পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
পাঠ নং – ৪
এই পাঠটোত প্ৰশ্ন নাই –
মনত ৰাখিবলগীয়া কথা
? পৃথিৱীৰ মুঠ চাৰিটা মণ্ডল আছে – স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল ।
?পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট উচ্চতা ৮,৮৪৮ মিটাৰ ।
?পৃথিৱীৰ গভীৰতম খাদ হ’ল মেৰিয়ানা খাদ, যাৰ গভীৰতা ১১,০২২ মিটাৰ ।
?জলমণ্ডলে পৃথিৱীৰ ৭১ শতাংশ এলেকা আগুৰি আছে ।
?পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন হ’ল এছিয়া । আটাতকৈ সৰু মহাদেশখন হ’ল ওচেনিয়া ।
?প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰ ।
?ৰ’কী পৰ্বত উত্তৰ আমেৰিকাৰ পশ্চিম সীমান্তত থকা এশাৰী পৰ্বতমালা ।
?উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক পানামা যোজকে সংযোগ কৰিছে ।
?একমাত্ৰ আফ্ৰিকাৰ মাজেৰে বিষুৱ, কৰ্কক্ৰান্তি আৰু মকৰক্ৰান্তি – এই তিনিওডাল ৰেখা পাৰ হৈ গৈছে ।
?বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা গেছবিধ হ’ল নাইট্ৰ’জেন ।
?বিজুলী, ঢেৰেকনি, বতাহ, বৰষুণ প্ৰধানকৈ বায়ুমণ্ডলৰ ট্ৰপ ‘স্ফিয়েৰত সংঘটিত হয় ।