Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 22 Answer কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

পাঠ নং- ২১

১। মানুহৰ বৃত্তিসমূহ কি কি অৰ্থনৈতিক ক্ষেত্ৰৰ অন্তৰ্ভুক্ত ?

উত্তৰঃ মানুহৰ বৃত্তিসমূহ কৃষি, উদ্য়োগ আৰু সেৱাখণ্ডৰ অন্তৰ্ভুক্ত।

২। সেৱা খণ্ড বুলিলে কি বুজা ? সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ সেৱাখণ্ড বুলি ক’লে আমি সেইবোৰ ব্য়ৱস্থা বুজো যিবোৰে পোনপটীয়াকৈ কোনো সামগ্ৰী উৎপাদন নকৰে যদিও পৰোক্ষভাৱে উৎপাদনত সহায় কৰে আৰু আমাৰ বিভিন্ন অভাৱ পূৰণ কৰে।

সেৱা খণ্ডত প্ৰযুক্তিৰ ব্য়ৱহাৰে যথেষ্ট উন্নতি কৰিছে। শিক্ষা খণ্ডত এতিয়া দৃশ্য়-শ্ৰব্য়ৰ মাধ্য়মেৰে শিক্ষা প্ৰদান কৰা হয়। চিকিৎসাৰ ক্ষেত্ৰত এক্স-ৰে, আলট্ৰা ছাউণ্ড, চি টি স্কেন, এম আৰ আই, পেট চি টি আদি মেচিনৰ সহায়ত আজিকালি দুৰাৰোগ্য় ৰোগৰ চিনাক্তকৰণ অতি সহজতে সোনকালে কৰিব পাৰি। পৰিবহণ ব্য়ৱস্থাতো চাইকেল, ৰিক্সা, বাছ, মটৰগাড়ী, ৰে’ল গাড়ী, উৰাজাহাজ আদিৰ সহায়ত অতি সময়ৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ যোৱা সম্ভৱ হ’ল। যোগাযোগ ব্য়ৱস্থাত প্ৰযুক্তিয়ে বৃহৎ পৰিৱৰ্তন আনিছে। ইণ্টাৰনেটৰ ব্য়ৱহাৰে পৃথিৱীখনক এখন ডাঙৰ গাওঁলৈ ৰূপন্তৰ কৰিছে।

৩। কুটীৰ উদ্যোগ কাক বোলে ?

উত্তৰঃ যিবোৰ শিল্প কম মূলধনেৰে ঘৰুৱাভাৱে প্ৰতিষ্ঠা কৰিব পাৰি আৰু যন্ত্ৰৰ ব্য়ৱহাৰ কম হয় তেনে শিল্প বা উদ্য়োগক কুটীৰ উদ্য়োগ বোলে।

৪। আমাৰ দেশত থকা বৃহৎ উদ্যোগৰ নাম লিখা।

উত্তৰঃ আমাৰ দেশত থকা বৃহৎ উদ্যোগৰ নাম 一 চাহ উদ্য়োগ, তেল উদ্য়োগ, লো-তীখা উদ্য়োগ, কাগজ উদ্য়োগ, মৰাপাট উদ্য়োগ, বস্ত্ৰ উদ্য়োগ, শক্তি উদ্য়োগ, সাৰ উদ্য়োগ আদি।

৫। পৰিবহন কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ পৰিবহন তিনি প্ৰকাৰৰ। সেইকেইটা হৈছে 一 পথ পৰিবহন, জল পৰিবহন আৰু আকাশী পৰিবহন।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects