SVN Class 7 Assamese Chapter 15 Answer কাজিৰঙা নহয় অভয়াৰণ্য

Chapter 15

কাজিৰঙা নহয় অভয়াৰণ্য

২। কাজিৰঙা ক’ত অৱস্থিত ?

উত্তৰঃ কাজিৰঙা গােলাঘাট , কাৰ্বি আংলং আৰু নগাওঁ জিলা সংলগ্ন কৰি , ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত ।

৩। কাজিৰঙা কিয় অভয়াৰণ্য নহয় বুলি কৈছে ?

উত্তৰঃ এসময়ত অৰণ্যৰ বুকুত ঋষি – মুনিসকলে তপস্যা কৰি জ্ঞান লাভ কৰিছিল । তপস্যালব্ধ সেই জ্ঞান তেওঁলােকে মানুহক বিলাইছিল । এনেকৈয়ে জন্ম হৈছিল বহুতাে জ্ঞানী – গুণী মনীষীৰ কাজিৰঙাও তেনে এক পৱিত্ৰ সেউজ ভূখণ্ডহে । সেয়ে কবিয়ে কাজিৰঙাক সাধাৰণ মানুহে ভবাৰ দৰে হিংস্র জীৱ – জন্তুৰে ভৰা এখন অৰণ্য নহয় বুলি কৈছে ৷

৪। ‘ জন অৰণ্য ’ মানে কি ?

উত্তৰঃ ‘ জন অৰণ্য ’ মানে জন জনবসতিপূর্ণ ।

৫। অৰণ্যই যুগে যুগে কি জন্ম দিছে ?

উত্তৰঃ সাধনা ব্ৰতী ঋষি , মুনি আৰু মনীষীৰ জন্ম দিছে ।

৬। কবিৰ আপােন বস্তুবােৰ কি কি ?

উত্তৰঃ কবিৰ আপােন বস্তুবােৰ হৈছে কাজিৰঙাত অৱস্থিত কঁহৰা নামৰ ঠাইখন , বাগৰী , কাজিৰঙাৰ ওচৰেৰে বৈ যােৱা বৰলুইতখন , ডিফলু নদীখন আৰু মৰম লগা কুঠৰী অর্থাৎ সৰু সৰু ঘৰবােৰ ।

৭। কবিতাটিত কি কি জন্তুৰ কথা উল্লেখ কৰিছে ?

উত্তৰঃ কবিতাটিত উল্লেখ থকা জন্তুবােৰ হৈছে — হাতী , বাঘ এক খৰ্গৰ গড় আৰু হৰিণা ।

৮। কবিতাটিৰ মাজেৰে কবিৰ প্ৰকৃতিপ্রীতি কিদৰে প্ৰকাশ পাইছে চমুকৈ লিখা ।

উত্তৰঃ কবিতাটিত কবিৰ প্রকৃতিপ্রীতি সুন্দৰভাবে প্রকাশ পাইছে । প্রকৃতিৰ দান কাজিৰঙাক কবিয়ে ইমান ভাল পায় যে ইয়াক তেওঁ তেওঁৰ সেউজ সপােন বুলি কৈছে । ইয়াৰ ওচৰেৰে বৈ যােৱা বৰলুইতখন আৰু ডিফলু নৈ খনে তেওঁৰ বৰ আপােন আপােন লাগে । কাজিৰঙাৰ বুকুত বাস কৰা হাতী , এশিঙীয়া গঁড় , হৰিণাকে সকলাে জীৱ – জন্তুকে তেওঁ ভাল পায় । পখীৰ সুৱদী মাত শুনিলে কবিৰ মন পুলকিত হৈ উঠে৷

৯। কাজিৰঙাৰ দৰে পৃথিৱীয়ে কিয় চায় বুলি কৈছে ?

উত্তৰঃ কাজিৰঙাত থকা এক খৰ্গৰ গঁড়ৰ বাবে চায় ।

১০। কাজিৰঙাৰ দৰে অসমত থকা দুখন অভয়াৰণ্যৰ নাম লিখা ।

উত্তৰঃ মানস আৰু পবিতৰা ।

১১। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—

( ক ) “ জনৰ অৰণ্যত হিংস্রজনে

      কাহানি শিকিবনাে তাক 



      সভ্য মানুহ হেনো মান । ” 

উত্তৰঃ FOR STUDENTS

প্রশ্ন ১৩। তলৰ শব্দবােৰত কি কাৰণত , ণ , ৰ হৈছে লিখা ।

  ঋষি , হৰিণ , পূণ্য , হর্ষ , কণ্ঠ , প্রণাম , প্রতিষ্ঠান , ৰাৱণ , পাষাণ, বৰষুণ , বিষম ৷

উত্তৰঃ ঋষি :- অ আ ভিন্ন অন্য স্বৰবৰ্ণ , বা ক , বা ৰ – ৰ পাছত থকা প্রত্যয়ৰ ‘স’ মূর্ধন্য ‘ষ’ হয় ।

হৰিণ :- ঋ , ৰ ‘ষ’ আৰু ন-ৰ মাজত স্বৰবৰ্ণ , ক বর্গ বা প বৰ্গৰ বৰ্ণ , য , ৱ হ আৰু অনুস্বাৰ থাকিলে দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হয় ।

পূণ্য :- স্বাভাৱিকতে মূর্ধণ্য ‘ণ’ হৈছে ।

হর্ষ :- স্বাভাৱিকতে মূর্ধণ্য ‘ষ’ হৈছে ।

কণ্ঠ :- ট বর্গৰ আখৰ যুক্ত হলে দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হয় ।

প্রণাম :- ৰ – ৰ পাছত থকা নম্ ধাতুৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে ।

প্রতিষ্ঠান :- ই কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে ।

অনুষ্ঠান :- উ কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে ।

ৰাৱণ :- ৰ আৰু ন-ৰ মাজত ৱ থকা বাবে দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে ।

পাষাণ :- ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ থকা বাবে দন্ত্যন ‘ন’ মূর্ধন্য ‘ণ’ হৈছে ।

বৰষুণ :- ষ-ৰ পাছত থকা দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে।

বিৰম :- বি উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে ।

১৪। সমার্থক শব্দ লিখা –

   অৰণ্য , ঋষি , আপােন , মৰম , পৃথিৱী , সভ্য , হস্তী , ব্যাঘ্র , হিংস্র ।

উত্তৰঃ অৰণ্য – হাবি , বননি , জংঘল ।

ঋষি – মুনি , তপস্বী ৷

আপােন – আত্মীয় , নিজৰ ।

মৰম – স্নেহ , ভালপােৱা ।

পৃথিৱী – ধৰণী , ধৰা , বসুমতী ।

সভ্য – ভদ্র , শিষ্ট ।

হস্তী – হাতী , কৰী , গজ , মাতঙ্গ ।

ব্যঘ্র – বাঘ ।

হিংস্র – হিংসুক , হিংসাকুৰীয়া ।

১৫। আগত ‘ অ ‘ আৰু ‘ বি ’ উপসর্গ থকা তিনিটাকৈ শব্দ লিখা ।

      (আহি = হিংসা – অহিংসা , দেশ – বিদেশ ) 

উত্তৰঃ চিনাকি – অচিনাকি ।

সুখ – অসুখ ।

পৈণত – অপৈণত ।

পথ – বিপথ ।

ৰাগ – বিৰাগ ।

লয় – বিলয় ।

১। কবিতাটিৰ মূল ভাব লিখা ।

উত্তৰঃ ‘ কাজিৰঙা নহয় অভয়াৰণ্য ’ কবিতাটিত কবিৰ প্রকৃতি প্রীতি প্রকাশ পাইছে । কাজিৰঙা অকল এখন অভয়াৰণ্য নহয় । তাত হিংস্র জন্তু থাকিলেও ভয়াৱহতা নাই । মানুহৰ পৰাহে যেন বেছি ভয়াবহতা নামি আহে । এসময়ত বনাঞ্চল বা পর্বত – পাহাৰতে ঋষি – মুনিসকলে তপস্যা কৰিছিল । লুইতৰ পাৰত কাজিৰঙাও তেনে এক পৱিত্ৰ সেউজ ভূখণ্ডহে । ই অনন্য । জীৱশ্রেষ্ঠ বুলি কোৱা মানুহেহে হিংস্ৰ হৈ উঠিছে । গড় , হাতী , বাঘ আদি জন্তুবােৰ জধে – মধে হত্যা কৰিছে । কাজিৰঙাত গঁড় হৰিণাৰ জাকে মিলি জুলি খেলে। সভ্য বুলি ভবা আমি মানুহবােৰে কাজিৰঙাৰ পৰা এইবােৰৰ কথা শিকিব লাগে ।