SVN Class 7 Science Chapter 8 Answer মাটি

মাটি

পাঠ ৮

প্ৰশ্ন ১ আৰু ২ৰ অতি উপযোগী চিন দিয়াঃ

১। শিলৰ টুকুৰাৰ উপৰি মাটিত থাকে

(ক) বায়ু আৰু পানী

(খ) পানী আৰু উদ্ভিদ

(গ) খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী

(ঘ) পানী, বায়ু আৰু উদ্ভিদ

উত্তৰঃ খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী।

২। পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ’ল

(ক) বালিচহীয়া মাটিৰ

(খ) আলতীয়া মাটিৰ

(গ) দোমোজা মাটিৰ

(ঘ) বালি আৰু জৈৱিক সাৰ থকা মাটিৰ

উত্তৰঃ আলতীয়া মাটি।

৩। স্তম্ভ ১ ৰ লগত স্তম্ভ ২ মিলোৱা।

স্তম্ভ-১স্তম্ভ-২
(ক) জীৱৰ বাসস্থান হ’ল(খ) মাটিৰ উপৰিভাগ(গ) বালিচহীয়া মাটি(ঘ) মাটিৰ মধ্য তৰপ(ঙ) আলতীয়া মাটিসকলো প্ৰকাৰৰ মাটি
ডাঠ ৰঙৰডাঙৰ কণিকা  কম পৰিমাণৰ হিউমাছ সৰু কণিকা আৰু টানকৈ বন্ধা(ঙ) 

৪। মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰা।

উত্তৰঃ মাটি বিভিন্ন প্ৰকাৰৰ জৈৱ পদাৰ্থ( সজীৱ আৰু মৃত জীৱ ), খনিজ লৱণ আৰু পোষক দ্ৰব্য়ৰ সমন্বত গঠিত। শিলাখণ্ডৰ বিচূৰ্ণীভৱনৰ ফলত পদাৰ্থৰ সৰু সৰু কণিকাৰ সৃষ্টি হয়। এইদৰেই মাটিৰ সৃষ্টি হয়।

৫। মাটি গঠন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

উত্তৰঃ মাটি গঠন হোৱা প্ৰক্ৰিয়াটোক বিচূৰ্ণীভৱন বোলে

৬। মাটি কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ মাটি তিনি প্ৰকাৰৰ – বালিচহীয়া মাটি, দোমোজা মাটি আৰু আলতীয়া মাটি।

৭। কোনবিধ মাটিত হিউমাছ বেছি থাকে?

উত্তৰঃ দোমোজা মাটিত হিউমাছ বেছি থাকে।

৮। কোনবিধ মাটি শস্যৰ বাবে অতি উপযোগী আৰু কিয়?

উত্তৰঃ দোমোজা মাটি শস্য়ৰ বাবে অতি উপযোগী। এই মাটিত পলস থাকে। ইয়াৰ উদ্ভিদৰ বৃদ্ধিৰ বাবে উপযুক্ত ধাৰণ ক্ষমতা থাকে সেয়েহে এই মাটি উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি উপযোগী।

৯। আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ 

আলতীয়া মাটিবালিচহীয়া মাটি
১। এই মাটিত কণিকাৰ পৰিমাণ সৰু। ২। এই মাটিয়ে যথেষ্ট পৰিমাণৰ পানী ধৰি ৰাখিব পাৰে। ৩। এই মাটিত বায়ুৰ কাৰণে ঠাই কম থাকে। এই মাটি সাধাৰণতে গধুৰ আৰু সেমেকা হয়।এই মাটিত কণিকাৰ পৰিমাণ ডাঙৰ। এই মাটিয়ে অতি কম পৰিমাণে পানী ধৰি ৰাখিব পাৰে। এই মাটিত বায়ুৰ কাৰণে বহুত ঠাই থাকে। এই মাটি সাধাৰণতে পাতল আৰু শুকান হয়।

১০। মাটিৰ পাৰ্শ্ব-চিত্ৰ আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা।

উত্তৰঃ 

১১। কোনবিধ মাটিৰ পানী ধাৰণ ক্ষমতা অতি কম আৰু অতি বেছি?

উত্তৰঃ বালিচহীয়া মাটিৰ পানী ধাৰণ ক্ষমতা অতি কম। আৰু আলতীয়া মাটিৰ পানী ধাৰণ ক্ষমতা অতি কম।

১২। ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে ২০০মি.লি. পানী অন্তঃস্ৰৱণ হ’বলৈ ৪০ মিনিট সময় লাগিছিল। পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা।

উত্তৰঃ

১৩। মাটি প্ৰদূষণ আৰু মাটিৰ খহনীয়া বা ক্ষয়ীভৱন কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিবলৈ কিছু পদ্ধতি হৈছে – 

বনানীকৰণঃ বনানীকৰণে মাটিৰ অৱক্ষয় ৰোধ কৰে, কিয়নো উদ্ভিদৰ শিপাই যথাস্থানত মাটিক ধৰি ৰাখে।

আশ্ৰয় বেষ্টনীঃ খেতি পথাৰৰ চাৰিওফালে শাৰী শাৰীকৈ গছ ৰুই বতাহৰ গতিবেগ ৰোধ কৰি মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পাৰি।

মাটিৰ আৱৰণঃ শস্য়াৱৰ্তনৰ পিছত উন্মুক্ত মাটিডৰাত গছৰ শুকান পাত বা ঘাঁহ-বন জাপি দি মাটিৰ অৱক্ষয় ৰোধ কৰিব পাৰি।

    মাটি প্ৰদূষণ ৰোধ কৰিবলৈ হ’লে খেতি পথাৰত ৰাসায়নিক দ্ৰব্য়ৰ ব্য়ৱহাৰ যিমান পাৰি সিমান কমাই কৰিব লাগে। ঘৰৰ আৰু উদ্য়োগৰ পেলনীয়া জাবৰ-জোথৰ উপযুক্ত ঠাইতহে পেলাব লাগে।

১৪। তলত দিয়া শব্দ শৃংখলটো উল্লিখিত ইংগিতৰ সহায়ত সমাধান কৰা।

  ১বা   
   লি   
   চ   
  হী   
  য়া    
     
    ৫প
     ল
      স

থিয়কৈঃ

১। ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান থকা মাটিৰ প্ৰকাৰটো

৩। মাটিৰ আটাইতকৈ ওপৰৰ স্তৰটোৰ এটা বৈশিষ্ট্য

৫। দোমোজা মাটিত বালি, বোকাৰ বাহিৰেও আনবিধ উপাদান

পথালিকৈঃ

২। মাটিত থকা পচা পদাৰ্থ

৪। কম পৰিমাণৰ হিউমাছ আৰু অধিক পৰিমাণৰ খনিজ পদাৰ্থ থকা মাটিৰ তৰপটো

৬। হিউমাছ আৰু যি কণিকাৰ মিশ্ৰণক মাটি বুলি কোৱা হয় সি

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top