Might Learn Logo Might Learn

SVN Class 8 General Science Chapter 4 Answer পৰ্দাথঃ ধাতু আৰু অধাতু পাঠটোৰ উত্তৰ

পৰ্দাথঃ ধাতু আৰু অধাতু

Lesson 4

(১) তলৰ কোনবােৰ উক্তি শুদ্ধ আৰু কোনবােৰ অশুদ্ধ বাছি উলিওৱা।
(ক) অধাতুবােৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী

উত্তৰঃ শুদ্ধ ।
(খ) ফছফৰাছ এবিধ ধাতু।

উত্তৰঃ অশুদ্ধ।
(গ) লাে নমনীয় আৰু ঘাত সহনীয়।

উত্তৰঃ শুদ্ধ।
(ঘ) কয়লাৰ টুকুৰাত হাতুৰীৰে কোবালে চেপেটা হৈ যাব।

উত্তৰঃ অশুদ্ধ।
(ঙ) পাৰা এবিধ ধাতু।

উত্তৰঃ শুদ্ধ।
(চ) ছডিয়াম ধাতু যথেষ্ট টান।

উত্তৰঃ অশুদ্ধ।
(২) খালী ঠাই পূৰ কৰা।

(ক) ধাতুবােৰক কোবালে ইহঁতে ধ্বনিৰ সৃষ্টি কৰে বাবে ইহঁতক ………….. বুলি কোৱা হয়।

উত্তৰঃ সনাদ পদাৰ্থ।
(খ) ধাতুৱে পানীৰ লগত বিক্রিয়া কৰি …………….. গেছ উৎপন্ন কৰে।

উত্তৰঃ হাইড্ৰ’অক্সাইড আৰু হাইড্ৰজেন।
(গ) জিংক লােতকৈ ………….. সক্রিয়।

উত্তৰঃ অধিক।
(ঘ) কোঠালি উষ্ণতাত জুলীয়া অৱস্থাত পােৱা একমাত্র ধাতুটোৰ নাম হ’ল ……………।

উত্তৰঃ পাৰা।

(৩) কাৰণ দর্শোৱা।

(ক) ছডিয়াম আৰু পটেছিয়ামক কিয় কেৰাচিনত ডুবাই ৰখা হয়?

উত্তৰঃ ছডিয়াম আৰু পটেছিয়ামক অতি সক্ৰিয় ধাতু।ই অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাবে বিক্ৰিয়া কৰে। এই বিক্ৰিয়াত প্ৰচুৰ তাপ উৎপন্ন কৰে। সেইবাবে ছডিয়াম আৰু পটেছিয়ামক কেৰাছিনত ডুবাই ৰখা হয়।

(খ) খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাট ব্যৱহাৰ কৰা হয় কিয়?

উত্তৰঃ এলুমিনিয়াম এবিধ ঘাত সহনীয়তা ধাতু। এলুমিনিয়ামক কোবাই পাতল কৰি পাতৰ আকৃতিত গঢ় দিব পাৰি। এলুমিনিয়ামৰ পাটত খাদ্য় সামগ্ৰী মেৰিয়ালে খাদ্য় সামগ্ৰী অধিক সময়লৈ গৰম হৈ থাকে।

(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰপৰা অপসাৰিত কৰিব নােৱাৰে কিয়?

উত্তৰঃ তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰপৰা অপসাৰিত কৰিব নােৱাৰে কাৰণ হ’ল তামতকৈ জিংক অধিক সক্ৰিয়। এটা অধিক সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক অপসাৰিত কৰিব পাৰে কিন্তু এটা কম সক্ৰিয় ধাতুৱে অধিক সক্ৰিয় ধাতুক অপসাৰিত কৰিব নোৱাৰে।

(ঘ) ফছফৰাছক কিয় পানীত ডুবাই ৰখা হয়?

উত্তৰঃ ফছফৰাছ এবিধ অধাতু ,ই পানীৰ লগত বিক্ৰিয়া নকৰে, যদিও বায়ুত ইহঁত যথেষ্ট সক্ৰিয়। ফছফৰাছ বায়ুৰ সংস্পৰ্শলৈ আহিলে জ্বলি উঠে। সেইবাবে ফছফৰাছক পানীত ডুবাই ৰখা হয়।

(৪) কি ঘটিব যেতিয়া-(ক) এটি কাচৰ গিলাচত অলপ পানী লৈ তাত ছডিয়ামৰ সৰু টুকুৰা এটা যােগ কৰা হয়।

উত্তৰঃ এটি কাচৰ গিলাচত অলপ পানী লৈ তাত ছডিয়ামৰ সৰু টুকুৰা এটা যােগ কৰা তেতিয়া এই বিক্ৰিয়াটোত NaOH উৎপন্ন হোৱা দেখা যাব, যাৰ প্ৰকৃতি ক্ষাৰকীয়।সেয়েহে NaOH য়ে ৰঙা লিটমাছটুকুৰা নীলালৈ ৰূপান্তৰ কৰিছে আৰু গিলাছটো চুই চাওঁতে গৰম অনুভব কৰা যাৱ।

(খ) কপাৰ ছালফেটৰ দ্ৰৱত লােৰ গজাল ৰখা হয়।

উত্তৰঃ কপাৰ ছালফেটত দ্ৰৱত লোৰ গজাল ৰখা হয়, তেতিয়া দেখিবা যে লোৱে কপাৰ ছালফেটৰ পৰা তাম অপসাৰিত কৰিছে,ফলত ফেৰাছ ছালফেট আৰু তাম উৎপন্ন হৈছে। তেনে কাৰণতে কপাৰ ছালফেটৰ লীলা বৰণটো নোহোৱা হৈছে আৰু বিকাৰৰ তলিত তামৰ ৰঙা গুড়ি জমা হৈছে। যিহেতু ফেৰাছ ছালফেটৰ ৰং ঈষৎ সেউজীয়া, সেয়েহে দ্ৰৱটোৰ ৰং ঈষৎ সেউজীয়া হৈছে।

(গ) এলুমিনিয়ামৰ পাট এটুকুৰাৰ ওপৰত লঘু হাইড্র’ক্ল’ৰিক এচিড ঢলা হয়।

উত্তৰঃ এলুমিনিয়ামৰ পাট এটুকুৰাৰ ওপৰত লঘু হাইড্ৰ’ক্ল’ৰিক এচিড ঢলা হয় আৰু জ্বলি থকা জুইশলাৰ কাঠিডাল লৈ আহোঁতে ‘পপ’ শব্দৰ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ’ল এলুমিনিয়ামৰ লগত হাইড্র’ক্ল’ৰিক এচিডৰ বিক্ৰিয়া ঘটি হাইড্ৰ’জেন গেছ উৎপন্ন হৈছে।

(ঘ) কপাৰ ছালফেটৰ দ্ৰৱত জিংকৰ টুকুৰা ৰখা হয়।

উত্তৰঃ কপাৰ ছালফেটৰ দ্ৰৱত যদি জিংকৰ টুকুৰা ৰখা হয় তেতিয়া জিংকে কপাৰ ছালফেটৰ পৰা তাম অপসাৰিত কৰিব। ফলত জিংক ছালফেট আৰু তাম উৎপন্ন হ’ব। তেনে কাৰণত কপাৰ ছালফেটৰ নীলা বৰণটো নোহোৱা হৈছে আৰু বিকাৰৰ তলিত তামৰ ৰঙা গুড়ি জমা হৈছে।

(৫) স্তম্ভ A- ত থকা পদার্থসমূহক স্তম্ভ B ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা।

A B
(১) অক্সিজেন (১) সাৰ
(২) ৰূপ (২) আতচবাজি
(৩) লো (৩) জুইশলা
(৪) নাইট্ৰ’জেন (৪) অলংকাৰ
(৫) তাম (৫) যন্ত্ৰপাতি
(৬)এলুমিনিয়াম (৬) ৰকেটৰ ইন্ধন
(৭) ফছফৰাছ (৭) মুদ্ৰা
উত্তৰঃ– (১) অক্সিজেন (৬) ৰকেটৰ ইন্ধন

(২) ৰূপ (৪) অলংকাৰ

(৩) লো (৫) যন্ত্ৰপাতি

(৪) নাইট্ৰ’জেন (১) সাৰ

(৫) তাম (৭) মুদ্ৰা

(৬) এলুমিনিয়াম (২) আতচবাজি

(৭) ফছফৰাছ (৩) জুইশলা
(৬) ধাতুসমূহক জোৰকৈ পিটিলে ইহঁত একোচটা পাটলৈ পৰিৱর্তিত হয়। এই ধর্মটোক কি বুলি কোৱা হয়।

উত্তৰঃ-ধাতুসমূহক জোৰকৈ পিটিলে ইহঁত একোচটা পাটলৈ পৰিৱর্তিত হয়। এই ধর্মটোক ঘাত সহনীয়তা ধৰ্ম বোলে।
(৭) তলৰ কোনটো পদার্থক পাতল পাটৰ আকাৰলৈ পিটিব পাৰি?

(ক) গন্ধক (

খ) এলুমিনিয়াম

(গ) ফছফৰাছ

(ঘ) নাইট্র’জেন

উত্তৰঃ (খ) এলুমিনিয়াম
(৮) তলৰ কোনটো পদার্থক কেৰাচিনত ডুবাই ৰখা হয়?

(ক) লাে

(খ) ছডিয়াম

(গ) এলুমিনিয়াম

(ঘ) গন্ধক

উত্তৰঃ (খ) ছডিয়াম

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects