SVN Class 7 Assamese Chapter 17 Answer ৰবৰৰ – আৱিষ্কাৰ

Chapter 17

ৰবৰৰ – আৱিষ্কাৰ

১। উত্তৰ দিয়া –

( ক ) ‘ ৰবৰ ’ ৰ নামকৰণ কোনে কৰিছিল ?

উত্তৰঃ ‘ ৰবৰ ’ ৰ নামকৰণ বিজ্ঞানী প্রিন্টলিয়েকৰিছিল ।

( খ ) আমেৰিকাৰ থলুৱা বাসিন্দাসকলে কেতিয়া ৰবৰৰ বিষয়ে জানিব পাৰিছিল ?

উত্তৰঃ একাদশ শতিকাৰ আগেয়েই জানিব পাৰিছিল ।

( গ ) কলম্বাছে কেতিয়া আৰু কোন ঠাইলৈ দ্বিতীয় বাৰ ভ্ৰমণ কৰিছিল আৰু তেওঁ তাত কি দেখিছিল ?

উত্তৰঃ ১৪৯৩ চনত হেইটিলৈ কলম্বাছে দ্বিতীয় বাৰ ভ্ৰমণ কৰিছিল । তেওঁ তাত তাৰ থলুৱা লােকসকলে সৰল জাতীয় গছৰ – আঠাৰ পৰা এক প্রকাৰৰ বল সাজি খেলা দেখিছিল ।

( ঘ ) ৰবৰৰ সর্বশ্রেষ্ঠ প্রকাৰবিধ ক’ৰ পৰা আহৰণ কৰা হয় ?

উত্তৰঃ ৰবৰৰ সর্বশ্রেষ্ঠ প্রকাৰবিধ দক্ষিণ আমেৰিকাৰ আমাজান অৰণ্যাঞ্চলত পােৱা হিঙিয়া গছৰ পৰা আহৰণ কৰা হয় ।

( ঙ ) কোনে আৰু কেনেকৈ জলৰুদ্ধ কাপােৰ প্ৰস্তুত কৰিছিল ?

উত্তৰঃ পিল নামৰ এগৰাকী বিজ্ঞানীয়ে ৰবৰ আৰু টাৰপিনটাইন তেল মিহলাই কাপােৰৰ ওপৰত সেই মিশ্রণৰ এটা প্রলেপ দি জলৰুদ্ধ কাপােৰ প্রস্তুত কৰিছিল ।

( চ ) কেতিয়া আৰু কোনে ৰবৰক ব্যৱহাৰিক দিশত প্রয়ােগ কৰিব পৰাকৈ আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ ১৮৩১ চনত চার্লছ গুড় ইয়েৰ নামৰ এগৰাকী আমেৰিকাৰ ব্যক্তিয়ে ৰবৰক ব্যৱহাৰিক দিশত প্ৰয়ােগ কৰিব পৰাকৈ আৱিষ্কাৰ কৰিছিল ।

২। গুড ইয়েৰে কেনেদৰে ‘ ৰবৰ ’ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল তােমাৰ নিজৰ ভাষাত বহলাই লিখা ।

উত্তৰঃ FOR STUDENTS

৩। খালী ঠাই পূৰ কৰা –

( ক ) দক্ষিণ – পূর্ব এছিয়াৰ বাসিন্দাসকলেও _ আদি ৰবৰৰ পৰা উৎপাদন কৰিছিল ।

উত্তৰঃ দক্ষিণ – পূর্ব এছিয়াৰ বাসিন্দাসকলেও বেগ , বাস্কেটবল আদি ৰবৰৰ পৰা উৎপাদন কৰিছিল ।

( খ ) জলৰুদ্ধ কাপােক বাণিজ্যিক ক্ষেত্ৰলৈ আগবঢ়াই নিয়া ব্যক্তিজন হ’ল__

উত্তৰঃ জলৰুদ্ধ কাপোৰক বাণিজ্যিক ক্ষেত্রলৈ আগবঢ়াই নিয়া ব্যক্তিজন হ’ল চার্লছ মেকিণ্টছ ।

( গ ) ৰবৰ আৰু __ ৰ মিহলােৱা মিশ্ৰণক এটা নির্দিষ্ট উষ্ণতালৈ তপতাই ৰবৰ প্ৰস্তুত কৰা হয় ।

উত্তৰঃ ৰবৰ আৰু ছালফাৰ মিহলােৱা মিশ্রণক এটা নির্দিষ্ট উষ্ণতালৈ তপতাই ৰবৰ প্ৰস্তুত কৰা হয় ।

প্রশ্ন ৪। চমুটোকা লিখা-

( ক ) গুড ইয়েৰ ।

উত্তৰঃ গুড ইয়েৰ এগৰাকী আমেৰিকান ব্যক্তি । ১৮৩১ চনত গুড ইয়েৰেই ৰবৰক ব্যৱহাৰিক দিশত প্ৰয়ােগ কৰাৰ চেষ্টা কৰিছিল ৷ তাৰ বাবে তেওঁ ৰবৰৰ ওপৰত বিভিন্ন পদাৰ্থৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ণ আৰু পৰীক্ষা – নিৰীক্ষা কৰিছিল । প্রথমে তেওঁ ৰবৰৰ লগত আঠা মিহলাই আৰু পিছত বিভিন্ন পদার্থ যেনে — নিমখ , চেনি , সৰিয়হৰ তেল আদি মিহলাই পৰীক্ষা – নিৰীক্ষা কৰিছিল । এইবােৰ পৰীক্ষা – নিৰীক্ষাৰ দ্বাৰা তেওঁ ৰবৰক ত্রুটিমুক্ত কৰিব পৰা নাছিল । তেওঁৰ যি লক্ষ্য আছিল ৰবৰৰ স্থায়িত্ব অনা আৰু ইয়াৰ ত্ৰুটি অর্থাৎ তাপৰ সংস্পৰ্শলৈ আহিলেই বিজলুৱা হৈ পৰাটো নাইকিয়া কৰা , সেইটো তেতিয়াও হৈ উঠা নাছিল । পিছত তেওঁ ৰবৰৰ লগত ছালফাৰৰ মিশ্রণ ঘটাইছিল । এই মিশ্রণটো তেওঁ এটা নির্দিষ্ট উষ্ণতালৈ তপতাই ৰবৰক ত্রুটিমুক্ত কৰি ব্যৱহাৰিক দিশত প্রয়ােগৰ উপযােগী কৰি তুলিছিল । গুড ইয়েৰৰ প্ৰচেষ্টাৰ ফলতে মানুহে আজি ৰবৰক নিত্য ব্যৱহার্য বস্তুৰূপে প্রয়ােগ কৰিবলৈ সক্ষম হৈছে ।

( খ ) জলৰুদ্ধ কাপােৰ ।

উত্তৰঃ পানীত নিতিতা আৰু পানী নসৰকা কাপােৰকে জলৰুদ্ধ কাপোৰ বুলি কোৱা হয় । এই জলৰুদ্ধ কাপােৰ হৈছে ৰবৰৰ ওপৰত কৰা বিভিন্ন পৰীক্ষা – নিৰীক্ষাৰ ফল । ৰবৰৰ মান উন্নত কৰা আৰু ইয়াৰ ব্যৱহাৰ সম্পর্কত বিভিন্নজনে পৰীক্ষা চলাইছিল ৷ ৰবৰৰ ওপৰত পৰীক্ষা কৰিবলৈ গৈ পিল নামৰ বিজ্ঞানী এজনে ৰবৰ আৰু টাৰপিনটাইন তেল মিহলাই কাপােৰৰ ওপৰত সেই মিশ্রণটোৰ প্রলেপ দিছিল । ইয়াৰ ফলত কাপোৰখন পানীত নিতিতা আৰু পানী নসৰকা হৈছিল । এনেকৈয়ে আৱিষ্কাৰ হৈছিল জলৰুদ্ধ কাপােৰ । পিছত চাৰ্লছ মেকিণ্টছু নামৰ ব্যক্তি এজনে সেই একেই প্রণালী ব্যৱহাৰ কৰিয়েই জলৰুদ্ধ কাপােৰ উৎপাদন কৰে ।

( গ ) ৰবৰ ।

উত্তৰঃ ৰবৰ আধুনিক যুগৰ মানুহৰ বাবে এক অতিশয় আৱশ্যকীয় সম্পদ । বিশেষভাৱে বিদ্যার্থীসকলৰ বাবে ই অতি প্রয়ােজনীয় । পূর্বতে ৰবৰ কেৱল ৰবৰ গছৰ পৰা প্রাকৃতিক ভাবেহে আহৰণ কৰা হৈছিল । এনেকৈ গছৰ পৰা সংগ্ৰহ কৰা ৰবৰেৰেই এক সময়ত মেৰুৰ বাসিন্দাসকলে জোতা , বটল আৰু দক্ষিণ পূর্ব এছিয়াৰ বাসিন্দাসকলে বেগ , বাস্কেটবল আদিৰ দৰে বস্তু উৎপাদন কৰিছিল বুলি জনা যায় । কিন্তু চাহিদা বঢ়াৰ লগে লগে ইয়াক প্রণালীবদ্ধভাবে উৎপাদন কৰিবলৈ লােৱা হৈছিল । বৰ্তমান ৰবৰ নিত্য প্রয়ােজনীয় আৰু বহুলভাৱে ব্যৱহৃত এক মূল্যবান সম্পদ । গােটেই পৃথিৱী জুৰি ইয়াৰ ব্যাপক চাহিদা আছে । ৰবৰক কেন্দ্ৰ কৰিয়ে বহু উদ্যোগ গঢ়ি উঠিছে ৷ ৰবৰ গছৰ খেতি কৰাটো বহুতে এতিয়া জীৱিকা হিচাপে লৈছে , কাৰণ ৰবৰৰ ব্যৱসায়টো অত্যন্ত লাভজনক ।ৰবৰক ব্যৱহাৰিক দিশত প্ৰয়ােগ কৰিব পৰাকৈ উপযােগী কৰি তুলিছিল চার্লছ গুড ইয়েৰ নামৰ আমেৰিকাৰ ব্যক্তি এজনে ।ৰাবাৰৰ পানী , বিদ্যুৎ , কম্পন প্রতিৰােধ ক্ষমতা থকাৰ লগতে স্থিতিস্থাপকতা গুণ আছে । ৰবৰ গাড়ী মটৰৰ টায়াৰ নির্মাণ , পাম্প হাউচ , প্রিন্টিং প্ৰেছ , চিমেন্ট কাৰখানা , পানী প্রতিৰােধী কাপােৰ নিৰ্মাণ , টেলিফোন আৰু ৰেডিওৰ কিছুমান সামগ্রী নির্মাণ , জোতা – চেণ্ডেল , গ্লোভ , ব্লেংকেট , বল , বেলুন আদিত ব্যৱহাৰ হয় ।

৯। স্ন , শ্ন , ষ্ণ — প্রতিটো যুক্তাক্ষৰৰ তিনিটাকৈ শব্দ লিখা—

উত্তৰঃ স্ন – স্নান , স্নায়ু , স্নাতক ।

শ্ন – প্রশ্ন , প্রশ্নশালা , প্রশ্নোপনিষদ ।

ষ্ণ – বিষ্ণু , ক্ষয়িষ্ণু , সহিষ্ণুতা ।