Might Learn Logo Might Learn

SVN Class 8 Social Science Chapter 11 Answer অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ পাঠটোৰ উত্তৰ

অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ

Lesson: 11

১। চমু উত্তৰ দিয়া : 

ক) মধ্যযুগৰ ৰাজনৈতিক অৱস্থাৰ মূল বৈশিষ্ট্য কি আছিল?

উত্তৰঃ  মূল বৈশিষ্ট্য আছিল ৰাজতন্ত্র।

খ) পাইকসকলে কেনে ধৰণৰ কাম কৰিব লগা হৈছিল?

উত্তৰঃদেশৰ সুৰক্ষাৰ সময়ত পাইকবোৰে যুদ্ধ ক্ষেত্রলৈ যাব লাগিছিল আৰু আন সময়ত এওঁলোকে খেতি পথাৰত কাম কৰিব লাগিছিল।

গ) পচা প্রথা কি?

উত্তৰঃ স্বৰ্গদেউ প্রতাপ সিংহই পর্বতীয়া জনজাতিবোৰে যাতে ভৈয়ামলৈ নামি আহি ভৈয়ামৰ বাসিন্দাসকলৰ ওপৰত উপদ্ৰৱ চলাব নোৱাৰে তাৰ বাবে ভৈয়ামৰ পৰা পৰ্বতীয়া জনজাতি বোৰলৈ নিয়মীয়া ভাবে খাদ্যৰ যোগান ধৰিছিল। ইয়াকে পচা প্রথা বোলা হৈছিল।

ঘ) মধ্যযুগৰ অসমত মহিলাৰ স্থান কেনে পর্যায়ত আছিল?

উত্তৰঃ ইতিহাসবিদ সকলৰ মতে ‘অসমত মহিলাৰ স্থান’ যথেষ্ট সম্মানীয় পর্যায়ত আছিল।

(ঙ) মূলাগাভৰু কোন আছিল?

উত্তৰঃ মূলা গাভৰু আছিল ফ্রাচেন্সং বৰগোঁহাইৰ বিধবা পত্নী। তেওঁ এগৰাকী সাহসী আৰু দেশপ্রেমিক মহিলা আছিল। তুর্বকে অসম আক্ৰমণ কৰাৰ সময়ত তুৰ্বকৰ বিৰুদ্ধে অসীম সাহসেৰে যুদ্ধ কৰিছিল।

চ) আহোমসকলৰ ৰাজত্ব কালভ ভূ-সম্পত্তিৰ গৰাকী কোন আছিল? 

উত্তৰঃ আহোম সকলৰ ৰাজত্বত ভূ-সম্পত্তিৰ গৰাকী আছিল ৰজাসকল 

ছ)মধ্যযুগৰ প্ৰথম ভাগত বাণিজ্যিক লেন-দেনৰ কি প্রথা প্রচলিত আছিল?

উত্তৰঃ বিনিময় প্রথা প্রচলিত আছিল  ।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’ অংশ                                     ‘খ’ অংশ

মাধরদেরকথাগীতা

বলদের সূর্যখৰি দৈবজ্ঞৰত্নমালা

সুকুমাৰ বৰকাইথনামঘোষা

ভট্টদেরহস্তীবিদ্যাৰ্ণৱ

ৰামনাৰায়ণ চক্ৰৱর্তীদৰং ৰাজবংশাৱলী

পুৰুষোত্তম বিদ্যাবাগীশগীত গোবিন্দ

উত্তৰঃ   মাধরদে——————- নামঘোষা                                    

বলদের সূর্যখৰি দৈবজ্ঞ ————-দৰং ৰাজবংশাৱলী                

সুকুমাৰ বৰকাইথ——————–  হস্তীবিদ্যাৰ্ণৱ                                                                                      

ভট্টদের —————————কথাগীতা                                            

ৰামনাৰায়ণ চক্ৰৱর্তী —————গীত গোবিন্দ          

পুৰুষোত্তম বিদ্যাবাগীশ————–ৰত্নমালা            

৩। খালী ঠাই পূৰ কৰা :

ক) বাৰভূঞাসকলৰ বিচাৰালয়ক_______ বোলা হৈছিল।

উত্তৰঃ কাৰখানা।খ) 

_______মন্ত্ৰীৰে আহোম মন্ত্ৰীপাৰিষদ গঠিত হৈছিল।

উত্তৰঃ  তিনিজন

গ) স্বৰ্গদেউ _______ৰ দিনতহে বৰ্তমানৰ ৰংঘৰটো পকী কৰা হৈছিল।

উত্তৰঃ প্রমত্ত সিংহৰ

ঘ) হাঁচতি, টঙালি আদি_______ৰেই অৱদান। 

উত্তৰঃ বাৰভূঞা সকল।

ঙ) বৌদ্ধ শ্রমণ বা ভিক্ষুসকলে_______সমূহ ৰচনা কৰিছিল।

উত্তৰঃ  চর্যাগীত

৪। চমুটোকা লিখা (৫০টা মান শব্দৰ ভিতৰত লিখিবা) :

ক) মধ্যযুগৰ অসমত নাৰীৰ স্থান। 

উত্তৰঃ  ইতিহাসবিদ সকলৰ মতে মধ্যযুগত ‘অসমত মহিলাৰ স্থান’ যথেষ্ট সন্মানীয় পৰ্যায়ত আছিল। মহিলাৰ প্ৰতি সম্মান প্রদর্শন অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰা স্বরূপ। অসমীয়া মহিলাসকলে বোৱা-কটা, ঘৰুৱা কাম-কাজ কৰা, গৃহস্থৰ সৈতে সকলো আলোচনাত আগ-ভাগ লব পাৰিছিল। কোনো কোনো মহিলা নৃত্য বিষাৰদো আছিল। অর্থাৎ মহিলা বা নাৰীয়ে সেই যুগতে মুকলিভাবে ৰাজহ্বা অনুষ্ঠানত অংশ গ্রহণ কৰিব পাৰিছিল। ৰাজবংশৰ মহিলা সকলে ৰাজকাৰ্যত ভাগ লোৱাৰ উপৰিও যুদ্ধ নীতিও জানিছিল আৰু যুদ্ধত অংশ গ্রহণ কৰিছিল। উদাহৰণ মুলা গাভৰু।

(খ) আহোমসকলৰ স্থাপত্য ভাস্কর্য।

উত্তৰঃ আহোমসকলৰ স্থাপত্য ভাস্কৰ্যৰ কথা ক’লে অসমত মধ্য যুগত সৃষ্টি হোৱা অনুপম স্থাপত্য ভাস্কৰ্যসমূহৰ কথাই মনলৈ আহে। আহোম দিনীয়া দৌল দেৱালয়, ৰাজপ্রসাদ পুখুৰী, শিলৰ সাঁকো আদিয়ে অসমৰ অতীত গৌৰৱ বহন কৰি আছে। আহোম সকলে প্রথম অৱস্থাত ঘৰবোৰ বা ৰাজপ্রসাদসমূহ কাৰুকার্য খচিত কৰি বাঁহ বেতেৰে সাজি লৈছিল। বৰ্তমানৰ পকী ৰং ঘৰটোও প্রথমে বাঁহ-বেতেৰেহে সজা হৈছিল। পিচলৈ আহোম সকলে মঠ-মন্দিৰ বা ঘৰ সজা কামত চেপেটা ইটা ব্যৱহাৰ কৰিছিল। এই ইটাবোৰ যোৰা লগাবলৈ গুৰ, মাটিমাহ, শিলচুন, শামুক চুন, হাঁহৰ কণী, বৰালী মাছ, তেল, ধূপ আদিৰ মিশ্রণ ঘটাই কঢ়াল বুলি এবিধ এঠা জাতীয় বস্তু তৈয়াৰ কৰি লৈছিল। আহোম সকল স্থাপত্য বিদ্যাত পটু আছিল।

গ) কছাৰীসকলৰ স্থাপত্য ভাস্কর্য।

উত্তৰঃকছাৰীসকলেও আহোম সকলৰ দৰে অসমৰ স্থাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰখনত যথেষ্ট বৰঙণি আগবঢ়াই গৈছে। কছাৰী সকলৰ ৰাজধানী ডিমাপুৰৰ ভগ্নাবশেষে কছাৰী সকলৰ উন্নতমানৰ স্থাপত্যৰ উদাহৰণ বহন কৰে। যি সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল, সেই সময়ত কছাৰীসকলে ৰাজধানী নিৰ্মাণত ইটাৰ ব্যৱহাৰ কৰিছিল। বাসগৃহ সমূহত নানা ধৰণৰ চিত্ৰ খোদিত স্তম্ভ নিৰ্মাণ কৰিছিল। ৰাজধানীৰ ভিতৰৰ পুখুৰীৰ পানী বা অইন পানী ওলাই যাব পৰাকৈ নলা-নর্দমা নিৰ্মাণ কৰিছিল। কছাৰী সকলৰ স্থাপত্য বিদ্যাত বংগীয় মুছলমানসকলৰ স্থাপত্যৰ কিছু মিল থকা দেখা যায়।

ঘ) সাহিত্য-সংস্কৃতি’লৈ কোচসকলৰ অৱদান।

উত্তৰঃ অসমৰ সাহিত্য সংস্কৃতিলৈ কোছ সকলৰ অৱদান উল্লেখযোগ্য। মধ্যযুগৰ ক্ষণ জন্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতে অসমীয়া সাহিত্যৰ এটি ধাৰা সৃষ্টি কৰি থৈ গৈছে। কোচ ৰজাৰ দিনতে ৰামসৰস্বতীয়ে অসমীয়াত মহাভাৰত আৰু পুৰোষোত্তম বিদ্যাবাগীশে সংস্কৃতত ৰত্নমালা ব্যাকৰণ লিখিছিল। অনন্ত কন্দলীয়ে ভাগৱত আৰু আন পুথি অসমীয়ালৈ ভাঙনি কৰিছিল। হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিবৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্ত্তন, ভাগৱত, ‘ভট্টদেৱৰ কথা গুৰু চৰিত’ আদি কোচ ৰাজত্ব কালৰ অসমীয়া সাহিত্যৰ ৰত্ন স্বৰূপ।

ঙ) মধ্যযুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা।

উত্তৰঃ  মধ্যযুগৰ অসমীয়া সমাজ প্রধানকৈ কৃষি ভিত্তিক আছিল। ধান আছিল প্রধান খেতি। ইয়াৰোপৰি মাহজাতীয় শস্য সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, কপাহ, বিভিন্ন ফলমূল, শাক-পাচলিৰ খেতিও ভাল হৈছিল। কৃষি ক্ষেত্ৰত জলসিঞ্চনৰ ব্যৱস্থা আৰু খেতি নষ্ট হ’ব নোৱৰাকৈ মথাউৰিৰ ব্যৱস্থাও আছিল। গতিকে খেতি-বাতি ভাল হৈছিল আৰু খাদ্যাভাব নাছিল।অতীজৰে পৰা অসম ক্ষুদ্ৰ আৰু কুটিৰ শিল্পত চহকী। বস্ত্র শিল্পত চহকী মধ্যযুগীয় অসমীয়া মানুহৰ ঘৰে ঘৰে তাঁতশাল আছিল। ৰঞ্জন শিল্প, ধাতু শিল্প, মৃৎশিল্প, হাতী দাঁতৰ শিল্পকে আদি কৰি অন্যান্য কুটীৰ শিল্পতো মানুহবোৰ পাৰ্গত আছিল। তিব্বত- চীন আদিৰ লগত মধ্যযুগত বহির্বাণিজ্যও চলিছিল। গতিকে মধ্যযুগত অসমৰ অর্থনৈতিক অবস্থা টনকিয়াল আছিল।

৫। শুদ্ধ/অশুদ্ধ লিখা :

ক) মধ্যযুগৰ সমাজ ব্যৱস্থাত উদাৰ নীতিক প্রাধান্য দিয়া হৈছিল| নহৈছিল।

উত্তৰঃ হৈছিল

খ) পাট কাপোৰৰ কথা অৰ্থশাস্ত্ৰত/কীৰ্তনত/ৰত্নমালাত উল্লেখ আছে।

উত্তৰঃ অৰ্থশাস্ত্ৰত

(গ) আহোম/কোচ/কছাৰীসকলে প্রথমে ইটাৰ ব্যৱহাৰ কৰিছিল।

উত্তৰঃ কছাৰীসকলে 

ঘ) অনন্ত কন্দলীয়ে/শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে পোন প্রথমে অসমত সত্ৰ প্রতিষ্ঠা কৰিছিল।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে 

ঙ) কোচসকলে/আহোমসকলে বংগদেশৰপৰা লোণ আমদানি কৰিছিল।

উত্তৰঃআহোমসকলে 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects