Might Learn Logo Might Learn

SVN Class 8 General Science Chapter 2 Answer অনুজীৱঃ মিত্ৰ আৰু শত্ৰু পাঠটোৰ উত্তৰ

Lesson 2

অনুজীৱঃ মিত্ৰ আৰু শত্ৰু

১। বসন্ত প্ৰতিষেধক ছিটা দিওঁতে কোনবিধ দ্ৰব্য শৰীৰত সুমুৱাই দিয়া হয়?

উত্তৰঃ বসন্ত প্ৰতিষেধক ছিটা দিওঁতে কিছুমান সংক্ৰমক ৰোগৰ মৃত বা দুৰ্বল কীটানু শৰীৰত সুমাই দিয়া হয়। এই কীটানুবোৰৰ বিৰুদ্ধে যুঁজ দিবলৈ তেজত প্ৰতিদেহ তৈয়াৰ কৰে।

২। তলত দিয়া ৰোগবোৰ কি কি ধৰণৰ অণুজীৱদ্বাৰা সৃষ্টি হয় এখন তালিকা প্ৰস্তুত কৰা।

বসন্ত, যক্ষ্মা, জলাতংক, গ্ৰহণী, হাইজা আৰু মেলেৰিয়া।

উত্তৰঃ- বসন্ত  —— ভাইৰাছ

             যক্ষ্মা ——– বেক্টেৰিয়া

            জলাতংক —– ভাইৰাছ

            গ্ৰহণী ———- প্ৰট’জৱা

             হাইজা ——– বেক্টেৰিয়া

           মেলেৰিয়া ——- প্ৰট’জৱা 

৩। পোন প্ৰথমে কোনে প্ৰতিজৈৱিক আৱিস্কাৰ কৰে। দুটা প্ৰতিজৈৱিকৰ নাম লিখা। 

উত্তৰঃ- ১৯২৯ চনত আলেকজেণ্ডাৰ ফ্লেমিং নামৰ স্কটলেণ্ডৰ এজন চিকিৎসকে পোন প্ৰথমে প্ৰতিজৈৱিক আৱিষ্কাৰ কৰে।

 প্ৰতিজৈৱিক দুটাৰ নাম হ’ল –এৰিট্ৰ’মাইচিন, টেট্ৰাচাইক্লিনচ ।

৪। গাখীৰ পেষ্টুৰাইজ কৰা পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ-অণুজীৱৰ বৃদ্ধি ৰোধ কৰিবলৈ গাখীৰ ৯০ ডিগ্ৰী ছেলচিয়াছ উষ্ণতাত ১৫ ৰ পৰা ৩০ ছেকেণ্ড গৰম কৰি তৎক্ষণাত পেকেটত ভৰাই বন্ধ কৰি দিয়া হয়। এই পদ্ধতিটোক পেষ্টিউৰাইমেচন বুলি কোৱা হয়।লুই পেষ্টৰে ১৮৫৭ চনত এই পদ্ধতিটো আৱিষ্কাৰ কৰে। গাখীৰ উতলাই অণুজীৱৰ মৃত্য়ু ঘটাই গাখীৰ বহু সময়লৈ নষ্ট নোহোৱাকৈ ৰাখিব পাৰে ।

৫। ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়া আৰু নষ্টক এনা-বিনা নামৰ নীলহৰিৎ শেলায়ে মাটিত কিদৰে নাইট্ৰ’জেন সংস্থাপন কৰে ব্যাখ্যা কৰা।

উত্তৰঃ- ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াবিধে মাহজাতীয় উদ্ভিদজোপাৰ শিপাত টেমুনাৰ সৃষ্টি কৰে। মাহজাতীয় শস্য়ৰ খেতি কৰাৰ ফলত ই মাটিডৰাত নাইট্ৰ’জেনৰ পৰিমাণ বৃদ্ধি কৰে, কিয়নো এনে ধৰণৰ শস্য়ৰ শিপাত ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াই টেমুনাৰ সৃষ্টি কৰে।ই বায়ুমণ্ডলৰপৰা নাইট্ৰ’জেন সংগ্ৰহ কৰি নিজে ব্য়ৱহাৰ কৰাৰ উপৰিও মাহজাতীয় উদ্ভিদজোপাক নাইট্ৰ’জেন জাতীয় খাদ্য়ৰ যোগান ধৰে। এইদৰে দুয়ো সহজীৱী হিচাপে বাস কৰে।শস্য় চপোৱাৰ সময়ত মাহজাতীয় শস্য়ৰ শিপাৰ টেমুনাত থকা নাইট্ৰ’জেন যৌগ মাটিত মিহলি হোৱাত খেতিপথাৰত সাৰৰ পৰিমান বৃদ্ধি কৰে।নষ্টক আৰু এনা-বিনা নামৰ নীলহৰিৎ শেলায়ো বায়ুৰপৰা নাইট্ৰ’জেন শোষণ কৰি খেতিপথাৰত নাইট্ৰ’জেনজাতীয় সাৰ যোগান ধৰে।

৬। আমাৰ জীৱনত অণুজীৱ উপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ- আমাৰ জীৱনত অণুজীৱবোৰে বহু ধৰনে উপকাৰ কৰে সেইবোৰ হ’ল—-

১) অতি পুৰণি কালৰ পৰা মানুহৰ অজ্ঞাতে অণুজীৱৰ দ্বাৰা সুৰা, নানা পানীয়, মাখন, দৈ আদি প্ৰস্তুত কৰি আহিছে।

২) পাউৰুটী ,কেক আদি প্ৰস্তুতকৰণত অণুজীৱ ব্য়ৱহাৰ কৰা হয়।

৩) অণুজীৱই জৈৱিক আৱৰ্জনা পচাই পৰিৱেশ পৰিষ্কাৰ কৰে।

৪) ঔষধ প্ৰস্তুত কৰাত ব্য়ৱহাৰ কৰা হয়।

৫) মাটি সাৰুৱাকৰণত অণুজীৱৰ ভূমিকা গুৰুত্বপূৰ্ণ ।

৬) নানা ধৰণৰ খাদ্য়বস্তু প্ৰস্তুত কৰোঁতে ইয়াক ব্য়ৱহাৰ কৰা হয়।

৭। অণুজীৱ বুলিলে কি বূজা? অণুজীৱসমূহক কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি?

উত্তৰঃ- আমাৰ চাৰিওফালে পশু-পক্ষী, কীট-পতংগ, গছ-গছনিকে আদি কৰি নানা ধৰণৰ জীৱ আমি দেখিবলৈ পাওঁ। এইবোৰৰ বাহিৰেও আমাৰ চকুৰে মনিব নোৱাৰা অতি ক্ষুদ্ৰ জীৱ বায়ু, পানী আৰু মাটিত পোৱা যায়। এই ক্ষুদ্ৰ জীৱসমূহৰ কিছুমান বিবৰ্দ্ধক গ্লাছ আৰু কিছুমানক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পাৰি। এইবোৰকে অণুজীৱ বোলে।

অণুজীৱক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰিব পাৰি। সেই কেইটা হ’ল- বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা আৰু কিছুমান শেলাই।                    

৮। শুদ্ধ উত্তৰত (✓) চিন দিয়াঃ

(ক) চেনি / সুৰা / হাইড্ৰ’ক্লৰিক এছিড / অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

উত্তৰঃ সুৰা

(খ) আলেকজেণ্ডাৰ ফ্লমিং / এডৱাৰ্ড জেনাৰ / লুই পেষ্টিউৰে পেনিচিলিন প্ৰস্তুত কৰিছিল।

উত্তৰঃ আলেকজেণ্ডাৰ ফ্লমিং

(গ) মাইকী এন’ফিলিচ মহ / পঁইতাচোৰা / মাখি / পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক।

উত্তৰঃ মাইকি এন’ফিলিচ

(ঘ) তাপ / গুড়ি কৰা / ইষ্টকোষৰ বৃদ্ধি বাবে পাউৰুটীৰ লদা ফুলি উঠে।

উত্তৰঃ ইষ্টকোষৰ বৃদ্ধি বাবে

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects