SVN Class 8 Assamese Chapter 6 Answer আমাৰ ভাৰতী আই পাঠটোৰ উত্তৰ

আমাৰ ভাৰতী আই

Lesson: 6

শব্দ টোকা

কোলা = কাষলতিৰ তলৰ কঁকালৰ দাঁতি, য’ত ল’ৰা-ছোৱালী লোৱা হয়। কবিতাটিত ভাৰত মাতৃ (ভাৰতী)ৰ কোলাৰ কোৌলাৰ কথা কোৱা হৈছে।

ভাৰতী = দেশ মাতৃ, ভাৰত মাতা, সৰস্বতী।

উষা = সূৰ্য উদয় হোৱাৰ অলপ আগৰ ক্ষণ, নিচেই পুৱাৰ সময় অৰ্থাৎ দোকমোকালি।

প্ৰথম উষাৰ = উদয় হ’বলৈ ধৰা বেলিৰ প্ৰথম ৰেঙণি।

গঙ্গা = পবিত্ৰ নদী, ভীষ্মৰ মাতৃ, শান্তনু ৰজাৰ ভাৰ্যা।

দৰ্প = অহংকাৰ, গৰ্ব।

লয় = ক্ষয়, ধ্বংসক।

কুটীল = কপটীয়া, বেয়া স্বভাৱ।

প্ৰসবিনী = যি প্ৰসৱ কৰে; উৎপন্ন কৰে।

ক্ৰিয়া কলাপ

১। অতি চমু উত্তৰ লিখা —

ক) ভাৰতী আই’ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ভাৰতী আই’ বুলি আমাৰ ভাৰত ভূমিৰ কথা কোৱা হৈছে।

খ) ‘মন মানস’ ফুলে কিয় পাহি মেলে বুলি কৈছে?

উত্তৰঃ ‘মন মানস’ ফুলে প্ৰেমৰ পৰশ পায় পাহি মেলে বুলি কৈছে।

গ) কবিৰ শান্তিৰ জিৰণি ঠাই কি?

উত্তৰঃ কবিৰ শান্তিৰ জিৰণি ঠাই হ’ল ভাৰতী আই।

ঘ) নলিনীবালা দেৱী কি কবি হিচাপে খ্যাত?

উত্তৰঃ নলিনীবালা দেৱী অতীন্দ্ৰিয় বা ৰহস্যবাদী কবি হিচাপে খ্যাত।

ঙ) নলিনীবালা দেৱীৰ প্রথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ নলিনীবালা দেৱীৰ প্রথম কবিতা পুথিখনৰ নাম হ’ল সন্ধিয়াৰ সুৰ।

২। কবিয়ে ভাৰতী আইৰ কোলাখনি কিয় শান্তিৰ জিৰণি ঠাই বুলি কৈছে?

উত্তৰঃ মিছা অহংকাৰ, কুটিল দৰ্প এই দেশতে নিজে নিজে লয় হৈ যায়। ‘ভাৰতী’ আইয়ে নিজকে শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ জন্ম দিছে বহুতো বীৰ পুৰুষৰ। সেইবাবে কবিয়ে ভাৰতী আইৰ কোলাখনি শান্তিৰ জিৰণি ঠাই বুলি কৈছে।

৩। বীৰ প্রসবিনী ’ বুলি কাক কিয় কোৱা হৈছে?

উত্তৰঃ বীৰ প্রসবিনী ’ বুলি ভাৰতী আইক কোৱা হৈছে।

৪। ব্যাখ্যা কৰা

(ক) মানৱীয়তাৰ জীৱন গঙ্গা

                        ইয়াতে বিচাৰি পায় 

দানৱীয়তাৰ কুটীল দর্প

                    ইয়াতেই লয় পায়। 

উত্তৰঃ

(খ) অ ’ বীৰ প্রসবিনী আই

   অ ‘মােৰ ভাৰতী আই। 

উত্তৰঃ

৫। কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ এই দেশ ভাৰতভূমিক কবিয়ে মাতৃৰূপত কল্পনা কৰিছে। এই দেশ অনুপম। প্ৰভাতৰ প্ৰথম ৰেঙনি এই দেশতে পৰে। এই দেশৰ মানুহে মানৱতাৰ জয়গান গায়। এই দেশত আসুৰিক শক্তিৰ স্থান নাই। মিছা অহংকাৰ, কুটিল দৰ্প এই দেশতে নিজে নিজে লয় হৈ যায়। ‘ভাৰতী’ আইয়ে নিজকে শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ জন্ম দিছে বহুতো বীৰ পুৰুষৰ। শৌৰ্য-বীৰ্য আৰু ভাতৃত্ববোধৰ প্ৰেমে এইদেশক ৰক্ষা কৰিব। সেয়েহে দেশৰ স্বাধীনতাৰ যুঁজত উদ্ধুদ্ধ হ’বলৈ কবিয়ে ভাৰতীৰ বীৰ সন্তানসকলক আহ্বান জনাইছে।

৬। কবি নলিনীবালা দেৱীৰ সাহিত্য কৃতিৰ বিষয়ে লিখা।

উত্তৰঃ অতীন্দ্ৰীয় বা ৰহস্যবাদী কৰি ৰূপে খ্যাত নলিনীবালা দেৱী প্ৰথম কবিতা পুথি ‘সন্ধিয়াৰ সুৰ’ ১৯২৮ চনত প্ৰকাশ পায়। তেওঁৰ আন আন কবিতা পুথিসমূহ হ’ল 一 সপোনৰ সুৰ, পৰশমনি, যুগ দেৱতা, জাগৃতি, অলকানন্দা। ১৯৬৭ চনত তেওঁ ‘অলকানন্দা’ পুথিৰ বাবে তেওঁ সাহিত্য একাদেমী বঁটা লাভ কৰে।

ভাষা বিচাৰ

১। বিপৰীত শব্দ লিখা—

উত্তৰঃ

শান্তি ー অশান্তি।

স্বর্গ ー নৰক।

উদয় ー মাৰ যোৱা।

সূর্য ー চন্দ্ৰ।

প্রেম ー হিংসা, ঘিণা।

মানৱ ー দানৱ।

লয় ー নলয়।

২। প্রত্যয় ভাঙি দেখুওৱা

উত্তৰঃ

ভাৰতী ー ভাৰত + ঈ।

মানৱীয় ー মানৱী + য়।

প্রসবিনী ー প্ৰসবিন + ঈ।

জিৰণি ー জিৰণ + ঈ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top