SVN Class 7 Social Science Chapter 15 Answer ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ

ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ

পাঠ – ১৫


অনুশীলনী

১। জনসংখ্যা কাক বোলে ?

উত্তৰঃ কোনো এটা অঞ্চলত স্থায়ীভাৱে বসবাস কৰি থকা জনগণৰ অঞ্চলটোক জনসংখ্যা বোলে।

২। জনসংখ্যাৰ ঘনত্ব মানে কি বুজা ?

উত্তৰঃ জনসংখ্যাৰ ঘনত্ব মানে হ’ল- কোনো এখন ঠাইৰ জনসংখ্যাৰ ঘনত্ব = ঠাইখনৰ মুঠ জনসংখ্যা / ঠাইখনৰ মুঠ মাটিকালি।

৩। ২০১১ চনৰ লােকপিয়ল মতে ভাৰতৰ জনসংখ্যা ঘনত্ব কিমান আছিল ?

 উত্তৰঃ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ঘনত্ব ৩৮২ (প্ৰতি বৰ্গ কিঃমিঃত) আছিল।

৪। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ লিখা ।

 উত্তৰঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ হ’ল-(১) জন্মৰ হাৰ বৃদ্ধি,(২) মৃত্যুৰ হাৰ কম,(৩) প্ৰব্ৰজন।

৫। ২০১১ চনত ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ ২০১১ চনত ভাৰতৰ মুঠ জনসংখ্যা ১২১,০৫,৬৯,৫৭৩ আছিল। 

৬। ভাৰতৰ জনসংখ্যাৰ বিতৰণ সকলাে ঠাইতে কিয় সমান নহয় ? ইয়াৰ মূল কাৰণ কি কি ? 

উত্তৰঃ ভাৰতৰ প্ৰাকৃতিক অৱয়ৱৰ বিভিন্নতা অনুসৰি জনসংখ্যা বিতৰণতো বিভিন্নতা আহে। অৰ্থাৎ ভিন ভিন পৰিৱেশত বসবাস কৰা লোকৰ সংখ্যাও ভিন ভিন হয়। ভূ-প্ৰকৃতি, মাটিৰ উৰ্বৰতা, পানীৰ প্ৰাচুৰ্যতা আদিয়ে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলায়। তদুপৰি উদ্য়োগ, পৰিবহণ আদিয়েও জনসংখ্যা বিতৰণত প্ৰভাৱ পেলায়। নদী, হ্ৰদ, বিল আদিৰ পাৰে পাৰে মানুহৰ বসতি ঘন। গংগা নদীৰ দুয়োপাৰে ভাৰতৰ আটাইতকৈ ঘন বসতি অঞ্চল। উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল, অৰ্থাৎ উত্তৰ-পশ্চিম ৰাজস্থানৰপৰা পঞ্জাব-হাৰিয়ানা হৈ ব্ৰহ্মপুত্ৰ উপত্যকা পৰ্যন্ত উৰ্বৰ ভূনিত ৪৮ শতাংশ লোকে বাস কৰে।  

৭। ভাৰতৰ কোন কোন অঞ্চলত জনসংখ্যাৰ বিতৰণ অধিক, কিয় ? 

উত্তৰঃ ভাৰতৰ ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ আদি মালভূমিৰ অঞ্চলত জনসংখ্যাৰ বিতৰণ অধিক। কাৰণ খনিজ সম্পদৰ আধিত্য তথা কৃষিকাৰ্যৰ সুবিধা আছে।

৮৷ ভাৰতৰ কোন অঞ্চলত জনসংখ্যাৰ বিতৰণ কম , কিয় ?

উত্তৰঃ