জীৱ আৰু ইয়াৰ বৈশিষ্ট্য
পাঠ ১
১∣ জীৱদেহ গঠনৰ একক কি?
উত্তৰঃ জীৱদেহ গঠনৰ একক হৈছে – কোষ।
২∣ এককোষী জীৱ কি?
উত্তৰঃ যিবোৰ জীৱৰ দেহত এটা কোষ থাকে সেইবোৰেই হৈছে এককোষী জীৱ। যেনে – এমিবা, ইষ্ট, এণ্টামিবা, প্লাজম’ডিয়াম আদি।
৩∣ দুটা একোষী জীৱৰ উদাহৰণ দিয়া।
উত্তৰঃ দুটা একোষী জীৱৰ উদাহৰণ হৈছে – এমিবা আৰু ইষ্ট।
৪∣ জীৱ আৰু জড়ৰ দুটাকৈ পাৰ্থক্য লিখা।
উত্তৰঃ জীৱ আৰু জড়ৰ দুটা পাৰ্থক্য় হৈছে –
– জীৱৰ দেহত চেতনা থাকে। আনহাতে জড়ৰ দেহত চেতনা নাথাকে।
– জীৱৰ দেহত কোষ থাকে। আনহাতে জড় দেহত কোষ নাথাকে।
৫∣ তলত তালিকাৰ কোনবিলাক জড়?
চকী, ৰবৰ, কলম, গছ, হাতী, মকৰা, শিলগুটি, চকমাটি।
উত্তৰঃ জড়বিলাক হৈছে – চকী, ৰবৰ, কলম, শিলগুটি আৰুচকমাটি।
৬∣ জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা।
উত্তৰঃ জীৱৰ সাধাৰণ বৈশিষ্ট্য়সমূহ হৈছে –
– জীৱই জীয়াই থাকিবলৈ উশাহ-নিশাহ লোৱাৰ লগতে খাদ্য়ও গ্ৰহণ কৰে।
– জীৱৰ একক হৈছে কোষ।
– জীৱৰ বৃদ্ধি আৰু বিকাশ হয়।
– সকলো জীৱৰে বংশ বৃদ্ধি হয়।
৭∣ তলত কোনবোৰ জড় বস্তু এটা সময়ত জীৱৰ অংশ আছিল?
চামাৰাৰ বেগ, মেজ, ৰবৰ, চকমাটি, কলম, কাগজ, শিলগুটি, কপাহী কাপোৰ।
উত্তৰঃ এটা সময়ত জীৱৰ অংশ হিচাপে থকা বস্তুবোৰ হৈছে – চামৰাৰ বেগ, মেজ, ৰবৰ, কাগজ আৰু কপাহী কাপোৰ।
৮∣ সকলো জীৱই উশাহ-নিশাহত কি কি গেছ ব্যৱহাৰ কৰে?
উত্তৰঃ সকলো জীৱই উশাহ-নিশাহত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড গেছ ব্য়ৱহাৰ কৰা হয়।
উদ্ভিদে উশাহত কাৰ্বন-ডাই-অক্সাইড গেছ আৰু নিশাহত অক্সিজেন গেছ ব্য়ৱহাৰ কৰে।
আৰু আন প্ৰাণীয়ে উশাহত অক্সিজেন গেছ আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ ব্য়ৱহাৰ কৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post