SVN Class 6 Social Science Chapter 12 Answer তাম্ৰ যুগ

তাম্ৰ যুগ

পাঠ নং – ১১ (খ)

১। চমুকৈ উত্তৰ দিয়া –

(ক) তাম্ৰ যুগ কেতিয়া আৰম্ভ হয় ?

উত্তৰঃ খ্ৰীষ্ট পূৰ্ব ১৮০০ ত তাম্ৰ যুগ আৰম্ভ হয়।

(খ) কোনখিনি সময়ক তাম্ৰ যুগ বুলি ধৰা হয় ?

উত্তৰঃ খ্ৰীষ্ট পূৰ্ব ১৮০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ১০০০ ৰ ভিতৰৰ সময়খিনিক তাম্ৰ যুগ বুলি ধৰা হয়।

(গ) তাম্ৰ যুগত মানুহে কি কি খেতি কৰিছিল ?

উত্তৰঃ তাম্ৰ যুগত মানুহে যৱ, বাৰ্লি, ধান আদিৰ খেতি কৰিছিল।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা –

(ক) তাম্ৰ যুগ আৰম্ভ হয় – আদি প্ৰস্তৰ যুগৰ শেষত/হৰপ্পা সভ্যতাৰ যুগত/নৱ প্ৰস্তৰ যুগৰ শেষত।

উত্তৰঃ নৱ প্ৰস্তৰ যুগৰ শেষত।

(খ) তাম্ৰ যুগৰ মানুহে ঘোঁৰা পুহিছিল/পোহা নাছিল।

উত্তৰঃ পুহিছিল।

(গ) তামেৰে নিৰ্মিত সা-সঁজুলিবোৰ নৱ প্ৰস্তৰ যুগতকৈ চকুত লগা আছিল/নাছিল।

উত্তৰঃ আছিল।

২। তাম্ৰ যুগৰ অধিবাসীকলৰ কৃষি আৰু পশুপালন সম্পৰ্কে এটি টোকা লিখা।

উত্তৰঃ তাম্ৰ যুগত কৃষিৰ ক্ষেত্ৰত বিশেষ উন্নতি পৰিলক্ষিত হয়। উন্নত সজুঁলিৰে ধান, যৱ, বাৰ্লি আৰু বিভিন্ন শস্য়ৰে খেতি কৰিছিল।

সেই যুগত গৰু, ছাগলী, ভেড়া, ম’হ, আদি জন্তু পুহিছিল। উটৰ জকাঁ আৱিষ্কাৰ হোৱালৈ চাই সেই সময়ত এইবিধ জন্তুও আছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে। 

৪। কোন কোন ঠাইত তাম্ৰ যুগৰ ভগ্নাৱশেষ পোৱা গৈছে ?

উত্তৰঃ পূব পাকিস্তান, বেলুচিস্তান, মধ্য়প্ৰদেশ, মহাৰাষ্ট্ৰ আদি দেশত তাম্ৰ যুগৰ ভগ্নাৱশেষ পোৱা গৈছে।

Scroll to Top