অনুশাসনৰ পূজাৰী ডাঃ হেডগেৱাৰ
Chapter 7
১। ডাঃ হেডগেৱাৰ সম্পূৰ্ণ নামটো কি আছিল?
উত্তৰঃ তেওঁৰ সম্পূৰ্ণ নামটো হ’ল ডাঃ কেশৱ বলিৰাম হেডগেৱাৰো।
২। কেশৱৰ মাক-দেউতাকৰ নাম কি আচিল?
উত্তৰঃ দেউতাকৰ নাম বলিৰাম পন্ত আৰু মাকৰ নাম ৰেৱতীবাঈ আছিল।
৩। কোন বিদেশী মহাৰাণীৰ জন্ম দিনত বিতৰণ কৰা মিঠাই তেওঁ দলিয়াই পেলাইছিল?
উত্তৰঃ মহাৰাণীৰ ভিক্তোৰিয়াৰ।
৪। তেওঁ কিমান চনত নেচনেল মেডিকেল কলেজত ডাক্তৰী পঢ়িবলৈ কলকাতালৈ আহিছিল?
উত্তৰঃ তেওঁ ১৯১০ চনত নেচনেল মেডিকেল কলেজত ডাক্তৰী পঢ়িবলৈ কলকাতালৈ আহিছিল।
৫। ডাঃ হেডগেৱাৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ডাঃ হেডগেৱাৰ ১৮৮৯ চনত শুক্লা প্ৰতিপদ তিথিত নাগপুৰৰ এটি দুখীয়া পৰিয়ালত জন্ম হৈছিল। তেওঁ পিতৃ নাম বলিৰাম পন্ত আৰু মাতৃ নাম ৰেৱতীবাঈ। আঠ বছৰ বয়সতে কেশৱৰ লগৰীয়া বন্ধু-বান্ধৱসকলে তেওঁৰ দেশভক্তিৰ উমান পাইছিল। ১৮৯৭ চনত মহাৰাণী ভিক্তোৰিয়াৰ ছঙ্ম বছৰ পূৰ্ণ হোৱাৰ বাবে তেওঁলোকে উৎসৱ পালন কৰিছিল সেই বাবে মিঠাই বিতৰণ কৰিছিল। সকলো মিঠাই খালে কিন্তু বালক কেশৱে সেই মিঠাই দলিয়াই পেলালে। তেওঁ ১৯১০ চনত কলকাতাৰ নেচনেল মেডিকেল কলেজত ডাক্তৰী পঢ়িছিল। কলকাতাৰ মেডিকেল কলেজত তেওঁ পাচঁ বছৰ পঢ়াৰ পাছত ডাক্তৰ হৈ ওলাই আহে। ডাঃ হেডগেৱাৰে হিন্দু মহাসভাৰ কামত আত্ম-নিয়োগ কৰিছিল। ১৯২৫ চনৰ বিজয়া দশমীৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপন কৰে। ডাঃ হেডগেৱাৰদেৱ আজি নাই সচাঁ কিন্তু তেওঁৰ আদৰ্শৰে সতলো অনুপ্ৰাণিত হৈ নিজৰ কৰ্তব্য় পথত অগ্ৰসৰ হোৱা বঞ্ছনীয়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post