৰ বিপদত সহায় কৰিবলৈ মানুহৰ বাহিৰে আন প্রাণী আছেনে?

উত্তৰঃ- মানুহৰ বিপদত সহায় কৰিবলৈ মানুহৰ বাহিৰে আন প্রাণী নাই।

(গ) মানুহে প্রকৃত মানুহৰ পৰিচয় দিবলৈ কি কৰা উচিত?

উত্তৰঃ- মানুহে প্রকৃত মানুহৰ পৰিচয় দিবলৈ মানৱীয় গুণ আয়ত্ত কৰা উচিত।

(ঘ) দানৱ কেতিয়াবা মানুহ হ’ব পাৰে বুলি তুমি ভাবানে? দানৱ আৰু মানৱৰ মাজত পার্থক্য কি?

উত্তৰঃ- দানৱ কেতিয়াবা মানুহ হ’ব পাৰে বুলি মই নাভাবো। দানৱ আৰু মানৱৰ মাজত পার্থক্য হ’ল দানৱৰ মানৱীয় গুণ নাই আনহাতে মানৱৰ মানৱীয় গুণ আছে।

(ঙ) এজন মানুহে আন এজন মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে বুলি কবিয়ে কিয় কৈছে?

উত্তৰঃ- এজন মানুহে আন এজন মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে কাৰণ এইটো মানৱীয় গুণ।

২। বুজি লােৱাঃ

জীৱনৰ কোবাল নদী অর্থাৎ মানুহৰ জীৱনলৈ অনবৰতে সুখ দুখ, ঘাত – প্রতিঘাত আহেই; সেয়েহে জীৱনটোক এখন বেগী নদীৰ সৈতে তুলনা কৰা হৈছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects