Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 15 Answer কাজিৰঙা নহয় অভয়াৰণ্য

Chapter 15

কাজিৰঙা নহয় অভয়াৰণ্য

২। কাজিৰঙা ক’ত অৱস্থিত ?

উত্তৰঃ কাজিৰঙা গােলাঘাট , কাৰ্বি আংলং আৰু নগাওঁ জিলা সংলগ্ন কৰি , ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত ।

৩। কাজিৰঙা কিয় অভয়াৰণ্য নহয় বুলি কৈছে ?

উত্তৰঃ এসময়ত অৰণ্যৰ বুকুত ঋষি – মুনিসকলে তপস্যা কৰি জ্ঞান লাভ কৰিছিল । তপস্যালব্ধ সেই জ্ঞান তেওঁলােকে মানুহক বিলাইছিল । এনেকৈয়ে জন্ম হৈছিল বহুতাে জ্ঞানী – গুণী মনীষীৰ কাজিৰঙাও তেনে এক পৱিত্ৰ সেউজ ভূখণ্ডহে । সেয়ে কবিয়ে কাজিৰঙাক সাধাৰণ মানুহে ভবাৰ দৰে হিংস্র জীৱ – জন্তুৰে ভৰা এখন অৰণ্য নহয় বুলি কৈছে ৷

৪। ‘ জন অৰণ্য ’ মানে কি ?

উত্তৰঃ ‘ জন অৰণ্য ’ মানে জন জনবসতিপূর্ণ ।

৫। অৰণ্যই যুগে যুগে কি জন্ম দিছে ?

উত্তৰঃ সাধনা ব্ৰতী ঋষি , মুনি আৰু মনীষীৰ জন্ম দিছে ।

৬। কবিৰ আপােন বস্তুবােৰ কি কি ?

উত্তৰঃ কবিৰ আপােন বস্তুবােৰ হৈছে কাজিৰঙাত অৱস্থিত কঁহৰা নামৰ ঠাইখন , বাগৰী , কাজিৰঙাৰ ওচৰেৰে বৈ যােৱা বৰলুইতখন , ডিফলু নদীখন আৰু মৰম লগা কুঠৰী অর্থাৎ সৰু সৰু ঘৰবােৰ ।

৭। কবিতাটিত কি কি জন্তুৰ কথা উল্লেখ কৰিছে ?

উত্তৰঃ কবিতাটিত উল্লেখ থকা জন্তুবােৰ হৈছে — হাতী , বাঘ এক খৰ্গৰ গড় আৰু হৰিণা ।

৮। কবিতাটিৰ মাজেৰে কবিৰ প্ৰকৃতিপ্রীতি কিদৰে প্ৰকাশ পাইছে চমুকৈ লিখা ।

উত্তৰঃ কবিতাটিত কবিৰ প্রকৃতিপ্রীতি সুন্দৰভাবে প্রকাশ পাইছে । প্রকৃতিৰ দান কাজিৰঙাক কবিয়ে ইমান ভাল পায় যে ইয়াক তেওঁ তেওঁৰ সেউজ সপােন বুলি কৈছে । ইয়াৰ ওচৰেৰে বৈ যােৱা বৰলুইতখন আৰু ডিফলু নৈ খনে তেওঁৰ বৰ আপােন আপােন লাগে । কাজিৰঙাৰ বুকুত বাস কৰা হাতী , এশিঙীয়া গঁড় , হৰিণাকে সকলাে জীৱ – জন্তুকে তেওঁ ভাল পায় । পখীৰ সুৱদী মাত শুনিলে কবিৰ মন পুলকিত হৈ উঠে৷

৯। কাজিৰঙাৰ দৰে পৃথিৱীয়ে কিয় চায় বুলি কৈছে ?

উত্তৰঃ কাজিৰঙাত থকা এক খৰ্গৰ গঁড়ৰ বাবে চায় ।

১০। কাজিৰঙাৰ দৰে অসমত থকা দুখন অভয়াৰণ্যৰ নাম লিখা ।

উত্তৰঃ মানস আৰু পবিতৰা ।

১১। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—

( ক ) “ জনৰ অৰণ্যত হিংস্রজনে

      কাহানি শিকিবনাে তাক 



      সভ্য মানুহ হেনো মান । ” 

উত্তৰঃ FOR STUDENTS

প্রশ্ন ১৩। তলৰ শব্দবােৰত কি কাৰণত , ণ , ৰ হৈছে লিখা ।

  ঋষি , হৰিণ , পূণ্য , হর্ষ , কণ্ঠ , প্রণাম , প্রতিষ্ঠান , ৰাৱণ , পাষাণ, বৰষুণ , বিষম ৷

উত্তৰঃ ঋষি :- অ আ ভিন্ন অন্য স্বৰবৰ্ণ , বা ক , বা ৰ – ৰ পাছত থকা প্রত্যয়ৰ ‘স’ মূর্ধন্য ‘ষ’ হয় ।

হৰিণ :- ঋ , ৰ ‘ষ’ আৰু ন-ৰ মাজত স্বৰবৰ্ণ , ক বর্গ বা প বৰ্গৰ বৰ্ণ , য , ৱ হ আৰু অনুস্বাৰ থাকিলে দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হয় ।

পূণ্য :- স্বাভাৱিকতে মূর্ধণ্য ‘ণ’ হৈছে ।

হর্ষ :- স্বাভাৱিকতে মূর্ধণ্য ‘ষ’ হৈছে ।

কণ্ঠ :- ট বর্গৰ আখৰ যুক্ত হলে দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হয় ।

প্রণাম :- ৰ – ৰ পাছত থকা নম্ ধাতুৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে ।

প্রতিষ্ঠান :- ই কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে ।

অনুষ্ঠান :- উ কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে ।

ৰাৱণ :- ৰ আৰু ন-ৰ মাজত ৱ থকা বাবে দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে ।

পাষাণ :- ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ থকা বাবে দন্ত্যন ‘ন’ মূর্ধন্য ‘ণ’ হৈছে ।

বৰষুণ :- ষ-ৰ পাছত থকা দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে।

বিৰম :- বি উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে ।

১৪। সমার্থক শব্দ লিখা –

   অৰণ্য , ঋষি , আপােন , মৰম , পৃথিৱী , সভ্য , হস্তী , ব্যাঘ্র , হিংস্র ।

উত্তৰঃ অৰণ্য – হাবি , বননি , জংঘল ।

ঋষি – মুনি , তপস্বী ৷

আপােন – আত্মীয় , নিজৰ ।

মৰম – স্নেহ , ভালপােৱা ।

পৃথিৱী – ধৰণী , ধৰা , বসুমতী ।

সভ্য – ভদ্র , শিষ্ট ।

হস্তী – হাতী , কৰী , গজ , মাতঙ্গ ।

ব্যঘ্র – বাঘ ।

হিংস্র – হিংসুক , হিংসাকুৰীয়া ।

১৫। আগত ‘ অ ‘ আৰু ‘ বি ’ উপসর্গ থকা তিনিটাকৈ শব্দ লিখা ।

      (আহি = হিংসা – অহিংসা , দেশ – বিদেশ ) 

উত্তৰঃ চিনাকি – অচিনাকি ।

সুখ – অসুখ ।

পৈণত – অপৈণত ।

পথ – বিপথ ।

ৰাগ – বিৰাগ ।

লয় – বিলয় ।

১। কবিতাটিৰ মূল ভাব লিখা ।

উত্তৰঃ ‘ কাজিৰঙা নহয় অভয়াৰণ্য ’ কবিতাটিত কবিৰ প্রকৃতি প্রীতি প্রকাশ পাইছে । কাজিৰঙা অকল এখন অভয়াৰণ্য নহয় । তাত হিংস্র জন্তু থাকিলেও ভয়াৱহতা নাই । মানুহৰ পৰাহে যেন বেছি ভয়াবহতা নামি আহে । এসময়ত বনাঞ্চল বা পর্বত – পাহাৰতে ঋষি – মুনিসকলে তপস্যা কৰিছিল । লুইতৰ পাৰত কাজিৰঙাও তেনে এক পৱিত্ৰ সেউজ ভূখণ্ডহে । ই অনন্য । জীৱশ্রেষ্ঠ বুলি কোৱা মানুহেহে হিংস্ৰ হৈ উঠিছে । গড় , হাতী , বাঘ আদি জন্তুবােৰ জধে – মধে হত্যা কৰিছে । কাজিৰঙাত গঁড় হৰিণাৰ জাকে মিলি জুলি খেলে। সভ্য বুলি ভবা আমি মানুহবােৰে কাজিৰঙাৰ পৰা এইবােৰৰ কথা শিকিব লাগে ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects