বিশ্বামিত্ৰৰ পৰিকল্পনা
অধ্যায় ২
(ক) উত্তৰ দিয়া-
1| ভাৰতৰ কোন দিশে লঙ্কা দ্বীপ অৱস্থিত ?
উত্তৰ:- ভাৰতৰ দক্ষিণ দিশে লঙ্কা দ্বীপ অৱস্থিত ।
2| ত্ৰেতাযুগত কোনে লঙ্কাত ৰাজত্ব কৰিছিল ?
উত্তৰ:- ত্ৰেতাযুগত ৰাৱণ নে লঙ্কাত ৰাজত্ব কৰিছিল ।
3| ৰাৱণৰ কি কি দোষ আছিল ? সেই দোষবোৰৰ বাবে তেওঁক কি বুলি অভিহিত কৰা হৈছিল ?
উত্তৰ:- ৰাৱণৰ দোষ বোৰ হ’ল-
(ক) সাধু-সন্তসকলক দুখ-কষ্ট দিয়া
(খ) দুখীয়া-দৰিদ্ৰক অত্যাচাৰ কৰা
(গ) মদ-মাংস আদি খোৱা আৰু
(ঘ) চল-চাতুৰীৰে আনৰ ধন লুটি নিযা আদি
এনে দোষ বোৰ কাৰণে তেওঁক ৰাক্ষস বুলি অভিহিত কৰিছিল ।
4| ৰাৱণক কিয় দশানন বোলা হৈছিল ?
উত্তৰ:- ৰাৱণক দশানন বোলা কাৰণ তেওঁ দহজন মানুহৰ শক্তি আৰু দহখন মুখ থকা বাবে দশানন বোলা গৈছিল ।
5| ৰাৱণৰ ভায়েক দুজনৰ নাম কি ?
উত্তৰ:- ৰাৱণৰ ভাত্রেক দুজন হ’ল কুম্ভকৰ্ণ আৰু বিভীষণ ।
6| বিশ্বামিত্ৰ কোন আছিল ?
উত্তৰ:- বিশ্বামিত্ৰ বৰ জ্ঞানী আৰু তপস্বী আছিল ।
7| বিশ্বামিত্ৰই ৰাম-লক্ষ্মণক কিয় লগত নিব খুজিছিল ?
উত্তৰ:- বিশ্বামিত্ৰই ৰাম-লক্ষ্মণক ৰাৱণ আৰু তেওঁ ৰাক্ষসবোৰক ধ্বংস কৰিবলৈ লগত নিব খুজিছিল ।
8| দশৰথ ৰজাৰ গুৰুৰ নাম কি আছিল ?
উত্তৰ:- দশৰথ ৰজাৰ গুৰুৰ নাম বিশ্বামিত্ৰ আছিল ।
(খ) খালী ঠাই পূৰ কৰা-
1| ৰাৱণৰ শৰীৰত দহ জন মানুহৰ শক্তি আছিল ।
2| আনন মানে মুখ ।
3| ৰাৱণৰ ভনীয়েকৰ নাম শূৰ্পনখা ।
Question Answer By Bikash Bora
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post