SVN Class 7 Science Chapter 6 Answer ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন

ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন

পাঠ ৬

১। তলত দিয়াবোৰ ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰা—

(ক) মমবাতি জ্বলোৱা → ৰাসায়নিক পৰিবৰ্তন।

(খ) কাঁহৰ বাচনত সোউজীয়া ৰং ধৰা → ৰাসায়নিক পৰিবৰ্তন।

(গ) বৰফ গলি যোৱাটো → ভৌতিক পৰিবৰ্তন।

(ঘ) চূণপানী ঘোলা হোৱা → ৰাসায়নিক পৰিবৰ্তন।

(ঙ) আহাৰ হজম হোৱা → ৰাসায়নিক পৰিবৰ্তন।

২। সঁচা নে মিছা উল্লেখ কৰা—

(ক) মামৰ এবিধ মৌলিক পদাৰ্থ।

উত্তৰঃ মিছা।

(খ) তুতিয়া পানীত দ্ৰৱভূত কৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন।

উত্তৰঃ 

(গ) গছৰ গুটিৰ পৰা পুলি গজাটো এটা ভৌতিক পৰিৱৰ্তন।

(ঘ) ব্লিচিং পাউডাৰৰ পৰা ক্ল’ৰিন গেছ ওলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।

(ঙ) ফটকা ফুটোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।

উত্তৰঃ সঁচা।

৩। ভৌতিক পৰিৱৰ্তন কাৰ বোলে? ভৌতিক পৰিৱৰ্তনৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক পৰিবৰ্তনত পদাৰ্থৰ আকাৰহে সলনি হয়, নতুন পদাৰ্থৰ সৃষ্টি নহয় তেনে পৰিবৰ্তনক ভৌতিক পৰিবৰ্তন বোলা হয়।

    ভৌতিক পৰিবৰ্তনৰ দুটা উদাহৰণ হৈছে – (i) বৰফ গলি পানী হোৱা প্ৰক্ৰিয়া আৰু (ii) চাউলৰ পৰা ভাত হোৱা প্ৰক্ৰিয়া।

৪। ৰাসায়নিক পৰিৱৰ্তন কাক বোলে? ৰাসায়নিক পৰিৱৰ্তনৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক পৰিবৰ্তনত পদাৰ্থৰ আকাৰ আৰু আকৃতিৰ লগতে নতুন পদাৰ্থৰো সৃষ্টি হয় তেনে পৰিবৰ্তনক ৰাসায়নিক পৰিবৰ্তন বোলা হয়।

    ৰাসায়নিক পৰিবৰ্তনৰ দুটা উদাহৰণ হৈছে – (i)লোত মামৰে ধৰা প্ৰক্ৰিয়া। (ii) আৰু এচিডত ক্ষাৰ মিলোৱা প্ৰক্ৰিয়া।

৫। ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰিব পৰা চাৰিটা লক্ষণ উল্লেখ কৰা।

উত্তৰঃ ৰাসায়নিক পৰিবৰ্তন চিনাক্ত কৰিব পৰা চাৰিটা লক্ষণ হৈছে – 

– পদাৰ্থৰ ধৰ্মৰ সলনি হয়।

– পুনৰ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি।

– নতুন পদাৰ্থৰ সৃষ্টি হয়।

– পদাৰ্থৰ ৰং, গোন্ধ আদিৰ পৰিবৰ্তন হ’ব পাৰে।

৬। লোত মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ তিনিটা উপায় বৰ্ণনা কৰা।

উত্তৰঃ লোত মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ তিনিটা উপায় হৈছে – 

দস্তালেপনঃ এই প্ৰক্ৰিয়াৰ দ্বাৰা লোক মামৰে ধৰাৰ পৰা ৰক্ষা কৰিব পাৰি। 

লোৰ সামগ্ৰীসমূহ পানী পৰা ঠাইৰ পৰা বচাই ৰাখিব লাগিব।

লোত কেনেবাকৈ পানী পৰিলেও  তাক ভালদৰে ৰ’দত শুকুৱাব লাগিব।

৭। স্ফটিকীকৰণ কি? কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰ ছালফেটৰ স্ফটিক কেনেদৰে প্ৰস্তুত কৰিবা বৰ্ণনা কৰা।

উত্তৰঃ অতিসংপৃক্ত দ্ৰৱ এটা চেঁচা কৰিলে অতিৰিক্তভাৱে দ্ৰবীভূত হোৱা দ্ৰাব্য়খিনি দানাৰ আকাৰত পাত্ৰৰ তলিত জমা হয়। এইদৰে দ্ৰাব্য়ক পুনৰুদ্ধাৰ কৰা কাৰ্যক স্ফটিকীকৰণ বোলা হয়।

৮। দস্তালেপন কাক বোলে? ইয়াৰ ব্যৱহাৰ কি?

উত্তৰঃ লোক সঁজুলিৰ ওপৰত দস্তাৰ প্ৰলেপ দিয়াকে দস্তালেপন বোলা হয়।

    লোৰ সঁজুলিক মামৰৰ পৰা বচাবলৈ দস্তাৰ প্ৰলেপ দিয়া হয়।

৯। মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয়? বৰ্ণনা কৰা।

উত্তৰঃ মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত বৰষুণৰ পৰিমাঁ বেছি হোৱাৰ উপৰি জলীয় বাষ্পৰ পৰিমাণো বেছি। সেয়ে মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰীত বেছি সোনকালে মামৰে ধৰে।

১০। একে সময়তে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটা পৰিঘটনা এটাৰ উদাহৰণ দিয়া।

উত্তৰঃ 

১১। কেঁচা আম টেঙা কিন্তু পকিলে মিঠা হয়। এয়া ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন।

উত্তৰঃ

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top