Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Science Chapter 15 Answer পোহৰ

পোহৰ

পঞ্চদশ অধ্য়ায়

অনুশীলনী

১। প্ৰতিফলন কাক বোলে? ইয়াৰ বিধি দুটা কি কি?

উত্তৰঃ  কোনো এটা মাধ্যমৰ মাজেদি পোহৰ আহি কোনো এটা বস্তুত ঠেকা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে প্রতিফলন বোলে।প্রতিফলনৰ বিধি দুটা হ’লঃ
(ক) আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্বডাল সদায় একে সমতলত থাকে।
(খ) আপতন কোণ = প্রতিফলন কোণ।

২। দীপ্তীমান আৰু দীপ্তিহীন বস্তু কৈক বোলে উদাহৰণসহ বুজাই লিখা।

উত্তৰঃযিবোৰ বস্তুৱে নিজে পোহৰৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰা প্ৰত্যক্ষভাৱে পোহৰ আমাৰ চকুলৈ আহে আৰু আমি বস্তুবোৰ দেখা পাওঁ সেইবোৰ বস্তুক দ্বীপ্তিমান বস্তু বোলে। যেনে- সূর্য, নক্ষত্র, বিজুলীচাকি, মমবাতি, জুই ইত্যাদি।যিবোৰ বস্তুৰ নিজা পোহৰ নাই সেইবোৰক দীপ্তিহীন বস্তু বোলে। যেনে-চন্দ্র, গ্রহ, কিতাপ, চকী, মেজ, কলম, গছ-গছনি ইত্যাদি ।

৩। অন্ধকাৰ কোঠালি এটাত থকা ৰংবোৰ আমাৰ দৃষ্টিগোছৰ নহয় কিয়?

উত্তৰঃ পোহৰ নথকা কাৰণে অন্ধকাৰ কোঠালি এঠাত থকা ৰঙবোৰ আমাৰ দৃষ্টিগোচৰ নহয়।

৪। আমি বস্তুবোৰ কেনেকৈ দেখা পাওঁ?

উত্তৰঃপোহৰৰ সহায়তহে আমি চকুৰে দেখা পাওঁ। পোহৰ নিজে দৃশ্যমান নহয়। আমি চকুৰে দেখা বস্তুবোৰৰ পৰা অহা এবিধ শক্তিয়ে আমাৰ চকুৰ পৰ্দাত উত্তেজনাৰ সৃষ্টি কৰে বস্তুবোৰ দেখা পোৱাত আমাক সহায় কৰে।

৫। পোহৰে যে সৰলৰেখাত গতি কৰে তাৰ এটা প্ৰমাণ দিয়া।

উত্তৰঃপোহৰ যে সৰলৰেখাত গতি কৰে তাৰ বাবে এটা পৰীক্ষা কৰা হ’লতলৰ চিত্ৰত দেখুওৱাৰ দৰে একে আকাৰৰ তিনিখন কার্ড-বর্ড লোৱা হ’ল। কার্ড-বৰ্ড তিনিখনৰ কেন্দ্রত একোটাকৈ সৰু বিন্ধা কৰা হ’ল আৰু এখন টেবুলৰ ওপৰত এনেদৰে উলম্বভাবে বখা হ’ল যে বিন্ধা তিনিওটা একেডাল সৰলৰেখাত থাকে। বৰ্ড তিনিখনৰ এটা মূৰত জ্বলি থকা এডাল মমবাতি থোৱা হ’ল যাতে মমৰ শিখা আৰু বৰ্ড তিনিখনৰ বিন্ধা কেইটা একে সৰলৰেখাত থাকে। তাৰ পিছত অন্য দিশৰ কাৰ্ড বৰ্ডখনৰ বিন্ধাৰ মাজেৰে মমৰ শিখাটোলৈ চাই পঠিওৱা হ’ল আৰু কার্ডবর্ড তিনিখন এনেভাৱে ঠিক কৰি লোৱা হ’ল যাতে চকু, মমৰ শিখা আৰু কাৰ্ডবৰ্ডৰ শিখা তিনিটা একেডাল সৰলৰেখাত থাকে। এইদৰে চালে অন্য মূৰত থকা মমৰ শিখাটো দৃষ্টিগোচৰ হয়।

তাৰ পিছত, মাজৰ কার্ড-বৰ্ডখন অলপ আঁতৰাই দিয়া হ’ল যাতে, ই আন দুটা বিন্ধাৰ লগত একে সৰল ৰেখাত নাথাকে। তেতিয়া, মমৰ শিখাটো দেখা পারা নগ’ল। মন কৰা হ’ল যে যিকোনো এখন কার্ড-বর্ড অলপমান লৰাই দিলেই শিখা দেখা পোৱা নাযায়।এই পৰীক্ষাৰ পৰা প্ৰমাণ হয় যে পোহৰে সৰলৰেখাত গতি কৰে। ইয়াকে পোহৰৰ সৰলৰৈখিক গতি বোলা হয়।
৬। অৱতল দাপোণক অভিশাৰী আৰু উত্তল দাপোণক অপসাৰী দাপোণ বুলি কোৱা হয় কিয়?

উত্তৰঃঅৱতল দাপোনত ইয়াৰ ওপৰত আপতিত ৰশ্মি একমুখী হয় অর্থাৎ পৰম্পৰৰ কাষ চাপি আহে, সেইবাবে অৱতল দাপোণক অভিসাৰী দাপোণ বুলি কোৱা হয়।

আনহাতে, উত্তল দাপোণত ইয়াৰ ওপৰত আপতিত ৰশ্মিবিলাক পৰস্পৰৰ কাষৰ পৰা আঁতৰি যায় অৰ্থাৎ অপসাৰিত হয়, সেইবাবে উত্তল দাপোণক অপসাৰী দাপোণ বুলি কোৱা হয়।

৭। শুদ্ধ উত্তৰটো বাছি উলিওৱঃ

(I) আংশিকভাৱে পোহৰ প্ৰতিাফলিত কৰিব পৰা বস্তুক কোৱা হয়—

(ক) স্বচ্ছ,   (খ) অস্বচ্ছ,   (গ) ঈষৎ স্বচ্ছ,   (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ(গ) ঈষৎ স্বচ্ছ

(II) তলৰ কোনটো স্বচ্ছ পদাৰ্থ?

(ক) জোন,  (খ) ৰবৰ পাতল পাত,  (গ) পানী,  (ঘ) তেল ঘঁহা কাগজ

উত্তৰঃ (গ) পানী

(III) যিবোৰ বস্তুৰ মাজেদি পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰক কোৱা হয়—

(ক) স্বচ্ছ,  (খ) ঈষৎ স্বচ্ছ,  (গ) অস্বচ্ছ,  (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (গ) অস্বচ্ছ

(iv) সমতল দাপোণ তলৰ কোনবিধ প্ৰতিবিম্ব গঠন কৰে?

(ক) বাস্তৱ  (খ) ওলোটা  (গ) অসৎ আৰু একে আকাৰৰ  (ঘ) পৰিবৰ্ধিত

উত্তৰঃ (গ) অসৎ আৰু একে আকাৰৰ 

(v) প্ৰতিফলক পৃষ্ঠ বাহিৰৰ ফালে থকা গোলকীয় দাপোণক কি বুলি কোৱা হয়?

(ক) সমতল দাপোণ  (খ) উত্তল দাপোণ,  (গ) অৱতল দাপোণ  (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ(খ) উত্তল দাপোণ

(vi) স্কুটাৰ, মটৰ গাড়ীত পিছফালৰ যান-বাহন চাবৰ কাৰণে ব্যৱহাৰ কৰা দাপোণখন কি প্ৰকৃতিৰ?

(ক) অৱতল  (খ) উত্তল  (ঘ) সমতল  (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ(খ) উত্তল 

(vii) পৰ্দাত পেলাব পৰা প্ৰতিবিম্বটো হ’ল—

(ক) অসৎ  (খ) সৎ  (গ) সৎ আৰু অসৎ দুয়োটাই  (ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ(খ) সৎ 

৮। খালী ঠাই পূৰ কৰাঃ

(ক) পৰ্দাত ধৰিব লোৱৰা প্ৰতিবিম্বক______প্ৰতিবিম্ব বোলে।

উত্তৰঃঅসৎ  

(খ) উত্তল দাপোণে সদায়______প্ৰতিবিম্ব গঠন কৰে।

উত্তৰঃঅসৎ  

(গ) এখন______দাপোণৰ দ্ভাৰা গঠন হোৱা প্ৰতিবিম্ব আকাৰত সদায় লক্ষ্যবস্তুৰ সমান হয়।

উত্তৰঃসমতল  

(ঘ) এখন______লেন্সে সদায় অসৎ আৰু লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব গঠন কৰে।

উত্তৰঃঅৱতল  

(ঙ) সূৰ্যৰ পোহৰক______পোহৰ বোলে।

উত্তৰঃদীপ্তিমান 

(চ) আপতন কোণ সদায়______কোণৰ  সমান হয়।

উত্তৰঃপ্ৰতিফলন । 

(ছ) সমতল দাপোণক সদায়______প্ৰতিবিম্ব গঠিত হয়।

উত্তৰঃ অসৎ

(জ) ______প্ৰতিবিম্বৰ অস্তিত্ব আছে, কিন্তু______প্ৰতিবিম্বৰ অস্তিত্ব নাই।

উত্তৰঃসৎ  , অসৎ

৯। তলৰ উক্তিবোৰ সঁচা হলে সত্য আৰু মিছা হলে ‘অসত্য’ বুলি লিখা।          

(ক) চন্দ্ৰ পোহৰৰ এবিধ প্ৰাকৃতিক উৎস।

উত্তৰঃ অসত্য

(খ) সমতল দাপোণে লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব সৃষ্টি কৰে।  

উত্তৰঃ অসত্য

(গ) অৱতল দাপোণে সৎ আৰু অসৎ এই দুয়োবিধ প্ৰতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ সত্য

(ঘ) এখন উত্তল দাপোণে সৎ আৰু বিৱৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব পাৰে।

উত্তৰঃ অসত্য

(ঙ) অৱতল লেন্সত কেতিয়াও সৎ প্ৰতিবিম্ব পোৱা নাযায়।

উত্তৰঃসত্য

(চ) কোনো বস্তুৰ থিয় প্ৰতিবিম্ব পৰ্দাত পাব পাৰি।

উত্তৰঃসত্য

(ছ) অৱতল লেন্সেত গঠিত হোৱা প্ৰতিবিম্বৰ আকৃতি-প্ৰকৃতি উত্তল দাপোণত গঠিত হোৱা প্ৰতিবিম্বৰ আকৃতি-প্ৰকৃতিৰ সাতে একেই।

উত্তৰঃসত্য

১০। প্ৰথম স্তম্ভত দিয়া উক্তিবোৰ দ্বিতীয় স্তম্ভৰ উক্তিৰ লগত মিলোৱা।

স্তম্ভ-১স্তম্ভ-২
(ক) উত্তল আৰু অৱতল দাপোণ হ’ল(খ) এখন উত্তল দাপোণে(গ) আমাৰ চকুৰ লেন্সখন(ঘ) যিবোৰ পদাৰ্থৰ মাজেদি পোহৰ অনায়াসে সৰকি যাব পাৰে(ঙ) এখন অৱতল লেন্সে গঠন কৰা প্ৰতিবিম্ব(চ) এখন সমতল দাপোণে গঠন কৰা প্ৰতিবিম্ব(ছ) এখন অৱতল দাপোণ(জ) সূৰ্যৰ বগা পোহৰৰ সাতটা ৰঙৰ থূপক একেলগে১। উত্তল প্ৰকৃতিৰ২। স্বচ্ছ পদাৰ্থ৩। গোলকীয় দাপোণ৪। বিস্তীৰ্ণ অঞ্চলত সিঁচৰিত হৈ থকা লক্ষ্য় বস্তৰ প্ৰতিবিম্ব  গঠন কৰিব পাৰে । ৫। থিয় আৰু আকাৰত লক্ষ্যবস্তুতকৈ সৰু।৬। চকু, কাণ, নাক, ডিঙি পৰিক্ষা কৰোঁতে চিকিৎসকে ব্যৱহাৰ কৰে৭। প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্যবস্তুৰ সমান৮। প্ৰতিবিম্ব সদায় সৎ আৰু আকাৰত লক্ষ্য বস্তুতকৈ ডাঙৰ৯। বৰ্ণালী বোলে

উত্তৰঃ

(ক) উত্তল আৰু অৱতল দাপোণ হ’ল—–৩। গোলকীয় দাপোণ

(খ) এখন উত্তল দাপোণে——————-৪। বিস্তীৰ্ণ অঞ্চলত সিঁচৰিত হৈ থকা লক্ষ্য় বস্তৰ প্ৰতিবিম্ব  গঠন কৰিব পাৰে 

(গ) আমাৰ চকুৰ লেন্সখন——————-১। উত্তল প্ৰকৃতিৰ

(ঘ) যিবোৰ পদাৰ্থৰ মাজেদি পোহৰ অনায়াসে সৰকি যাব পাৰে——–২। স্বচ্ছ পদাৰ্থ

(ঙ) এখন অৱতল লেন্সে গঠন কৰা প্ৰতিবিম্ব—————–৫। থিয় আৰু আকাৰত লক্ষ্যবস্তুতকৈ সৰু।

(চ) এখন সমতল দাপোণে গঠন কৰা প্ৰতিবিম্ব————-৭। প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্যবস্তুৰ সমান(ছ) এখন অৱতল দাপোণ———————————-৬। চকু, কাণ, নাক, ডিঙি পৰিক্ষা কৰোঁতে চিকিৎসকে ব্যৱহাৰ কৰে

(জ) সূৰ্যৰ বগা পোহৰৰ সাতটা ৰঙৰ থূপক একেলগে—————৯। বৰ্ণালী বোলে

১১। প্ৰতিফলন কাক বোলে?

উত্তৰঃ কোনো এটা মাধ্যমৰ মাজেদি পোহৰ আহি কোনো এটা বস্তুত ঠেকা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে।

১২। দীপ্তিহীন বস্তুবোৰ কিদৰে আমাৰ দৃষ্টিগোচৰ হয়?

উত্তৰঃ দীপ্তিমান বস্তুৰ পৰা পোহৰ আহি দীপ্তিহীন বস্তুত পৰিলে, দীপ্তিহীন বস্তুৱে ইয়াৰ এটা অংশ ঘূৰাই পঠিয়ায়। দীপ্তিহীন বস্তুৰ পৰা উভতি অহা পোহৰ আমাৰ চকুত পৰিলে আমি বস্তুটো দেখা পাওঁ। গতিকে দেখা গ’ল যে দীপ্তিহীন বস্তুৰ পৰা আমাৰ চকুৱে পৰোক্ষভাৱে পোহৰ পায়।

১৩। প্ৰতিীফলনৰ নিয়ম দুটা উল্লেখ কৰা।

উত্তৰঃ প্ৰতিফলনৰ নিয়ম দুটা:

(ক) আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্বডাল সদায় একে সমতলত থাকে।

(খ) আপতন কোণ = প্রতিফলন কোণ।

১৪। সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্বৰ মাজত কি পাৰ্থক্য আছে?

উত্তৰঃ সৎ প্রতিবিম্ব পর্দাত ধৰিব পৰা হয়, কিন্তু অসৎ প্রতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি।

১৫। এখন সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ এখন সমতল দাপোণত গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) সমতল দাপোণত প্রতিবিম্ব দাপোণখনৰ পিছফালে গঠিত হয়।

(খ) সমতল দাপোণত গঠন হোৱা প্রতিবিম্ব থিয় আৰু আকাৰত লক্ষ্যবস্তুৰ সমান হয়।

(গ) দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব যিমান হয়, দাপোণৰ পৰা প্ৰতিবিম্বৰ দূৰত্বও সিমান হয়।

(ঘ) সমতল দাপোণত গঠন হোৱা প্ৰতিবিম্বৰ কোনো বাস্তৱ অস্তিত্ব নাই আৰু ইয়াক পর্দাত পেলাব নোৱাৰি বাবে এই প্রতিবিম্বক অসৎ বা অবাস্তৱ প্রতিবিম্ব বোলে।

১৬। উত্তল আৰু অৱতল লেন্সৰ মাজত দুটা পাৰ্থক্য লিখা।

উত্তৰঃউত্তল আৰু অৱতল লেন্‌দ্ৰৰ মাজৰ দুটা পাৰ্থক্য হ’ল-

(ক) উত্তল লেন্‌দ্ৰৰ মাজভাগ শকত আৰু অৱতল লেন্‌দ্ৰৰ মাজভাগ ক্ষীণ।

(খ) উত্তল লেন্থে সৎ আৰু ওলোটা প্রতিবিম্ব গঠন কৰিব পাৰে। কিন্তু লক্ষ্য বস্তু লেন্‌দ্ৰৰ অতি ওচৰত সংস্থাপিত হ’লে প্রতিবিম্ব অসৎ, থিয় আৰু বিবর্ধিত হয়। কিন্তু অৱতল লেছে সদায় থিয়, অসৎ আৰু লক্ষ্য বস্তুৰ তুলনাত সংকুচিত প্রতিবিম্ব গঠন কৰে।

১৭। উত্তল আৰু অৱতল দাপোণক গোলাকাৰ দাপোণ বুলি কোৱা হয় কিয়?

উত্তৰঃ উত্তল আৰু অৱতল দাপোণক গোলাকাৰ দাপোণ বুলি কোৱা হয়- কাৰণ এই দাপোণবোৰৰ একোটাহঁত ফোপোলা গোলাকাৰ অংশ থাকে।

১৮। আমাৰ চকুৰ লেন্সখন কিহেৰে তৈয়াৰী?

উত্তৰঃআমাৰ চকুৰ লেনখন প্রটিনেৰে তৈয়াৰী।

১৯। সূৰ্যৰ বগা পোহৰ যে সাতটা ৰঙৰ সমষ্টি তাক এটা পৰিক্ষাৰ সহায়ত হৰ্ণনা কৰা।

উত্তৰঃচিত্ৰত দেখুৱা ধৰণে এটা প্রিজম লোৱা হ’ল। অন্ধকাৰ কোঠালী এটাৰ খিৰিকী এখনত সৰু বিন্ধা এটা কৰা হ’ল। তাৰ পিছত প্রিজমটো বিন্ধাটোৰ ওচৰত এনেভাৱে ৰখা হ’ল যাতে বিন্ধাটোৰ মাজেৰে অহা পোহৰ ৰশ্মি প্রিজমটোৰ এটা পৃষ্ঠৰ ওপৰত পৰে। আনখন পৃষ্ঠইদি অহা পোহৰ ৰশ্মি এখিলা বগা কাগজ বা পিছফালৰ বগা বেৰৰ ওপৰত পৰিবলৈ দিয়া হ’ল। তাৰপিছত বগা কাগজখিলা বা বগাবেৰৰ ওপৰত বগা পোহৰৰ সলনি সাতটা ৰঙৰ পোহৰ দেখা পোৱা যাব। এই ৰং সাতটো হ’ল তলফালৰ পৰা ক্ৰমে বেঙুনীয়া (Violet), নীলা (Indigo), আকাশী (Blue), সেউজীয়া (Green), হালধীয়া (Yellow), কমলা (Orange), ৰঙা (Red)। ইংৰাজীত এই সাতটা ৰঙৰ সমষ্টিক একেলগে ‘VIBGYOR’ বুলি কোৱা হয়। পৰীক্ষাটোৰ পৰা সহজে অনুমান কৰিব পাৰি যে যাক আমি সাধাৰণ ‘বগা’ পোহৰ বুলি কওঁ যি প্রকৃততে সাঁতোটা ৰঙৰ সমষ্টি।

২০। লেন্সৰ কেইটামান ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃউত্তল আৰু অৱতল লেন্‌ছ কেমেৰা, অণুবীক্ষণ যন্ত্র, দূৰবীক্ষণ যন্ত্ৰ, চছমা আদিত ব্যৱহাৰ কৰা হয়।

২১। এখন লেন্স উত্তল নে অৱতল কেনেকৈ চিনি উলিয়াবা?

উত্তৰঃ হাতৰ আঙুলিৰে লিৰিকি বিদাৰি চাই মাজভাগ ডাঠ আৰু দাঁতিৰ ভাগ পাতল লেন্‌ছ উত্তল লেন্‌ বুলি চিনাক্ত কৰিব পাৰি আৰু যিবোৰ লেন্‌ মাজভাগ পাতল আৰু দাঁতিৰ ভাগ ডাঠ সেইবোৰ লেন্‌ছক অৱতল লেন্‌ছ বুলি চিনাক্ত কৰিব পাৰি।

২২। উত্তল লেন্সক অভিসাৰী আৰু অৱতল লেন্সক অপসাৰী বুলি কিয় কোৱা হয়?

উত্তৰঃপোহৰৰ ৰশ্মি উত্তল লেন্‌ত পৰিলে তাৰ পৰা নিৰ্গত হোৱা ৰশ্মিবিলাক পৰস্পৰৰ কাষ চাপি আহে বাবে ইয়াক ‘অভিসাৰী লেন্‌ছ’ বুলি কয়।আনহােেত, পোহৰৰ ৰশ্মি অবতল লেন্‌ত পৰিলে তাৰ পৰা নিৰ্গত হোৱা ৰশ্মিবিলাক পৰস্পৰৰ কাষৰ পৰা আঁতৰি যায় বাবে ইয়াক ‘অপসাৰী লেন্‌ছ’ বোলে।

২৩। প্ৰতিবিম্ব গঠনৰ ক্ষেত্ৰত উত্তল দাপোণৰ লগকত অৱতল লেন্সৰ কিবা সাদৃশ্য মন কৰিছানে? এই সাদৃশ্য কি?

উত্তৰঃ  উত্তল দাপোণ আৰু অৱতল লেন্‌দ্ৰৰ প্ৰতিবিম্ব গঠনৰ ক্ষেত্ৰত সাদৃশ্য হৈছে যে উত্তল দাপোণ আৰু অৱতল লেছে সদায় অসৎ প্রতিবিম্ব গঠন কৰে অর্থাৎ পর্দাত পেলাব নোৱাৰে।

২৪। তলৰ সাদৃশ্য নথকাটো আঁতৰাই দিয়া আৰু কাৰণ দৰ্শোৱাঃ

(ক) কাচ, পানী, কাঠ।

উত্তৰঃ কাঠ। কাৰণ কাঁচ আৰু পানী স্বচ্ছ পদার্থ আৰু কাঠ অস্বচ্ছ পদার্থ।

(খ) সমতল দাপোণ, উত্তল দাপোণ, অৱতল দাপোণ।

উত্তৰঃ সমতল দাপোণ। কাৰণ উত্তল দাপোণ আৰু অৱতল দাপোণ হ’ল গোলাকাৰ দাপোণ।

(গ) সূৰ্য, চন্দ্ৰ, বিজুলী চাকি।

উত্তৰঃ চন্দ্ৰ। কাৰণ চন্দ্ৰৰ নিজা পোহৰ নাই। সূৰ্য আৰু বিজুলীচাকিৰ নিজা পোহৰ আছে।

২৬। কেনে প্ৰকৃতিৰ লেন্সে সদায় অসৎ প্ৰতিবিম্ব  গঠন কৰে?

উত্তৰঃঅৱতল লেন্থে সদায় অসৎ প্রতিবিম্ব গঠন কৰে।

২৭। চামুচ এখনৰ চিকচিকীয়া বক্ৰপৃষ্ঠই এখন______দৰে কাম কৰে।  

উত্তৰঃ দাপোণৰ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects