SVN Class 6 Social Science Chapter 20 Answer উন্নত জীৱনশৈলীৰ প্ৰয়োজনসমুহ

উন্নত জীৱনশৈলীৰ প্ৰয়োজনসমুহ

পাঠ নং – ১৯

১। মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ কেইটাভাগত ভগাব পাৰি আৰু কি কি? উদাহৰণসহ লিখা।

উত্তৰঃ মানুহৰ প্ৰয়োজনসমূহক বহলভাৱে দুটা ভাগত ভগাব পাৰি 一 ব্য়ক্তিগত প্ৰয়োজন আৰু সামাজিক প্ৰয়োজন। ব্য়ক্তিগত প্ৰয়োজন যেনে – ঘৰ, কাপোৰ, টকা, চাকৰি, গাড়ী, টিভি আদি। সামাজিক প্ৰয়োজন যেনে – ৰাস্তা-ঘাট, চিকিৎসালয়, মন্দিৰ, মছজিদ, গিৰ্জা, ন্য়ায়ালয় আদি।

২। জীৱন ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ জীৱন ধাৰণৰ মান উন্নয়নত ব্য়ক্তিগত সামগ্ৰীসমূহ হৈছে – মানুহে নিজৰ আৰু পৰিয়ালৰ ব্য়ক্তিগতৰ জীৱনটো ভালকৈ আগোৱাই যাবলৈ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন বোধ কৰে সেইবোৰে হৈছে মানুহৰ ব্য়ক্তিগত প্ৰয়োজন। সেইবোৰ হ’ল ৰন্ধন গেছ, টেলিফোন, গাড়ীৰ, ফ্ৰীজ চেলিভিছন ইত্য়াদি। সেইবোৰে মানুহৰ ব্য়ক্তিগত জীৱনত অভাৱ পূৰ কৰে। এজন কৃষকক নাঙল আৰু গৰু প্ৰয়োজন। কাপোৰ বোৱা শিপিনীৰ বাবে তাঁতশাল, চিকিৎসকৰ বাবে চিকিৎসা সঁজুলি আৰু শিক্ষকৰ বাবে পাঠদানৰ সঁজুলি প্ৰয়োজন।

৩। পুথিভঁৰালৰ আৱশ্যকতা বুজাই লিখা।

উত্তৰঃ শিক্ষাৰ লাভ কৰিবলৈ আমাক পুথিভঁৰাল প্ৰয়োজন। পুথিভঁৰাল হৈছে যি ঠাইত কিতাপ পত্ৰবোৰ অধ্য়য়ন কৰি জমা কৰি থোৱা হয় তাকে পুথিভঁৰাল বোলে।

৪। সামাজিক নিৰাপত্তা প্ৰদানত আৰক্ষীৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ এখন সমাজত সুস্থ-সবল আৰু শান্তিপূৰ্ণভাৱে জীৱাই থাকিবলৈ মানুহক যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয় সেইবোৰকে সামাজিক প্ৰয়োজন। সামাজিক প্ৰয়োজন সমূহে আমাৰ সমাজৰ অভাৱ পূৰণ কৰে। যেনে- জনস্বাস্থ্য়, শিক্ষা ব্য়ৱস্থা, ধৰ্ম-সংস্কৃতি, মানৱীয় গুণ আৰু সামাজিক নিৰাপত্তা আদি এইবোৰ হৈছে সামাজিক প্ৰয়োজন।

আৰক্ষী থানা, মানৱাধিকাৰ আয়োগ আৰু ন্য়ায়লয় আদিয়ে আমাক সামাজিক নিৰাপত্তা প্ৰদান কৰে। সামাজিক একতা আৰু শৃংখলা ৰক্ষাত সহায় কৰে। 
Scroll to Top