Might Learn Logo Might Learn

SVN Class 8 Assamese Chapter 13 Answer হাঁহি পাঠটোৰ উত্তৰ

হাঁহি

Lesson: 13

ক্ৰিয়া কলাপ
১। চমু উত্তৰ দিয়া ঃ

(ক) হাঁহি পাঠটিৰ ৰচক কোন?

উত্তৰঃ হাঁহি পাঠটিৰ ৰচক হৈছে জ্ঞানদাভিৰাম বৰুৱা।

(খ) আমাৰ শৰীৰটোৰ ভাল – বেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ আমাৰ শৰীৰটোৰ ভাল-বেয়া হজমৰ ওপৰত নিৰ্ভৰ কৰে।

(গ) লিখকে কিমান চনত আমেৰিকাৰ পৰা ওলােৱা ন – ভাবৰ কিতাপবােৰ পঢ়িছিল?

উত্তৰঃ লিখকে ১৯০৪ চনত আমেৰিকাৰ পৰা ওলোৱা ন-ভাৱৰ কিতাপবোৰ পঢ়িছিল।

(ঘ) কোন বিলাক মানুহে নির্ভয়ে হাস্পাতাললৈ গৈছিল ?

উত্তৰঃ আমেৰিকা-ইউৰোপ ৰ মানুহে নিৰ্ভয়ে হাস্পাতাললৈ গৈছিল।

(ঙ) লিখকে উল্লেখ কৰা গপটোত আমেৰিকাৰ বেমাৰি জনে কেতিয়া হাঁহিছিল বুলি কৈছে ?

উত্তৰঃ যেতিয়া এজন মানুহে বেমাৰী বিছনা ওচৰলৈ গৈ পুৱায়ে হাঁহিছিল তেতিয়া মানুহজনৰ মুখলৈ একেথৰে চাইছিল আৰু ভাৱিছিল -মানুহটোৱে কিয় হাহে। কেইবাদিনৰ পাছত মানুহটোৱে এনেকৈ হাহি থকা দেখি বেমাৰীজনেও হাঁহিছিল।

(চ) আর্চি চাই লিখকে কিমান মিনিট সময় হাঁহিব দিছে ?

উত্তৰঃ আৰ্চি চাই লিখকে একমিনিটৰ পৰা দুই মিনিটৰ ভিতৰত হাঁহিব দিছে।

(ছ) লেখকে বাটৰুৱা জনক কি খােৱাৰ কথা কৈছিল ?

উত্তৰঃ লেখকে বাটৰুৱা জনক চাহ-পানী খোৱাৰ কথা কৈছিল।

(জ) লিখকৰ আলহীজনৰ বয়স কিমান আছিল ?

উত্তৰঃ একসত্তৰ বছৰ।

২। পাঠটিৰ আধাৰত হাঁহিৰ উপকাৰিতাৰ বিষয়ে লিখা ।

উত্তৰঃ হাঁহিলে যকৃৎ আদিৰ ক্ৰিয়া ভাল হয়,তেজৰ ক্ৰিয়া ভাল হয়, হজম শক্তি বাঢ়ে। হজমৰ ওপৰতে আমাৰ শৰীৰ ভাল বেয়া নিৰ্ভয় কৰে। যি খোৱা তাক যদি সুন্দৰ ভাৱে হজম কৰিব পাৰে,তেতিয়া কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে। হাঁহিলে হজম হয়। হাঁহিলে মন প্ৰফুল্ল হয়।

৩। ডাক্তজনে বেমাৰী জনলৈ কি দৰব ধার্য কৰিছিল ?

উত্তৰঃ ডাক্তৰে বেমাৰী জনলৈ হাঁহি দৰব ধাৰ্য কৰিছিল।

৪। লিখকে কোনবােৰ ঠাইত নেহাঁহিবা বুলি কৈছে ?

উত্তৰঃ লিখকে গোঁসাই সেৱা কৰিবলৈ গৈ, পঢ়াশালিত , যিবোৰ ঠাইত সামাজিক নিয়ম আছে সেইবোৰ ঠাইত নেহাঁহিব কৈছে।

৫। জ্ঞানদাভিৰাম বৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল ?

উত্তৰঃ জ্ঞানদাভিৰাম বৰুৱা অসম সাহিত্য সভাৰ ১৯৩৩ চনৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অধিবেশনৰ সভাপতি আছিল।

৬। “ খুব হাঁহিবা , যেতিয়াই সুবিধা পােৱা তেতিয়াই হাঁহিবা । ” – কোনে কেতিয়া কাক কৈছিল ?

উত্তৰঃ উক্ত কথাষাৰ কবিয়ে, বাটৰুৱাক কৈছিল।

৭। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা

( ক ) “ কান্দি চকুত পানী অনাতকৈ হাঁহি চকুত পানী অনা ভাল । ”

উত্তৰঃ উক্ত বাক্যশাৰীৰ “ভাৰতী সাহিত্য চয়ন” পাঠ্য পুথিৰ অন্তগৰ্ত জ্ঞানদাভিৰাম বৰুৱা দেৱৰ দ্বাৰা ৰচিত “হাঁহি” পাঠটিৰ পৰা তুলি লোৱা হৈছে।

 কবিয়ে উক্ত বাক্যশাৰীৰ দ্বাৰা কৈছে যে হাহি আমাৰ শৰীৰৰ কাৰণে বহু উপকাৰী। সেই কাৰণে আমি যদি কান্দি চকু পানী অনাতকৈ হাঁহিত যদি চকু পানী আনিব পাৰো আমাৰ কাৰণে লক্ষ গুণে ভাল বুলি কৈছে। 

( খ ) “ খুব হাঁহিবা , যেতিয়াই সুবিধা পােৱা তেতিয়াই হাঁহিবা । ”

উত্তৰঃ উক্ত বাক্যশাৰীৰ “ভাৰতী সাহিত্য চয়ন” পাঠ্য পুথিৰ অন্তগৰ্ত জ্ঞানদাভিৰাম বৰুৱা দেৱৰ দ্বাৰা ৰচিত “হাঁহি” পাঠটিৰ পৰা তুলি লোৱা হৈছে। উক্ত বাক্যশাৰীৰ দ্বাৰা কৈছে যে আমাৰ শৰীৰ ভালে ৰাখিব কাৰণে, মন প্ৰফুল্ল কৰি ৰাখিব কাৰণে যেতিয়াই তেতিয়াই হাঁহিব কৈছে।

৮। লিখকে বয়সীয়াল মানুহৰ লগত কথা পতাটো কিহৰ লগত তুলনা কৰিছে ?

উত্তৰঃ লিখকে বয়সীয়াল মানুহৰ লগত কথা পতাটো উচ্চ শিক্ষা লগত তুলনা কৰিছে।

ভাষা বিচাৰ

১। এটা শব্দত প্ৰকাশ কৰা-

( ক ) যিয়ে কাকোয়ে ভয় নকৰে নিৰ্ভয়

( খ ) বাটেৰে গৈ থকা মানুহ বাটৰুৱা

( গ ) মন মাৰি থকা বিমৰ্ষ

( ঘ ) এক হাজাৰ গুণৰ সমাহাৰ সহস্ৰগুণ

( ঙ ) মন আনন্দিত কৰি ৰখা

২। বিপৰীত শব্দ লিখা-

সুন্দৰ, প্ৰফুল্ল, হাঁহি, উপকাৰিতা, উচ্চ, বিষাদ।

উত্তৰঃ সুন্দৰ- কুৎসিত

        প্ৰফুল্ল- 

        হাঁহি- কান্দোন

        উপকাৰিতা-অপকাৰিতা

        উচ্চ- নিচ

        বিষাদ-হৰ্ষ

৩। প্ৰতিশব্দ লিখা (দুটাকৈ)-

তেজ = ৰক্ত,

আৰ্চি = আইনা,

দেৱাই =

সঙ্গী =

ৰং =

৪। সন্ধি ভাঙি দেখুওৱা-

সময়োচিত, কথা-বাৰ্তা, পৰীক্ষা, উপদেশপূৰ্ণ।

উত্তৰঃ সময়োচিত- সময়+ উচিত কথা-বাৰ্তা- কথা+আবাৰ্তা
পৰীক্ষা- পৰি+ঈক্ষা
উপদেশপূৰ্ণ – উপদেশ+ পূৰ্ণ

৫। সমাস কাক বোলে? সমাস কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। সমাস ৬ প্ৰকাৰৰ। সেইকেইটা হল-

১। দ্বন্দ সমাস,

২। দ্বিগু সমাস,

৩। বহুব্ৰীহি সমাস,

৪। কৰ্মধাৰয় সমাস,

৫। তৎপুৰুষ সমাস,

৬। অব্যয়ীভাৱ সমাস।

৬। পাঠটোত থকা সমাসবদ্ধ শব্দবোৰ বাচি উলিওৱা।

উত্তৰঃ

প্ৰকল্পঃ

হাঁহিৰ খোৰক যগোৱা এগৰাকী আসমীয়া সাহিত্যিকৰ বিষয়ে লিখা।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects