Might Learn Logo Might Learn

SVN Class 8 Social Science Chapter 14 Answer ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰসমূহ পাঠটোৰ উত্তৰ

ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰসমূহ

Lesson: 14

১। উত্তৰ লিখা :

ক) লর্ড কর্ণবালিছৰ কাৰ্যবিধিখনক কি বোলা হৈছিল?

উত্তৰঃ কর্ণাৱালিছ সংহিতা । 

খ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতীয় লোকক চৰকাৰী চাকৰিত মকৰল আৰু পদোন্নতিৰ ব্যৱস্থা কৰিছিল ?

উত্তৰঃ লর্ড হেষ্টিংছে ।

গ) কাৰ দিনত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন হৈছিল?

উত্তৰঃ লর্ড কর্ণৱালিছৰ দিনত ।

ঘ) কাৰ দিনত সৰ্বপ্ৰথমে মাটিৰ পট্টাৰ ব্যৱস্থা ভাৰতত প্ৰচলিত হৈছিল?

উত্তৰঃ লর্ড হেষ্টিংছৰ দিনত । 

ঙ) চাৰ্লছ উডৰ শিক্ষা সম্পৰ্কীয় প্ৰেৰণ পত্ৰখন কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত গৃহীত হৈছিল?

উত্তৰঃ  লর্ড ডেলহাউচীৰ দিনত । 

চ) কোনজন অসমীয়াই ব্ৰিটিছ শাসনৰ আমোলত সংস্কৃত সাহিত্যৰ উৎকৰ্ষ সাধন কৰিছিল।

উত্তৰঃ আনন্দৰাম বৰুৱাই ।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

উত্তৰঃ ‘ ক ’ অংশ–                      ‘ খ ’ অংশ

দয়ানন্দ সৰস্বতী———————আর্য সমাজ

ছাৰ ছৈয়দ আহমদখান————আলিগড় আন্দোলন

গােবিন্দ ৰাণাডে——————– প্রার্থনা সমাজ

ৰাজা ৰামমােহ ৰায়—————-ব্রাহ্ম সমাজ

ৰাম কৃষ্ণ পৰমহংস—————–ৰামকৃষ্ণ মিছ

৩। শুদ্ধ/অশুদ্ধ বিচাৰি উলিওৱা

ক) কোম্পানী চৰকাৰৰ শাসনৰ আৰম্ভণিলৈকে ভাৰতত মহলৱাৰী/ৰায়তৱাৰী ব্যৱস্থাৰ প্ৰচলন আছিল।

উত্তৰঃ শাক্ত পন্থী আছিল । 

খ) সপ্তদশ/অষ্টাদশ শতিকাত ইংলেণ্ডত ঔদ্যোগিক বিপ্লৱে প্ৰসাৰতা লাভ কৰিছিল।

উত্তৰঃ অষ্টাদশ । 

গ) স্বামী বিবেকানন্দ/গোবিন্দ ৰাণাডে/দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ।

উত্তৰঃদয়ানন্দ সৰস্বতীৰ ।

ঘ) ৰাজা ৰামমোহন ৰায়ৰ প্ৰধান সহযোগী আছিল দেবেন্দ্ৰনাথ ঠাকুৰ/ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ/ৰাজসুন্দৰী দেৱী।

উত্তৰঃদেবেন্দ্রনাথ ঠাকুৰ 

৪। চমুটোকা লিখা (৫০ টা মান শব্দৰ ভিতৰত) :

ক) ব্রাহ্ম সমাজ

উত্তৰঃ ব্রাহ্মসমাজৰ প্রতিষ্ঠাতা আছিল বঙ্গদেশৰ ৰাজা ৰামমােহন ৰায় । তেওঁ কু – সংস্কাৰ মুক্ত , জাতিভেদ শূন্য ভাৰতীয় সমাজ এখন গঢ়াৰ মানসেৰে ১৮২৮ চনত ব্রাহ্মসভা নামে এটি অনুষ্ঠান গঢ় দিয়ে । সেই অনুষ্ঠানটোৱেই ৰাইজৰ সহযােগত ১৮৩০ চনত ব্রাহ্ম সমাজ নামে খ্যাত হয় । এই সমাজৰ মূল লক্ষ্য আছিল সেই সময়তপ্রচলিত কন্যা শিশু হত্যা , সতীদাহ প্রথাৰ দৰে কু – প্রথাবােৰ সমাজৰ পৰা নাশ কৰা । স্ত্রী শিক্ষা , বিধবা বিবাহৰ ওপৰতাে এই সমাজে গুৰুত্ব প্রদান কৰিছিল । 

খ) আর্য সমাজ

উত্তৰঃ  আর্য সমাজৰ প্রতিষ্ঠাতা আছিল স্বামী দয়ানন্দ সৰস্বতী । এওঁ একেশ্বৰ বাদত বিশ্বাসী আৰু মূৰ্ত্তি পুজাৰ বিৰােধী আছিল । ১৮৭৫ খ্রীষ্টাব্দত স্থাপিত হােৱা এই অনুষ্ঠানটিৰ ব্রাহ্ম সমাজৰ আদৰ্শ আৰু নীতিৰ সৈতে মিল আছিল । এই সংগঠনে জাতি ভেদ প্রথা আৰু বাল্যবিবাহৰ বিৰােধিতা কৰিছিল । বিধবা বিবাহ সমর্থন কৰিছিল । দয়ানন্দ সৰস্বতীয়ে অই ধৰ্মৰ মানুহক ‘ শুদ্ধি’ প্ৰথাৰে হিন্দু ধৰ্মলৈ ধর্মান্তকৰণ কৰিছিল । 

গ) প্রার্থনা সমাজ

উত্তৰঃ প্রার্থনা সমাজৰ গুৰি ধৰোঁতা আছিল মহাদেৱ গােবিন্দ ৰাণাড়ে । ১৮৬৭ খ্রীষ্টাব্দত মহাৰাষ্ট্ৰত স্থাপিত এই অনুষ্ঠানটোৱে সমাজ সংস্কাৰত দৃঢ় পদক্ষেপ লৈছিল । এই অনুষ্ঠানৰ সদস্যসকল যথেষ্ট কঠোৰ আছিল আৰু এওঁলােকে সংস্কাৰৰ কাম কাজত ব্রাহ্মসমাজক চেৰ পেলাইছিল । এই অনুষ্ঠানৰ মূল কাৰ্যসূচী আছিল সাধাৰণ শ্ৰেণীৰ মাজত শিক্ষাৰ ধাউতি বঢ়োৱা , অনাথ আশ্রম স্থাপন , জাতি – ভেদ প্রথা নির্মুল কৰণ আৰু অনুন্নত শ্ৰেণীৰ জাতিবােৰৰ সামাজিক আৰু অর্থনৈতিক উন্নতি সাধন কৰা । 

ঘ) আলিগড় আন্দোলন

উত্তৰঃ  আলিগড় আন্দোলনৰ গুৰি ধৰােতা আছিল ঘৰ – ছৈয়দ আহমদ খান । এই আন্দোলন প্রধানকৈ মুছলমান সমাজক পাশ্চাত্য শিক্ষাৰে উদ্বুদ্ধ কৰাৰ মানসেৰে আৰম্ভ কৰা হৈছিল । ১৮৫৭ খ্রীষ্টাব্দত মুছলমান ছাত্র – ছাত্রীসকলৰ বাবে “ এংলাে অৰিয়েণ্টেল কলেজ ” নামে এখন মহাবিদ্যালয় ছাৰ ছৈয়দ আহমদ খানৰ নেতৃত্বত গঢ়ি তােলা হৈছিল । ফলস্বৰূপে মুছলমান সমাজতাে সমাজ আৰু ধর্ম সংস্কাৰৰ মনােভাব গঢ়ি উঠিছিল । 

ঙ) লর্ড উইলিয়াম বেণ্টিং

উত্তৰঃ লর্ড উইলিয়াম বেন্টিং ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল । ইংৰাজ সকলে ভাৰতত কেৱল শাসন , শােষণ কৰিয়েই ব্যস্ত থকা নাছিল , তেওঁলােকে সমাজ সংস্কাৰৰ কামতাে মনােনিবেশ কৰিছিল । তেওঁলােকে ভাৰতীয় সকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তুলিব বিচাৰিছিল । ভাৰতত সেই সময়ত প্রচলিত কু – সংস্কাৰবােৰ ভাৰতীয় শিক্ষিত লােকৰ সহায়ত দূৰীণৰ বাবে তেওঁলােকে চেষ্টা কৰিছিল । লর্ড উইলিয়াম বেন্টিঙে ৰাজা ৰামমােহন ৰায়ৰ সহযােগত সতীদাহ প্রথা বন্ধ কৰিবলৈ সক্ষম হৈছিল । 

চ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

উত্তৰঃ উনৈশ শতিকাত ইংৰাজ কোম্পানীৰ ভাৰত শাসনৰ সময়ত বহু ভাৰতীয় লােকে পাশ্চাত্য শিক্ষাৰে শিক্ষিত হােৱাৰ সুযােগ পাইছিল । তাৰ ভিতৰত ঈশ্বৰ চন্দ্র বিদ্যা সাগৰৰ এজন । পাশ্চাত্য শিক্ষাৰে শিক্ষিত আদর্শবান ব্যক্তি ঈশ্বৰ চন্দ্র বিদ্যাসাগৰে ব্যক্তিগত প্রচেষ্টাৰে সমাজৰ কু – আচাৰবােৰ আঁতৰােৱাৰ চেষ্টা কৰিছিল । স্ত্রী –  শিক্ষা অবিহনে যে সমাজ সংস্কাৰিত নহয় এই কথা বুজি তেওঁ স্ত্রী শিক্ষাৰ প্ৰচলন আৰু বিধবা বিবাহ প্রচলনত অধিক গুৰুত্ব দিছিল । 

ছ) ৰাজহ সংস্কাৰ

উত্তৰঃ  উনৈশ শতিকাত ইংৰাজ কোম্পানীৰ ভাৰত শাসনৰ সময়ত বহু ভাৰতীয় লােকে পাশ্চাত্য শিক্ষাৰে শিক্ষিত হােৱাৰ সুযােগ পাইছিল । তাৰ ভিতৰত ঈশ্বৰ চন্দ্র বিদ্যা সাগৰৰ এজন । পাশ্চাত্য শিক্ষাৰে শিক্ষিত আদর্শবান ব্যক্তি ঈশ্বৰ চন্দ্র বিদ্যাসাগৰে ব্যক্তিগত প্রচেষ্টাৰে সমাজৰ কু – আচাৰবােৰ আঁতৰােৱাৰ চেষ্টা কৰিছিল । স্ত্রী –  শিক্ষা অবিহনে যে সমাজ সংস্কাৰিত নহয় এই কথা বুজি তেওঁ স্ত্রী শিক্ষাৰ প্ৰচলন আৰু বিধবা বিবাহ প্রচলনত অধিক গুৰুত্ব দিছিল । 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects