Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 21 Answer জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

পাঠ নং- ২০

১। প্ৰযুক্তি কাক বোলে?

উত্তৰঃ কোনো কাৰ্য পৰিচালনা আৰু সম্পাদন কৰাৰ বাবে বৈজ্ঞানিক চিন্তা-চৰ্চা, আহিলা-পাতি আৰু কৌশল আদি প্ৰয়োগ কৰাকে প্ৰযুক্তি বুলি কোৱা হয়।

২। জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিয়ে কিদৰে সহায় কৰিছে আলোচনা কৰা।

উত্তৰঃ প্ৰযুক্তিয়ে আমাক আৰাম আৰু সুবিধা দিয়াৰ উপৰি কম সময়ত আমাৰ কাম শেষ কৰাৰ সুবিধা কৰি দিছে। যাতায়ত, যোগাযোগ, চিকিৎসা আদি ব্য়ৱস্থা উন্নত হৈছে। সংস্কৃতিৰ আদান-প্ৰদান হৈছে। খেতি পথাৰত উৎপাদন বৃদ্ধি হৈছে। কম্পিউটাৰ, ইণ্টাৰনেট, টেলিফোন, ম’বাইল, উপগ্ৰহ আদিৰ ব্য়ৱহাৰে পৃথিৱীখনক ওচৰ চপাই আনি এখন ডাঙৰ গাওঁত পৰিৱৰ্তন কৰিছে। এনেদৰেই প্ৰযুক্তিয়ে জীৱন-ধাৰণৰ উন্নয়নত সহায় কৰিছে।

৩। প্ৰকৃতিৰপৰা আমি কি কি শক্তি লাভ কৰোঁ আৰু ই আমাক কেনেকুৱা অভাৱ পূৰণ কৰে ?

উত্তৰঃ প্ৰকৃতিৰ পৰা আমি সৌৰশক্তি, বিজুলী শক্তি, গোবৰ গেছ আদি লাভ কৰোঁ। এই শক্তিসমূহ আহৰণ কৰি প্ৰযুক্তিৰ সহায় লৈ আমি দৈনন্দিন জীৱনত প্ৰয়োজনীয় বহুতো কাৰ্য সমাধান কৰিব পাৰোঁ।

৪। খালী ঠাই পূৰ কৰাঃ

ক) মানুহৰ অভাৱ অপৰিসীম।

(খ) অভাৱেই আৱিষ্কাৰৰ মূল।

(গ) আধুনিক শিক্ষাৰ প্ৰসাৰৰ লগে লগে মানুহে বিজ্ঞানসন্মতভাৱে চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে।

(ঘ) ৰে’ল, মটৰ, উৰাজাহাজৰ আৱিষ্কাৰৰ ফলত যাতায়ত সুচল আৰু খৰতকীয়া হৈছে ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects