SVN Class 7 Social Science Chapter 13 Answer মোগল ৰাজত্বকালত ভাৰতবৰ্ষ

মোগল ৰাজত্বকালত ভাৰতবৰ্ষ

পাঠ ১৩

(১) উত্তৰ লিখাঃ

(ক) কোন চনত ভাৰতত মােগল সাম্রাজ্য প্রতিষ্ঠা হৈছিল?

উত্তৰঃ ১৫২৬ খ্ৰীঃত ভাৰতত মােগল সাম্রাজ্য প্রতিষ্ঠা হৈছিল।

( খ ) কোনখন যুদ্ধত আকবৰে মেৱাৰৰ ৰাণা প্রতাপ সিংহক পৰাস্ত কৰি চিতােৰ দুর্গ অধিকাৰ কৰিছিল ?

উত্তৰঃ হলদিঘাটৰ যুদ্ধত আকবৰে মেৱাৰৰ ৰাণা প্রতাপ সিংহক পৰাস্ত কৰি চিতােৰ দুর্গ অধিকাৰ কৰিছিল।

( গ ) ‘মনচব’ শব্দৰ অর্থ কি ?

উত্তৰঃ ‘মনচব’ শব্দৰ অর্থ হ’ল- পদমৰ্যাদা।

( ঘ ) ‘আকবৰনামা’ কোনে লিখিছিল ? 

উত্তৰঃ ‘আকবৰনামা’ আবুল ফজলে লিখিছিল।

 ( ঙ ) মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহােমৰ ৰজা কোন আছিল ?

 উত্তৰঃ মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহােমৰ ৰজা কোন আছিল জয়ধ্বজ সিংহ।

( ২ ) চমু টোকা লিখা— 

( ক ) পানিপথৰ প্রথম যুদ্ধ

উত্তৰঃ

( খ ) হুমায়ুন

উত্তৰঃ হুমায়ুনঃ বাবৰৰ মৃত্যুৰ পাছত পুত্ৰ হুমায়ুন ১৫৩০ খ্ৰীঃত মোগল সিংহাসনত অধিকাৰী হয়। সিংহাসনত উঠি হুয়াময় কিছু বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল। বাবৰৰ হুমায়ুনৰ বাহিৰেও আৰু তিনিজন পুত্ৰ আছিল। তেওঁলোক হ’ল কামৰান, হিন্দাৰ আৰু আস্কাৰী । এওঁলোকেও সিংহাসন দাবী কৰিছিল। এই বিপদৰ পৰা হাত সাৰিবৰ কাৰণে হুমায়নে ভায়েকসকলক তেওঁৰ সাম্ৰাজ্যৰ বিভিন্ন ঠাইৰ আঞ্চলিক শাসনকৰ্তা পাতি দিছিল। আন এটা বিপদ আহিছিল আফগান নেতা শ্বেৰশ্বাহৰ নেতৃত্বত মোগলসকলৰ বিৰুদ্ধে যুদ্ধ কৰে। ১৫৩৯ খ্ৰীঃত চৌচাৰ যুদ্ধ আৰু ১৫৪০ খ্ৰীঃত হোৱা কনৌজৰ যুদ্ধত শ্বেৰশ্বাহৰ হাতত পৰাস্ত হৈ হুমায়ুনে ইৰানলৈ পলাই যায়। ১৫৫৫ খ্ৰীঃত তেওঁ পুনৰ সিংহাসন অধিকাৰ কৰিছিল যদিও কিছুদিনৰ পিছত তেওঁৰ মৃত্যু হয়।  


(গ ) পানিপথৰ দ্বিতীয় যুদ্ধ 

উত্তৰঃ পানিপথৰ দ্বিতীয় যুদ্ধঃ ১৯৫৬ খ্ৰীঃত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হয়। এই যুদ্ব আফগান সেনাপতি হিমু আৰু আকবৰৰ মাজত লাগিছিল। যুদ্বত আকবৰে হিমুৰ সৈন্যবাহিনীক সম্পূৰ্ণৰূপে পৰাস্ত কৰিছিল। হিমুক আকবৰৰ শিবিৰলৈ আনি বেইৰাম খাঁৰ নিৰ্দেশত প্ৰাণদণ্ড বিহা হৈছিল। এই যুদ্ধৰ ফলত দিল্লী আৰু আগ্ৰাত মোগলৰ ক্ষমতা পুনৰ প্ৰতিষ্ঠিত হয়।


 (ঘ ) নূৰজাহান

 উত্তৰঃ নূৰজাহানঃ জাহাংগীয়ে ১৬১১ খ্ৰীঃত নূৰজাহানক বিয়া কৰায়। নূৰজাহান আছিল আকবৰৰ ৰাজসভাৰ মীৰ্জাঘিয়াল বেগ নামৰ এজন বিষয়াৰ জীয়ৰী। নূৰজাহান দেখিবলৈ যিমান ধুনীয়া আছিল ৰাজনীতিৰ ক্ষেত্ৰতো সিমানেই অভিজ্ঞ আছিল। তেওঁ এগৰাকী সাহসী আৰু বুদ্ধিমতী নাৰী আছিল। নূৰজাহানে ৰাজ্যৰ বহুতো গুৰুত্বপূৰ্ণ কাম চোৱা-চিতা কৰিছিল। তেওঁ দেশৰ শিল্প আৰু শিক্ষাৰ উন্নতিৰ প্ৰতিও চকু দিছিল।    ৰাজত্বৰ শেষৰ ফালে জাহাংগীৰ নূৰজাহানৰ হাতৰ পুতলাৰ নিচিনা হৈ পৰিছিল। 


( ঙ ) ঔৰংগজেৱৰ ৰাজপুত নীতি ।

উত্তৰঃ ঔৰংগজেৱৰ ৰাজপুত নীতিঃ আকবৰৰ দিনত ৰাজপুতসকলৰ প্ৰতি বন্ধুতমূলক নীতিৰ পৰিৱৰ্তে ঔৰংগজেৱে তেওঁলোকৰ প্ৰতি আক্ৰমণাত্মক নীতি গ্ৰহণ কৰিছিল। ঔৰংগজেৱে মেৱাৰ আক্ৰমণ কৰিছিল যদিও ৰাজপুত সৈন্যৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি পাছত সন্ধি কৰিবলৈ বাধ্য হৈছিল। সন্ধিৰ চৰ্ত অনুসৰি মেৱাৰৰ ৰাণাই তেওঁৰ ৰাজ্যৰ এটা অংশ মোগলক এৰি দিয়ে। ঔৰংগজেৱে হিন্দুসকলৰ ওপৰত ‘জিজিয়া কৰ’ বহুৱাইছিল।

( ৩ ) খালী ঠাই পূৰ কৰা— 

( ক ) ১৫২৮ খ্রীঃত ………………. যুদ্ধত বাবৰে ৰাজপুতসকলক পৰাস্ত কৰে ।

উত্তৰঃ চান্দেৰী যুদ্ধত। 


( খ ) হুমায়ুনৰ ৰাজত্বকালত আফগানসকলে ……………….. নেতৃত্বত মােগলৰ বিৰুদ্ধে যুদ্ধ কৰে । 

উত্তৰঃ শ্বেৰশ্বাহৰ।

( গ ) পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰ আৰু ……………….. মাজত লাগিছিল ।

 উত্তৰঃ হিমুৰ।( ঘ ) আকবৰে অম্বৰ ৰাজ্যৰ লগত ……………………. নীতি গ্রহণ কৰিছিল ।

 উত্তৰঃ উদাৰ নীতি।

( ঙ ) আকবৰক এজন ………………… ৰজা বুলি আখ্যা দিয়া হয় ।

উত্তৰঃ   

( ৪ ) চমুকৈ উত্তৰ লিখা 

( ক ) আকবৰৰ ৰাজপুত নীতি । 

উত্তৰঃ আকবৰেই আছিল প্ৰথম মোগল সম্ৰাট যিজনে ৰাজপুতসকলৰ প্ৰতি উদাৰ নীতি গ্ৰহণ কৰিছিল। হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ ভাব জগাই তুলিবলৈকে হয়তো এনে উদাৰনীতি গ্ৰহণ কৰা হৈছিল।        
    আকবৰে অম্বৰ, বিকানীৰ, যোধপুৰ, জয়চালমেৰ আদি ৰাজপুত প্ৰতি বন্ধুত্বমূলক নীতি গ্ৰহণ কৰিছিল। কোনো কোনো ঠাইত ৰাজপুতসকলৰ লগত মোগলৰ বৈবাহিক সম্বন্ধও স্থাপন হৈছিল। অৱশ্যে যিবিলাক ৰাজপুত ৰজাই আকবৰৰ বশ্যতা মানি লোৱা নাছিল তেনে ৰাজ্যৰ লগত আকবৰে যুদ্ধ কৰিছিল। যেনে- মেৱাৰ।


( খ ) আকবৰৰ ধর্মীয় নীতি । 

উত্তৰঃ ধৰ্মীয় নীতিৰ ক্ষেত্ৰত আকবৰ উদাৰ আছিল। তেওঁ সকলো ধৰ্মৰ মানুহকে শ্ৰদ্ধা কৰিছিল আৰু তেওঁলোকৰ ধৰ্মমত অনুসৰি প্ৰাৰ্থনা কৰাৰ অনুমতি দিছিল। আকবৰে এটা নতুন নীতি  ধৰ্মমত প্ৰচাৰ কৰিছিল, যাক ‘দিন-ই-ইলাহি’ বুলি জনা যায়।

( গ ) মিৰজুমলাৰ অসম আক্রমণ । 

উত্তৰঃ ঔৰংগজেৱে ইতিমধ্যে মিৰজুমলাৰ বংগ দেশৰ শাসনকৰ্তা পাতিছিল। এখন বিশাল মোগল সাম্ৰাজ্য গঠনৰ উদ্দেশ্য ঔৰংগজেৱে মিৰজুমলাৰ আহোমসকলৰ বশ কৰাৰ উদ্দেশ্য অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়।          ১৬৬১ খ্ৰীঃৰ ডিচেম্বৰ মাহত মিৰজুমলাই অসম আক্ৰমণ কৰিবলৈ আহি প্ৰথমে কোচবিহাৰ দখল কৰে। তাৰ পাছত অসম আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। সেই সময়ত আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ। আহোম ৰজা জয়ধ্বজ সিংহ ৰাজধানী এৰি পলাই যায়। কিন্তু এনে সময়তে মোগল সৈন্যবাহিনী বহুতো সংকটৰ সন্মুখীন হ’বলগীয়া হয়। অসমত প্ৰবল বানপানী হৈ যাতায়ত ব্যৱস্থাৰ অসুবিধা হোৱাত মোগল সৈন্যবাহিনীয়ে ৰচদ-পাতি, যুদ্ধৰ আহিলা আদি সমস্যাত ভুগে। বানপানীৰ পাছত মহামাৰী আৰম্ভ হয় আৰু মোগলৰ বহুতো সৈন্য মৃত্যুমুখত পৰে। মিৰজুমলাই নিজেও টান নৰিয়াত পৰে। শেষত আহোমৰ লগত মোগলৰ সন্ধি হয়। এই সন্ধি হৈছিল ১৬৬৩ খ্ৰীঃৰ ৯ জানুৱাৰীত। সন্ধিৰ চুক্তি অনুসৰি আহোম ৰজাই মোগলক বহুতো সোণ, ৰূপ, হাতী আদি দিব লগাত পৰিল।

( ঘ ) ছাহজাহানৰ ৰাজত্বকালত হােৱা শিল্প – সংস্কৃতিৰ উন্নতি ।

উত্তৰঃ ছাহজাহানৰ শিল্পকলা, সাহিত্য-সংস্কৃতিৰ প্ৰতি প্ৰচুৰ ৰাপ আছিল। তেওঁ সংগীত খুব ভাল পাইছিল আৰু সংগীতজ্ঞসকলক যথেষ্ট সন্মান প্ৰৰ্দশন কৰিছিল। ছাহজাহানৰ ৰাজসভাত কেইবাজনো সংগীতজ্ঞ আছিল। তাৰ ভিতৰত জগন্নাথ মহাপাত্ৰ, ৰামদাস আৰু লালখান আছিল প্ৰধান। ছাহজাহানৰ ৰাজত্বকালত মোগল স্থাপত্যৰ চৰম বিকাশ হয়। তেওঁৰ ৰাজত্বকালত সাজি উলিওৱা বিখ্যাত ময়ূৰ সিংহাসন আৰু তাজমহলৰ স্থাপত্য, ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা যায়। ছাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত যমুনা নদীৰ পাৰত তাজমহল নিৰ্মাণ কৰোৱাইছিল। কাৰুকাৰ্যখচিত এই স্মৃতিসৌধটো নিৰ্মাণ কৰোঁতে সেই সময়তে প্ৰায় ৫০ লাখ টকা ব্যয় হৈছিল আৰু সময় লাগিছিল ২২ বছৰ। সম্প্ৰতি তাজমহল পৃছিৱীৰ সপ্তম আশ্চৰ্যৰ এটা বুলি পৰিগণিত। ছাহজাহানৰ আন এটা উল্লেখনীয় কীৰ্তি হ’ল আগ্ৰাত নিৰ্মাণ কৰা মতি মছজিদ।

( ঙ ) মােগল সাম্রাজ্যৰ পতনৰ পাঁচটা কাৰণ ।

উত্তৰঃ মােগল সাম্রাজ্যৰ পতনৰ পাঁচটা কাৰণ হ’ল-(১) ঔৰংগজেৱেৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ বিস্তৃতি ইমান বিশাল হৈছিল যে ইয়াৰ সকলো দিশত চকু ৰাখি সুচাৰুৰূপে পৰিচালনা কৰা সম্ৰাটৰ পক্ষে টান হৈ পৰিছিল।
(২) ঔৰংগজেৱ ধৰ্মৰ ক্ষেত্ৰত বৰ গোড়া আছিল। তেওঁ আন ধৰ্মৰ মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল। তেওঁ হিন্দুৰ ওপৰত ‘জিজিয়া কৰ’ বহুৱাইছিল। ঔৰংগজেৱৰ ধৰ্মীয় গোড়ামিয়ে হিন্দুসকলক বেছিকৈ ক্ষুব্ধ কৰিছিল। ইয়াৰপৰাই হিন্দু-মুছলমান সম্প্ৰীতিৰ মাজত ভাঙোন আৰম্ভ হৈছিল।
(৩) ঔৰংগজেৱে ৰাজপুতসকলক শত্ৰু জ্ঞান কৰিছিল  আৰু তেওঁলোকৰ প্ৰতি আক্ৰমণাত্মক নীতি গ্ৰহণ কৰিছিল।
(৪) ঔৰংগজেৱে কাকো বিশ্বাসত নলৈছিল। তেওঁৰ এই সন্দেহী মনোভাৱ মোগল সাম্ৰাজ্য পতনৰ এক কাৰণ হৈ পৰিছিল।
(৫) ঔৰংগজেৱৰ পাছত মোগল ৰজাসকল দুৰ্বল আৰু অদক্ষ আছিল আৰু সেয়ে বিশাল মোগল সাম্ৰাজ্যখন ধৰি ৰাখিবলৈ তেওঁলোক সক্ষম নহৈছিল।