Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Science Chapter 3 Answer জীৱ আৰু ইয়াৰ চৌপাশ

জীৱ আৰু ইয়াৰ চৌপাশ

পাঠ ৩

১। চমুটোকা লিখা –

(ক) পৰজীৱী প্ৰাণী, (খ) সহজীৱী প্ৰাণী, (গ) আৱাসস্থলী, (ঘ) সৰ্বভক্ষী প্ৰাণী, (ঙ) মৃতজীৱী, (চ) উৎপাদক, (ছ) উপভোক্তা, (জ) বিয়োজক, (ঋ) পৰাশ্ৰয়ী জীৱ।

উত্তৰঃ

পৰজীৱী প্ৰাণীঃ এই প্ৰাণীসমূহে আন জীৱদেহৰ ভিতৰত বা বাহিৰত থাকি সেই জীৱদেহৰ পৰাই খাদ্য় গ্ৰহণ কৰি জীৱন নিৰ্বাাহ কৰে। এই জীৱবোৰে মানুহ আৰু উদ্ভিদৰ দেহত বসবাস কৰি বেমাৰৰ সৃষ্টি কৰে। কলেৰা, টাইফয়ড, মেলেৰিয়া, আদি এনে পৰজীৱী প্ৰাণীৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ।

সহজীৱী প্ৰাণীঃ এই জীৱবোৰে ইটোৱে সিটোক জীয়াই থকাত সহায় কৰে। উদাহৰণস্বৰূপে ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াবিধে মাহজাতীয় শস্য়ৰ শিপাত আশ্ৰয় লয় আৰু গছডালক নাইট্ৰ’জেনৰ যোগ যোগান ধৰে। এনেদৰে ইটোৱে সিটোক সহায় কৰি জীৱন নিৰ্বাহ কৰে।

আৱাসস্থলীঃ জীৱই বাস কৰাা চৌপাশটোৱে হৈছে আৱাসস্থলী। আৱাসস্থলীৰ মূল উপাদান হৈছে – মাটি, পানী, বায়ু আৰু বিভিন্ন ধৰণৰ জীৱ। বিভিন্ন আৱাসস্থলীত তাৰ উপাদানসমূহ ভিন ভিন হোৱা দেখা যায়।

সৰ্বভক্ষী প্ৰাণীঃ এই ধৰণৰ প্ৰাণীসমূহে তৃণ আৰু মাংস সকলোবোৰ ভক্ষণ কৰে। মানুহ হৈছে ইয়াৰ উদাহৰণ।

মৃতজীৱীঃ এই ধৰণৰ জীৱবোৰে আন জীৱ-জন্তুৰ মল-মূত্ৰ, গেলা-পচা মৃতদেহ আদিৰ দেহত বাস কৰে আৰু তাৰ পৰাই খাদ্য় আহৰণ কৰে। এই জীৱবোৰে গেলা-পচা বস্তুবোৰ পচাই মাটিত মিহলি হোৱাত সহায় কৰে।

উৎপাদকঃ উৎপাদক হৈছে পৰিস্থিতিতন্ত্ৰৰ প্ৰথম শ্ৰেণী। ই দ্বিতীয় শ্ৰেণী জীৱৰ খাদ্য় হিচাপে ব্য়ৱহৃত হয়। ই কোনো ধৰণৰ খাদ্য় গ্ৰহণ নকৰে।

উপভোক্তাঃ ই এটা পৰিস্থিতিতন্ত্ৰত থাকি আন জীৱক খাদ্য় হিচাপে গ্ৰহণ কৰে। ই দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ অথবা ততোধিক শ্ৰেণীৰ হ’ব পাৰে।

বিয়োজকঃ ই গেলা-পচা বস্তুবোৰ পচাই মাটিৰ লগত মিলি যোৱাত সহায় কৰে। ই হৈছে এটা পৰিস্থিতিতন্ত্ৰৰ শেষৰ শ্ৰেণী।

পৰাশ্ৰয়ী জীৱঃ এই জীৱবোৰে আনৰ আশ্ৰয় লৈ জীয়াই থাকে। কিন্তু ই আশ্ৰয় হিচাপে লোৱা জীৱটোৰ কোনো অপকাৰ সাধন নকৰে।

২। উদ্ভিদে মানুহৰ কি কি উপকাৰ সাধন কৰে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ উদ্ভিদক বাদ দি প্ৰাণীসমূহ আৰু প্ৰাণীক বাদ দি উদ্ভিদ জীয়াই থাকিব নোৱাৰে। সকলো প্ৰাণীয়ে উশাহত অক্সিজেন লয় আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে। আৰু উদ্ভিদে উশাহত কাৰ্বন-ডাই-অক্সাইড গেছ লয় আৰু নিশাহত অক্সিজেন গেছ এৰি দিয়ে। এইদৰে উদ্ভিদে বায়ুমণ্ডলৰ গেছৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। তাৰোপৰি আমি উদ্ভিদৰ পৰা খাদ্য়, খৰি, ছাঁ আদিৰ দৰে বহুতো বস্তু পাওঁ।

৩। পৰিস্থিতিতন্ত্ৰ কি? উদাহৰণ দিয়া।

উত্তৰঃ এটা আৱাসস্থলত সাধাৰণতে প্ৰাণী আৰু উদ্ভিদবোৰে বিভিন্ন প্ৰক্ৰিয়াৰে সাঙোৰ খাই থকাকে পৰিস্থিতিতন্ত্ৰ বোলা হয়।

ইয়াৰ এটা উদাহৰণ হৈছে পুখুৰী।

৪। সালোক সংশ্লেষণত ব্যৱহাৰ হোৱা দুটা পদাৰ্থৰ নাম লিখা।

উত্তৰঃ সালোক সংশ্লেষণত ব্যৱহাৰ হোৱা দুটা পদাৰ্থৰ নাম হৈছে – কাৰ্বন-ডাই-অক্সাইড আৰু পানী।

৫। সেউজীয়া উদ্ভিদ নাথাকিলে কি হ’ব বৰ্ণনা কৰা।

উত্তৰঃ সেউজীয়া উদ্ভিদ নাথাকিলে পৃথিৱীত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব। আৰু অক্সিজেনৰ পৰিমাণ কমি যাব। আৰু এসময়ত পৃথিৱীত অক্সিজেন নোহোৱা হৈ যাব।

৬। খাদ্য-শৃংখলৰ ধাৰণাটো চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ খাদ্য়-শৃংখল এটাত উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায়, তৃণভোজী প্ৰণীক মাংসভোজী প্ৰাণীয়ে খায় আৰু মাংসভোজী প্ৰাণীৰ মৃতহেহ আন বিয়োজক সমূহে খায় ফলত আকৌ সেই ঠাইত নতুন তৃণৰ জন্ম হয়। এনেদৰে এটা খাদ্য়-শৃংখল পুনঃ চলি থাকে।

৭। আমাৰ শক্তিৰ প্ৰধান উৎস কি? ই কেনেকৈ প্ৰাণীৰ দেহলৈ আহে?

উত্তৰঃ আমাৰ শক্তিৰ প্ৰধান উৎস হৈছে খাদ্য়। ই আমাৰ দেহলৈ খাদ্য়-শৃংখলৰ জৰিয়তে আহে।

৮। জলচক্ৰ কাক বোলে বৰ্ণনা কৰা।

উত্তৰঃ ভূ-পৃষ্ঠৰ পানী শিপাই শুহি পাতেৰে বায়ুমণ্ডলত এৰি দিয়ে। আৰু বায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি হ’লে বৰষুণৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াটোকে জলচক্ৰ বোলা হয়।

৯। উদ্ভিদৰ বংশ বৃদ্ধিত পখিলাৰ ভূমিকা উল্লেখ কৰা।

উত্তৰঃ পখিলাই ৰেণু বিচাৰি এটা ফুলৰ পৰা আনটো ফুললৈ ঘূৰি ফুৰে। তেতিয়া সিহঁতৰ অজানিতে গাত লাগি এটা ফুলৰ পৰা ৰেণু আনটো ফুললৈ যায় আৰু পৰাগ যোগ ঘটে। পৰাগযোগৰ ফলত উদ্ভিদৰ বীজ বা গুটিৰ সৃষ্টি হয় আৰু ইয়াৰ পৰাই উদ্ভিদৰ বংশ বৃদ্ধি পায়। এনেদৰে উদ্ভিদৰ বংশ বৃদ্ধি হোৱাত পখিলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১০। বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড গেছ নিয়ন্ত্ৰণত উদ্ভিদৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ সকলো প্ৰাণীয়ে উশাহত অক্সিজেন লয় আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে। আৰু উদ্ভিদে উশাহত কাৰ্বন-ডাই-অক্সাইড গেছ লয় আৰু নিশাহত অক্সিজেন গেছ এৰি দিয়ে। এইদৰে উদ্ভিদে বায়ুমণ্ডলৰ গেছৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত ভূমিকা পালন কৰে।

১১। সহজীৱিতা আৰু পৰজীৱিতাৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ সহজীৱিতা আৰু পৰজীৱিতাৰ মাজত পাৰ্থক্য হৈছে –

– সহজীৱিতাত এটাই আনটোক সহায় কৰে। আনহাতে পৰজীৱিতাত পৰজীৱী জীৱই আশ্ৰয়দাতাৰ অপকাৰ সাধন কৰে।

– সহজীৱিতাত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়। আনহাতে পৰজীৱিতাত পৰজীৱী জীৱই আশ্ৰয়দাতাৰ দেহৰ পৰাই আহাৰ প্ৰস্তুত কৰে।

১২। উদ্ভিদে কেনেদৰে পৰিৱেশত জলচক্ৰ বজাই ৰাখে বৰ্ণনা কৰা।

উত্তৰঃ উদ্ভিদে শিপাৰ দ্বাৰা ভূ-গৰ্ভৰ পানী আহৰণ কৰি পাতেৰে বায়ুমণ্ডলত এৰি দিয়ে। এনেদৰে বায়ু মণ্ডলত জলীয় বাষ্পৰ পৰিমাণ বেছি হ’লে ই বৰষুণ হিচাপে মাটিত পৰে। সেই পানী আকৌ উদ্ভিদৰ শিপাই গ্ৰহণ কৰে। এনেদৰে উদ্ভিদে পৰিৱেশত জলচক্ৰ বজাই ৰাখে।

১৩। দুবিধ পৰজীৱী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ দুবিধ পৰজীৱী প্ৰাণীৰ নাম হৈছে – আকাশীলতা আৰু কপৌফুল।

১৪। পৰজীৱীৰ দ্বাৰা সৃষ্টি হোৱা উদ্ভিদৰ দুবিধ ৰোগ নাম লিখা।

উত্তৰঃ পৰজীৱীৰ দ্বাৰা সৃষ্টি হোৱা উদ্ভিদৰ দুবিধ ৰোগ নাম হৈছে – কলেৰা আৰু যক্ষ্মা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects