SVN Class 7 Assamese Chapter 20 Answer পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ

পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ

Chapter 20

১। চমু উত্তৰ দিয়া –

( ক ) পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম কত হৈছিল ?

উত্তৰঃপণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম যােৰহাটত হৈছিল ।

( খ ) কৃষ্ণকান্তৰ দেউতাকৰ নাম কি ?

উত্তৰঃ কৃষ্ণকান্তৰ দেউতাকৰ নাম ৰাধাকান্ত সন্দিকৈ ।

( গ ) মাক নাৰায়ণী সন্দিকৈ কাৰ ভনীয়েক আছিল ?

উত্তৰঃ মাক নাৰায়ণী সন্দিকৈ কাৰ ভনীয়েকপদ্মনাথ গােহাঞি বৰুৱা ।

( ঘ ) জগন্নাথ বৰুৱা কোন ?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈৰ ককাদেউতাক ।

( ঙ ) কৃষ্ণকান্ত সন্দিকৈয়ে কিমানটা ভাষা জানিছিল ?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈয়ে প্রায় ১৩-১৪ টা ভাষা জানিছিল ।

( চ ) কোনখন মহাবিদ্যালয়ত কৃষ্ণকান্তই অবৈতনিক অধ্যক্ষ হিচাপে সেৱা আগবঢ়াইছিল ?

উত্তৰঃ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কৃষ্ণকান্তই অবৈতনিক অধ্যক্ষ হিচাপে সেৱা আগবঢ়াইছিল ।

( ছ ) কৃষ্ণকান্ত সন্দিকৈ অধ্যক্ষ থাকোতে আল – পৈচান ধৰা ব্যক্তিগৰাকীৰ নাম কি ?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ অধ্যক্ষ থাকোতে আল – পৈচান ধৰা ব্যক্তিগৰাকীৰ নামদেৱেন চেতীয়া ।

( জ ) কৃষ্ণকান্ত সন্দিকৈৰ একমাত্র পুত্রগৰাকীৰ নাম কি ?

উত্তৰঃ ষ্ণকান্ত সন্দিকৈৰ একমাত্র পুত্রগৰাকীৰ নাম বিজয়কৃষ্ণ সন্দিকৈ ।

( ঝ ) ৰাধাকান্ত সন্দিকৈৰ পুত্ৰ কেইগৰাকী আছিল ?

উত্তৰঃৰাধাকান্ত সন্দিকৈৰ পুত্ৰ চাৰিগৰাকী আছিল ।

( ঞ ) চন্দ্রকান্ত আৰু ইন্দ্রকান্তৰ অকাল বিয়ােগ কিমান দিনৰ ব্যৱধানত হৈছিল ?

উত্তৰঃ চন্দ্রকান্ত আৰু ইন্দ্রকান্তৰ অকাল বিয়ােগ ২২ দিনৰ ব্যৱধানত ব্যৱধানত হৈছিল ।

( ট ) দানবীৰ বুলি কাক জনা যায় ?

উত্তৰঃ দানবীৰ বুলি ৰাধাকান্ত সন্দিকৈকজনা যায় ।

( ঠ ) চন্দ্রকান্ত অভিধান কিমান চনত প্ৰকাশ হৈ ওলাইছিল ?

উত্তৰঃ ১৯৩৩ চনত ।

( ড ) কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু কিমান চনত হৈছিল ?

উত্তৰঃ ১৯৮২ চনত ।

২। ৰাধাকান্ত সন্দিকৈৰ কেইগৰাকী সন্তান আছিল ? তেওঁলােকৰ নামবােৰ লিখা ।

উত্তৰঃ ৰাধাকান্ত সন্দিকৈৰ পাঁচগৰাকী সন্তান আছিল । ইয়াৰে চাৰিগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা । পুত্ৰ চাৰিগৰাকীৰ নাম যথাক্রমে— কৃষ্ণকান্ত , চন্দ্রকান্ত , লক্ষ্মীকান্ত আৰু ইন্দ্রকান্ত । কন্যাগৰাকীৰ নাম অন্নদা ।

৩। ৰাধাকান্ত কাৰ অধীনত নিযুক্তি পােৱা কৰ্মচাৰী আছিল ?

উত্তৰঃ ব্রিটিছ চৰকাৰৰ অধীনত নিযুক্তি পােৱা কৰ্মচাৰী আছিল ।

৪। কৃষ্ণকান্ত সন্দিকৈক কোনে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আনিছিল আৰু তেখেত অসমৰ কি হিচাপে পৰিচিত ?

উত্তৰঃ লােকপ্রিয় গােপীনাথ বৰদলৈয়ে আনিছিল। গােপীনাথ বৰদলৈ অসমৰ প্রথম মুখ্যমন্ত্রী হিচাপে পৰিচিত ।

৫। লক্ষ্মী আৰু সৰস্বতীৰ বৰপুত্র কোন ?

উত্তৰঃ আনন্দৰাম বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈ।

৬। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল আৰু প্রথম উপাচার্যগৰাকী কোন আছিল ?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনত স্থাপন হৈছিল । প্রথমগৰাকী উপাচার্য আছিল পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ ।

৭। কৃষ্ণকান্ত সন্দিকৈদেৱৰ তিনিখন বিখ্যাত গ্রন্থৰ নাম লিখা ।

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈদেৱৰ তিনিখন বিখ্যাত গ্রন্থ হৈছে ―

( ক ) শ্রীহর্ষৰ নৈষধ চৰিতৰ ইংৰাজী অনুবাদ ,নৈষধ চৰিত ’ (Naishadh Charita , ১৯৩৪ )

( খ ) যশস্তিলক । আৰু

( গ ) সেতুবন্ধ ।

৮। কৃষ্ণকান্তই কি বঁটা মৰণােত্তৰ ভাৱে লাভ কৰিছিল ।

উত্তৰঃ সাহিত্য অকাডেমী বঁটা ।

৯। কৃষ্ণকান্ত সন্দিকৈয়ে কিমান চনত আৰু কৰপৰা ‘ ডি লিট ‘ উপাধি লাভ কৰিছিল ?

উত্তৰঃ ১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্দিকৈদেৱে ‘ ডি লট ’ উপাধি লাভ কৰিছিল ।

১০। কৃষ্ণকান্তই কিমান চনত কাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ?

উত্তৰঃ ১৯২৮ চনত হেমলতা সন্দিকৈৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ।

১১। তাৎপর্য লিখা –

( ক ) “ নিয়মানুবর্তিতাই হে মানুহক শৃংখলাবদ্ধ আৰু পৰিপাটী জীৱন দান কৰে । ”

উত্তৰঃ FOR STUDENTS

১২। চমুটোকা লিখা –

( ক ) কৃষ্ণকান্ত সন্দিকৈ , ৰাধাকান্ত সন্দিকৈ , গুৱাহাটী বিশ্ববিদ্যালয় ।

উত্তৰঃ

কৃষ্ণকান্ত সন্দিকৈ :- জ্ঞানযােগী কৃষ্ণকান্ত সন্দিকৈৰ ১৮৯৮ চনৰ ২০ জুলাই তাৰিখে যােৰহাটত জন্ম হয় । দানবীৰ ৰাধাকান্ত সন্দিকৈ আছিল তেওঁৰ পিতৃ আৰু মাতৃ আছিল নাৰায়ণী সন্দিকৈ । সন্দিকৈ হেমলতা সন্দিকৈৰ স’তে বিবাহ পাশত আবদ্ধ হৈছিল আৰু এগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যাৰ পিতৃ আছিল । প্রখৰ মেধাসম্পন্ন সন্দিকৈদেৱে ক্রমে যােৰহাটৰ বালক বিদ্যালয় ( প্ৰৱেশিকা , ১৯১৩ ) , কটন কলেজ ( আই এ ১৯১৫ ) আৰু কলিকতাত ( স্নাতক , ১৯১৭ ; স্নাতকোত্তৰ , ১৯১৯ ) শিক্ষা সমাপ্ত কৰি ১৯২০ চনত উচ্চ শিক্ষা আৰু বিদেশী ভাষা অধ্যয়নৰ বাবে ইউৰােপলৈ যায় । তাত ৭ বছৰ কাল কেবাটাও ভাষা শিকি তেওঁ দেশলৈ ওভতে ।১৯৩০ চনত সন্দিকৈদেৱে নিজে আগভাগ লৈ যােৰহাটত ‘ জগন্নাথ বৰুৱা কলেজ ‘ প্রতিষ্ঠা কৰি তাত সােতৰ বছৰ কাল অবৈতনিক অধ্যক্ষৰূপে কার্যনির্বাহ কৰে । ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হােৱাত সন্দিকৈদেৱে প্রথম উপাচার্য হিচাপে মনােনীত হৈ ৯ বছৰ সেৱা আগবঢ়ায় । জ্ঞানযােগী , কর্মযােগী , প্রাচ্যতত্ত্ববিদ , ভাষাবিদ , দার্শনিক পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে আলােচনী , গৱেষণা পত্ৰত লিখা বিভিন্ন মূল্যৱান ৰচনাৰ লগতে বিশ্ববাসীক ‘ নৈষধ চৰিত ইংৰাজী অনুবাদ ) , যশস্তিলক ’ আৰু সেতুবন্ধ নামৰ তিনিখন মহৎ গ্রন্থ উপহাৰ দি যায় । তেখেতৰ পাণ্ডিত্যত মুগ্ধ হৈ আৰু কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন মহলে তেখেতক বিভিন্ন ধৰণে অলংকৃত কৰিছিল । গোটেই জীৱন নিয়মানুৱৰ্বিতৰ মাজেদি পৰিচালনা কৰি এক আদর্শ জীৱনৰ চানেকি হৈ পৰা এই গৰাকী চিৰনমস্য অসম সন্তানে ১৯৮২ চনৰ ৭ জুন তাৰিখে ইহলীলা সম্বৰণ কৰে ।

ৰাধাকান্ত সন্দিকৈ :- অসমৰ যিসকল মহান ব্যক্তিয়ে বিভিন্ন কর্মৰ জৰিয়তে অসমবাসীলৈ অতুলনীয় অৱদান দি থৈ গৈছে , সেইসকলৰ ভিতৰত অন্যতম হৈছে ৰাধাকান্ত সন্দিকৈ । তেখেত আন্তর্জাতিক খ্যাতিসম্পন্ন বিশ্ববৰেণ্য পণ্ডিত , ভাষাবিদ , প্রাচ্যতত্ত্ববিদ কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ ৰাধাকান্ত সন্দিকৈ নিজৰ প্রচেষ্টা , পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সাধাৰণ অৱস্থাৰ পৰা উন্নতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল । তেওঁ বৃটিছ চৰকাৰৰ অধীনত নিযুক্তি পােৱা এগৰাকী চৰকাৰী কৰ্মচাৰী আছিল। কিন্তু সেইটোৱেই তেওঁৰ আচল পৰিচয় নাছিল । অসমৰ জনসাধাৰণৰ মাজত তেওঁ ‘ দানবীৰ হিচাপেহে অধিক জনাজাত আছিল । পাঁচগৰাকী সন্তানৰ পিতৃ ৰাধাকান্ত সন্দিকৈ স্বভাৱতেই উদাৰ আৰু আশাশুধীয়া মনৰ লােক আছিল । যােৰহাট নগৰৰ মাজ – মজিয়াত থকা অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় ‘ চন্দ্রকান্ত সন্দিকৈ ভৱন ‘ টো ৰাধাকান্ত সন্দিকৈয়েই নির্মাণ কৰি দিয়ে । ১৯৩৩ চনত পকাশ হৈ ওলােৱা ‘ চন্দ্রকান্ত অভিধান ’ তেওঁৰেই অৱদান । গুৱাহাটীত প্রতিষ্ঠিত বুৰঞ্জী আৰু পুৰাতত্ত্ব ভৱন আৰু সন্দিকৈ ছােৱালী কলেজৰু লগতে জৰিত হৈ আছে ৰাধাকান্ত সন্দিকৈৰ নাম । এইবােৰৰ উপৰিও আৰু বৃহু অনুষ্ঠান – প্রতিষ্ঠানলৈ তেখেতে অৱদান দি থৈ গৈছে । অসমৰ মানুহে ৰাধাকান্ত সন্দিকৈক যথার্থতে ‘ দানবীৰ ‘ আখ্যা দিছিল ।

গুৱাহাটী বিশ্ববিদ্যালয় :- উত্তৰ – পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্রথম বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্বব্যিালয় । ১৯৪৮ চনত ইয়াক স্থাপন কৰা হয় । আৰম্ভণিতে কটন কলেজত বিশ্ববিদ্যালয়খন আৰম্ভ কৰা হৈছিল । ১৯৫৫-৬৬ চনত ইয়াক জালুকবাৰীলৈ স্থানান্তৰ কৰা হয় । আন্তজার্তিক খ্যাতিসম্পন্ন পণ্ডিত , প্রাচ্যতত্ত্ববিদ কৃষ্ণকান্ত সন্দিকৈ আছিল ইয়াৰ প্রথম উপাচার্য । অসমৰ ৰাজ্যপাল গৰাকী বিশ্ববিদ্যালয়খনৰ পদেন আচার্য হয় । বৰ্তমানৰ উপাচার্য ড০ মৃদুল হাজৰিকা ।জালুকবাৰীত অৱস্থিত বিশ্ববিদ্যালয়খনৰ চৌহদটোৰ নাম ‘ গােপীনাথ বৰদলৈ নগৰ ‘। অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ দূৰত্ব ২২ কিলােমিটাৰ , লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা দূৰত্ব ১০ কিলােমিটাৰ । চৌহদটোৰ দক্ষিণফালে এখন সৰু পাহাৰ থকাৰ লগতে উত্তৰ ফালেদি মহাবাহু ব্রহ্মপুত্র বৈ গৈছে । চৌহদটোত ছাত্রাবাস – ছাত্রীনিবাসৰ আবাসীক ধৰি প্রায় পাঁচ হেজাৰ জনসংখ্যা আছে । বর্তমান ইয়াত ১১ টা ছাত্রাবাস আৰু ৯ টা ছাত্রীনিবাস আছে । এইবােৰত প্ৰায়ে তিনিহাজাৰ ছাত্র – ছাত্রী আছে।চৌহদৰ ভিতৰত স্বাস্থ্য সেৱা , পানী যােগান , বিজুলী বাতি আৰু আভ্যন্তৰীণ পথৰ সু-ব্যৱস্থা আছে । অতিথি গৃহ , ডাকঘৰ , দুটাকৈ বেংকৰ শাখা , কেন্টিন , বজাৰ উদ্যান , প্রেক্ষাগৃহ , খেলপথাৰ এইবােৰৰ চৌহদৰ ভিতৰত অৱস্থিত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম ‘ কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল ‘ আৰু প্রেক্ষাগৃহটোৰ নাম ‘ ড০ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহ ‘ । অসমৰ ভিতৰত সর্ববৃহৎ ইয়াৰ পুথিভঁৰালটোত প্রায় ৮ লাখ পঞ্চাশ হাজাৰ কিতাপ আছে । ইয়াৰ উপৰিও প্রায় পাঁচ হাজাৰ পাণ্ডুলিপি ইয়াত সংৰক্ষিত হৈ আছে । তাৰে কিছুমান তিনিশ বছৰতকৈও পুৰণি । বর্তমান শিক্ষাদান কৰি থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভাগ কেইটা হৈছে- কলা বিভাগ , বিজ্ঞান বিভাগ , বাণিজ্য বিভাগ , ব্যৱস্থাপনা বিভাগ , প্রযুক্তি বিদ্যা বিভাগ আৰু আইন বিভাগ । আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সােতৰখন মহাবিদ্যালয় আছিল । বর্তমান বিশ্ববিদ্যালয়খনৰ স্বীকৃতি প্রাপ্ত মহাবিদ্যালয়ৰ সংখ্যা হৈছে তিনিশ ছাবিশ খন ।

১৩। “ নতুন প্রজন্মৰ বাবে কৃষ্ণকান্ত সন্দিকৈ এক আৰ্হিপুৰুষ স্বৰূপ । ” — বহলাই লিখা ।

উত্তৰঃ ‘ আৰ্হিপুৰুষ ’ বুলিলে সেইজন মানুহৰ কথাকে বুজা যায় । , যাৰ জীৱনাদর্শ আৰু কৰ্মৰাজি আনৰ বাবে অনুকৰণীয় । গতিকে , নতুন প্রজন্মৰ বাবে কৃষ্ণকান্ত সন্দিকৈ সঁচাকৈয়ে এক আৰ্হি পুৰুষ । অসমৰ এইগৰাকী সু-সন্তানে ভাষা – সাহিত্য , শিক্ষা – দীক্ষা , কলা কৃষ্টিৰ গভীৰ সাধনাৰে সমাজলৈ বহুমূলীয়া অৱদান আগবঢ়াই নিজৰ জীৱন ধন্য কৰাৰ লগতে আনৰ জীৱনো ধন্য কৰি গৈছে । তেখেতে গােটেই জীৱনটো নিয়মানুৱৰ্তিতাৰ মাজেৰে পৰিচালিত কৰি যি এক শৃংখলাবদ্ধ আৰু পৰিপাটী জীৱন গঢ়ি তুলিছিল , তাৰ দৃষ্টান্ত সঁচাকৈয়ে বিৰল । তেখেতে য’তেই জৰিত আছিল পৰিয়াল , সমাজ , বা অনুষ্ঠান – প্রতিষ্ঠান , তাতেই কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে এক শৃংখলাবদ্ধ আৰু পৰিপাটী পৰিৱেশ গঢ়ি তােলাৰ চেষ্টা কৰিছিল । প্রথম উপাচার্য হিচাপে তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত গঢ়ি তােলা পৰিৱেশ আছিল ইয়াৰ অন্যতম উদাহৰণ । সন্দিকৈয়ে এটা মুহূর্তও অবাবত নষ্ট কৰাটো সহ্য কৰিব নােৱাৰিছিল । এনেকুৱা জীৱনাদৰ্শৰ মানুহকে আন মানুহে সদায় অনুকৰণ কৰিব লাগে। গতিকে নতুন প্রজন্মই কৃষ্ণকান্ত সন্দিকৈদেৱক আৰ্হি পুৰুষ স্বৰূপে গ্রহণ কৰা উচিত ।

প্রশ্ন ১৪। বাক্য সাজা –

ধাৰাসাৰ , নেৰা – নেপেৰা , অধ্যৱসায় , একনিষ্ঠ , আশাশুধীয়া ।

উত্তৰঃ ধাৰাসাৰ :-কালিৰে পৰা ধাৰাসাৰ বৰষুণ দি আছে।

নেৰা – নেপেৰা :- নেৰা – নেপেৰাকৈ বৰষুণ দি থাকিলে সি ঘৰলৈ কেনেকৈ যাব ।

অধ্যৱসায় :- অধ্যৱসায়ৰ গুণতহে মানুহ উন্নতিৰ পথত আগবাঢ়িব পাৰে ।

একনিষ্ঠ :- মাধৱদেৱ শংকৰদেৱৰ একনিষ্ঠ শিষ্য আছিল ।

আশাশুধীয়া :- তেওঁ আশাশুধীয় মনৰ মানুহ আছিল বাবেই মুক্তহস্তে দান দিব পাৰিছিল ।

প্রশ্ন ১৫। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা –

‘ ক ’ অংশ——————-‘ খ ’ অংশ

কৃষ্ণকান্ত সন্দিকৈ———- প্রকৃতিবিদ

গোপীনাথ বৰদলৈ ———- ৰাষ্টপতি

ড০ আদিনাথ নেমিনাথ———– পণ্ডিতপ্রবৰ

হেমচন্দ্ৰ বৰুৱা——————– লােকপ্রিয়

সর্বপল্লী ৰাধাকৃষ্ণণ————— অভিধান প্রণেতা

উত্তৰঃ

‘ ক ’ অংশ ———————-‘ খ ’ অংশ

কৃষ্ণকান্ত সন্দিকৈ—————পণ্ডিতপ্রবৰ গোপীনাথ বৰদলৈ

গোপীনাথ বৰদলৈ—————–লােকপ্রিয়

ড০ আদিনাথ নেমিনাথ———–প্রকৃতিবিদ

হেমচন্দ্ৰ বৰুৱা অভিধান ———-প্রণেতা

সর্বপল্লী ৰাধাকৃষ্ণণ —————-ৰাষ্টপতি

১৬। শব্দার্থ লিখা-

প্রবৰ , আশাশুধীয়া , অধ্যাৱসায় , আঢ্যৱন্ত , উপাখ্যান , আহুকাল , সংযমশীল , অন্বেষণ , মুগ্ধ , ভূয়সী , অক্লান্ত , বদান্যতা , জ্ঞানলিপচু ।

উত্তৰঃ প্রবৰ – শ্রেষ্ঠ ।

আশাশুধীয়া – উদাৰ চিতীয়া ।

অধ্যাৱসায় – নিৰন্তৰ চেষ্টা ,নেৰানেপেৰা পৰিশ্ৰম ।

আঢ্যৱন্ত – ধন থকা , ধনী ।

উপাখ্যান – কাহিনী সাধুকথা ।

আহুকাল – আপদ , বিঘিনি , বেজাৰ , জঞ্জাল ।

সংযমশীল – নিজক নিয়ন্ত্রণ কৰিব পৰা ।

অন্বেষণ – অনুসন্ধান , বিচৰাকাৰ্য ।

মুগ্ধ – মােহিত ।

ভূয়সী – প্রশংসা , প্রচুৰ , বহুল ।

অক্লান্ত – ভাগৰ নলগাকৈ থকা , ক্লান্ত নােহােৱা

বদান্যতা – দানী , উদাৰ ।

অনুপ্রাণিত – উৎসাহিত ।

জ্ঞানলিপচু – জ্ঞান আহৰণৰ বাবে ইচ্ছুক বা লালায়িত