Might Learn Logo Might Learn Shop Might Learn

SVN Class 8 General Science Chapter 3 Answer কৃত্ৰিম আঁহ আৰু প্লাষ্টিক পাঠটোৰ উত্তৰ

কৃত্ৰিম আঁহ আৰু প্লাষ্টিক

Lesson 3

(১) উত্তৰ দিয়া

(ক) কৃত্রিম আঁহ বুলিলে কি বুজা?

উত্তৰঃ-যিবোৰ আঁহ মানৱ- সৃষ্ট সেইবোৰ আঁহকে কৃত্ৰিম আঁহ বোলে।

(খ) প্লাষ্টিকৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ-প্লাষ্টিকৰ ভাগ দুটা আৰু সেইকেইটা হ’ল- থাৰ্ম’প্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক আৰু থাৰ্ম’ছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক।

(গ) কাঠ পচিবৰ বাবে কিমান সময়ৰ প্রয়ােজন ?

উত্তৰঃ-কাঠ পচিবৰ বাবে ১০ ৰ পৰা ১৫ বছৰৰ প্ৰয়োজন।

(ঘ) 4R নীতি কি?

উত্তৰঃ-4R নীতি হ’ল -হ্ৰাস কৰা,পুনৰ ব্য়ৱহাৰ কৰা,পুনৰাৱৰ্তন কৰা আৰু পুনৰউদ্ধাৰ কৰা। পৰিৱেশহিতৈষী হ’বলৈ চেষ্টা কৰা।

(২) তলত দিয়া সামগ্রীসমূহৰ পদাৰ্থবােৰক “ পুনৰাৱৰ্তন কৰিব পৰা ” আৰু “ পুনৰাৱর্তন কৰিব নােৱৰা ” হিচাপে শ্রেণীভুক্ত কৰা।

প্লাষ্টিকৰ খেলনা ; কুকাৰৰ নাল ; প্লাষ্টিকৰ বাটি ; বৈদ্যুতিক ছুইচ, কেৰি-বেগ , বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিকৰ চকী।

উত্তৰঃ পুনৰাৱৰ্তন কৰিব পৰা- প্লাষ্টিকৰ বাতি, কেৰি বেগ, প্লাষ্টিকৰ চকী। পুনৰাৱৰ্তন কৰিব নোৱাৰা- বৈদ্য়ুতিক ছুইচ, কুকাৰৰ নাল, বৈদ্য়ুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ।

                                                                                                              (৩) তলত দিয়াবােৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনােৱা হয়। ব্যাখ্যা কৰা।

(a) বিদ্যুতৰ প্লাগ / ছুইচ / প্লাগ ব’র্ড

উত্তৰঃ বিদ্য়ুতৰ প্লাগ, ছুইছ, প্লাগ ব’ড তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। ইয়াত বেকেলাইট ব্য়ৱহাৰ কৰা হয়। বেকেলাইট তাপ আৰু বিদ্য়ুতৰ কু-পৰিবাহী। বেকেলাইটে বনোৱাৰ ফলত ইয়াত বিদ্য়ুতৰ সঞ্চাৰ নহয় ফলত ইয়াক হাতেৰে চুবও পাৰি।

(b) ছছপেনৰ নাল।

উত্তৰঃ ছছপেনৰ নাল তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। ইয়াত মেলামাইন ব্য়ৱহাৰ কৰা হয়। মেলামাইনে অগ্নি ৰোধ কৰে আৰু আন প্লাষ্টিকতকৈ অধিক তাপ সহ্য় কৰিব পাৰে।

(c) অগ্নি প্রতিৰােধী কাপােৰ

উত্তৰঃ অগ্নি প্ৰতিৰোধী কাপোৰ প্ৰস্তুত কৰিবলৈ তাপদৃঢ় প্লাষ্টিক ব্য়ৱহাৰ কৰা হয়। ইয়াত মেলামাইন ব্য়ৱহাৰ কৰা হয়।মেলামাইনে আন প্লাষ্টিকতকৈ অধিক তাপ সহ্য় কৰিব পাৰে। প্লাষ্টিকবোৰ তাপ আৰু বিদ্য়ুতৰ কু-পৰিবাহী হোৱা বাবে অগ্নি প্ৰতিৰোধী কাপোৰ বোৰ তাপদৃঢ় প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী।

(৪) তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ- তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পার্থক্য হ’ল- তাপ নমনীয় প্লাষ্টিক বোৰ তাপ পালে সহজে বিকৃত হয় আৰু ভাজ কৰিব পাৰি আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ এবাৰ আকৃতি দিয়াৰ পিছত পুনৰ তপতালেও আকাৰ দিব নোৱাৰি।

(৫) “ পৰাপক্ষত প্লাষ্টিক বর্জন কৰা উচিত” – কাৰণ দশাই ব্যাখ্যা কৰা।

উত্তৰঃ- প্লাষ্টিকবোৰ বিভিন্ন কামত ব্য়ৱহাৰ কৰা হয়। প্লাষ্টিকৰ বস্তুবোৰৰ দাম কম, ওজন কম আৰু মজবুত সেইবাবে মানুহে ইয়াক বেছিকৈ ব্য়ৱহাৰ কৰে যদিও এইবোৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায় সেইবাবে ইয়াক জৈৱ অপনশীল পদাৰ্থ বোলা হয়। প্লাষ্টিক পচিবলৈ বহুত বছৰ লাগে সেয়ে ই পৰিবেশৰ বাবে উপযোগী নহয়।ইয়াৰ উপৰিও এইবোৰ পদাৰ্থৰ দহন প্ৰক্ৰিয়া অতি লেহেম আৰু ই সহজতে সম্পূৰ্ণৰূপে পুৰি নাযায় । দহন প্ৰক্ৰিয়াত প্লাষ্টিকে বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায়।ইয়াৰ উপৰিও পলিথিনৰ মোনাবোৰ য’তে-ত’তে পেলোৱাৰ ফলত নলা-নৰ্দমাবোৰ বন্ধ হয় নদ-নদী পানীবোৰ অপৰিষ্কাৰ হোৱাৰ লগতে নৈ-বিল আদিত থকা প্ৰানী বোৰে ইয়াক গিলি থয় আৰু বহুত প্ৰানীয়ে এনেদৰে মৃত্য়ু মুখত পৰিছে।ৰাস্তাত থকা প্লাষ্টিকবোৰে পৰিবেশ দূষিত কৰাৰ উপৰিও গৰু-ছাগলীয়ে এইবোৰ খাই মৃত্য়ু বৰণ কৰিছে।উক্ত কাৰণ বোৰৰ কাৰণে প্লাষ্টিক বৰ্জন কৰিব লাগে আৰু প্লাষ্টিক বন্ধ নকৰিলে ভবিষ্য়তে গুৰুতৰ সমস্য়াৰ সৃষ্টি হ’ব এই সমস্য়বোৰ সমাধান কৰাত অধিক জটিল হৈ পৰিব।

(৬) কৃত্রিম আঁহৰ বিশেষত্বসমূহ কি কি?

উত্তৰঃ-কৃত্রিম আঁহৰ বিশেষত্বসমূহ হ’ল-কৃত্ৰিম আঁহবোৰৰপৰা তৈয়াৰী কপোৰ ধুলে সোনকালে শুকায়,বহুদিন টিকে, সহজে পোৱা যায় আৰু সহজে ৰাখিব পাৰি।

(৭) ৰান্ধনিশালত কাম কৰোঁতে কৃত্রিম আঁহৰদ্বাৰা তৈয়াৰী পােছাক কিয় পৰিধান কৰিব নালাগে।

উত্তৰঃ- ৰান্ধনিশালত কাম কৰোঁতে কৃত্রিম আঁহৰদ্বাৰা তৈয়াৰী পােছাক কিয় পৰিধান কৰিব নালাগ ইয়াৰ কাৰণ হ’ল- কৃত্ৰিম আঁহবোৰক সাধাৰণতে পেট্ৰ’কেমিকেল বুলি কোৱা হয়। পেট্ৰ’লিয়াম উৎসৰ কেঁচামাল ব্য়ৱহাৰ কৰি নানান প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা হয়। এই আঁহবোৰ তপতালে গলি যায়। এইটো আচলতে কৃত্ৰিম আঁহবোৰৰ এটা অসুবিধা। গতিকে এনে কাপোৰত জুই লগাটো বিপদজনক,কাৰণ কাপোৰ গলি গৈ পিন্ধি থকা মানুহজনৰ শৰীৰত লাগি ধৰে। সেইবাবে, পাৰঘৰত কাম কৰোঁতে কৃত্ৰিম আঁহতদ্বাৰা তৈয়াৰী কাপোৰ পিন্ধিব নালাগে।

(৮) প্লাষ্টিকৰ লগত পৰিৱেশৰ সম্পর্ক কি বুজাই লিখা।

উত্তৰঃ-প্লাষ্টিকৰ আৰু পৰিৱেশ ওতঃপোতঃ ভাৱে জড়িত হৈ পৰিছে। কাৰণ প্লাষ্টিক ব্য়ৱহাৰ কৰাৰ পৰা পৰিবেশ লাহে লাহে বিনষ্ট হ’ব ধৰিছে। মানুহ, জীৱ-জন্তু সকলোকে বেয়াকৈ প্ৰভাৱ পেলাইছে। প্লাষ্টিক দহনৰ ফলত ওলোৱা ধোঁৱাই বায়ুমণ্ডল প্ৰদূষিত কৰাৰ ফলত প্ৰাণী জগতত নানান ধৰনৰ বেমাৰে দেখা দিছে। জীৱ-জন্তুৱে পেলনীয়া আবৰ্জনাৰ খাদ্য় খাওঁতে সিহঁতে পলিথিনৰ মোনাও গিলি থয়। ইয়েই প্ৰাণীবোৰৰ মৃত্য়ুৰ কাৰণ হ’ব পাৰে। প্লাষ্টিক বছৰ বছৰ ধৰি মাটিত পোত খাই থাকিলেও ই পচি নাযায় গতিকে প্লাষ্টিকে পৰিবেশ প্ৰদূষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিছে।

(৯) শুদ্ধ উত্তৰটো বাছি উলিওৱা। কৃত্রিম আঁহসমূহৰপৰা ৰেয়ন বেলেগ , কিয়নাে?

(ক) প্রাকৃতিক আঁহবােৰৰ দৰে ইয়াৰ আঁহবােৰ বব পাৰি।

উত্তৰঃ শুদ্ধ ।

(খ) ইয়াক কাঠৰ মণ্ডৰপৰা পােৱা যায়।

উত্তৰঃ শুদ্ধ ।

(গ) ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে।

উত্তৰঃ শুদ্ধ ।

(১০) ক ’ স্তম্ভত দিয়া শব্দবােৰক ‘খ’ স্তম্ভৰ খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলােৱা।

‘ক’ ‘খ’
(a) পলিয়েষ্টাৰ কাঠৰ মণ্ডৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
(b) টেফ্লে’ন মোজা আৰু পেৰাছুট বনাবলৈ ব্যৱহাৰ কৰা হয়।
(c ) ৰেয়ন আঁট খাই অথবা লাগি নধৰা ৰন্ধন সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয়।
(d) নাইলন সহজে শোটোৰা নপৰা কাপোৰ।
উত্তৰঃ (ক) পলিয়েষ্টাৰ সহজে শোটোৰা নপৰা কাপোৰ

        (খ) টেফ্ল’ন                    আট খাই অথবা লাগি নধৰা ৰন্ধন                                                         সৰঞ্জাম বনাবলৈ ব্য়ৱহাৰ কৰা হয়।

        (গ) ৰেয়ন                   কাঠৰ মণ্ডৰ ব্য়ৱহাৰ কৰি প্ৰস্তুত কৰা                                                     হয়

        (ঘ) নাইলন                 মোজা আৰু পেৰাছুত বনাবলৈ ব্য়ৱহাৰ                                                 কৰা হয়।

বিস্তাৰিত শিকন , ক্রিয়াকলাপ আৰু প্রকল্পঃ

(১) জৈৱিক আৱৰ্জনাবােৰ যে জৈৱ পচনশীল আৰু আনহাতে প্লাষ্টিকৰােৰ যে নহয় তাক বুজাবলৈ এটা ক্রিয়াকলাপ ৰচনা কৰা।

(২) তােমালােকৰ চুবুৰিৰ ১০ ঘৰ অথবা তুমি থকা ফ্লেটৰ ১০ টা পৰিয়ালৰ ঘৰলৈ গৈ তলত দিয়াবােৰৰ বিষয়ে অনুসন্ধান কৰা।

(a) তেওঁলােকে ব্যৱহাৰ কৰা সাজ – পােছাকৰ ধৰণ ।

(b) এনে ধৰণৰ পােছাক পছন্দৰ কাৰণ

(c) পােছাকৰ দাম আৰু স্থায়িত্ব

(d) পােছাকসমূহ ৰখা – মেলাৰ পৰিপ্ৰেক্ষিতত এইবােৰ ব্যৱহাৰ সুবিধাসমূহ

এটা চমু প্রতিৱেদন প্রস্তুত কৰি আচাৰ্যক জমা দিয়া।

(৩) “প্লাষ্টিক নালাগে বুলি কোৱা (Say no to plastic)” প্ৰচাৰটো তােমালােকে শুনিছানে? এনেকুৱা ধৰণৰ প্লাষ্টিক বর্জন কৰাৰ বিষয়ে কিছুশ্ল’গান উদ্ভাৱন কৰা। কিছুমান জনহিতকাৰী চৰকাৰী অথবা বেচৰকাৰী অনুষ্ঠান আছে আৰু সেইবােৰৰ লগত যােগাযােগ কৰা যিবােৰে প্লাষ্টিকৰ সুব্যৱহাৰ আৰু কিদৰে পৰিৱেশহিতৈষী স্বভাৱৰ বিকাশ কৰিব পাৰি সেই সম্পর্কে জনসাধাৰণক শিক্ষা দিয়ে। তেনে অনুষ্ঠান যদি তােমাৰ অঞ্চলটোত এটাও নাই তেন্তে দুজনমান বয়সস্থ লােকৰ লগত লগ লাগি তেনে এটা অনুষ্ঠান গঠন কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects