Might Learn Logo Might Learn

SVN Class 8 Social Science Chapter 18 Answer মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা পাঠটোৰ উত্তৰ

মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Lesson: 18

১। চমু উত্তৰ লিখা : 

ক) মানৱ সম্পদ বুলিলে কি বুজা?

উত্তৰঃ শাৰীৰিক ভাৱে সক্ষম , মানসিক ভাবে সুস্থ , উপযুক্ত শিক্ষা আৰু প্রশিক্ষণ লৈ দক্ষতা অর্জন কৰি উৎপাদনমুখী কার্যত নিজকে নিয়ােজিত কৰিব বিচৰা লােককে মানৱ সম্পদ বুলি কোৱা হয় । 

খ) ভাৰতত মানৱ সম্পদ বিকাশৰ সুবিধাসমূহ পর্যাপ্ত হয় নে?

উত্তৰঃ ভাৰতত মানৱ সম্পদ বিকাশৰ সুবিধাসমূহ পর্যাপ্ত নহয়

গ) মানৱ সম্পদ কিয় প্রয়োজন? 
উত্তৰঃ দেশৰ প্রাকৃতিক সম্পদক মানৱ সম্পদেহে গঢ় দিব পাৰে। গতিকে দেশৰ অর্থনৈতিক উন্নয়নৰ বাবে মানৱ সম্পদৰ অতীব প্রয়ােজন ।
ঘ) কেতিয়াৰপৰা ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে?
উত্তৰঃ২০০৯ চনৰ পৰা ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে । 
ঙ) অসমত ৰাজ্যিক বিশ্ববিদ্যালয় কেইখন আছে আৰু কি কি?
উত্তৰঃ২০০৯ চনৰ পৰা ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে । 
২। পাঠটোৰ আধাৰত সম্পূর্ণ নামটো লিখা—
ক) UNDP -United Nations Development Programme. 
খ) IIT- Indian Institute of Technology.গ) HRD -Human Resource Development. 
ঘ) NIT-National Institute of Information Technology.

৩। মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাবোৰ কি কি? যিকোনো তিনিটা অসুবিধাৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত থকা বিভিন্ন বাধা বা অসুবিধাৰ ভিতৰত উল্লেখযােগ্য হ’ল মাত্রাধিক জনসংখ্যা , মূলধন বা পুঁজিৰ অভাৱ , দৰিদ্ৰতা , নিৰক্ষৰতা , অন্ধবিশ্বাস , কু – সংস্কাৰ , বিষমতা , নিম্নস্তৰৰ প্রযুক্তি বিদ্যা , দৰিদ্ৰতাৰ পাকচক্র ইত্যাদি ।

এই অসুবিধাসমূহৰ ভিতৰত তলত তিনিটাৰ বিষয়ে আললাচনা কৰা হল— 

অধিক জনসংখ্যা মানৱ সম্পদ উন্নয়নৰ প্রধান অন্তৰায় হৈছে অত্যাধিক জনসংখ্যা।অত্যাধিক জনসংখ্যাই দেশৰ উন্নতিত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে । উন্নয়নশীল ৰাষ্ট্ৰবােৰত মূলধন সীমিত । এই সীমিত বা তাকৰীয়া মূলধনেৰে দেশৰ জনগণক উপযুক্ত স্বাস্থ্য , শিক্ষা , প্রশিক্ষণ , জীৱন ধাৰণৰ নিম্নতম সা – সুবিধা আদি প্ৰদান কৰিব নােৱাৰে । ফলস্বৰূপে এইবােৰ দেশত মানৱ সম্পদ গঢ়ি তােলাতাে যথেষ্ঠ কঠিন বা কষ্টকৰ ।

 নিৰক্ষৰতা  নিৰক্ষৰতা মানৱ সমাজৰ বাবে অভিশাপ । শিক্ষাৰ অভাৱত জনসাধাৰণৰ জ্ঞান চক্ষু মেল নাখায় । ফলস্বৰূপে অজ্ঞান আন্ধাৰত ডুব গৈ থাকি অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হ’ব লগা হয় । নিৰক্ষৰতাই মানুহৰ জ্ঞান , বুদ্ধি বিকাশত বাধাৰ সৃষ্টি কৰে । জ্ঞান , বুদ্ধি অবিহনে দক্ষতা বা কাৰিকৰী কুশলতা অর্জন কৰা সম্ভৱ নহয় । ফলস্বৰূপে নিৰক্ষৰতা হৈ পৰে মানৱ সম্পদ উন্নয়নৰ প্রধান অন্তৰায় । নিৰক্ষৰ লােকসকল সাধাৰণতে আর্থিক , সামাজিক শোষণৰ বলি হােৱা দেখা যায় । নিৰক্ষৰতা দূৰীকৰণৰ বাবে শিক্ষাৰ ব্যাপক প্রচাৰ চলিব লাগিব, বিশেষকৈ স্ত্রী শিক্ষাৰ উন্নতি সাধিব লাগিব । 

দৰিদ্ৰতা  নিৰক্ষৰতাৰ দৰে দৰিদ্ৰতাও মানব সম্পদ উন্নয়নৰ ক্ষেত্ৰত অইন এটা অভিশাপ । কাৰণ দৰিদ্ৰজনে পেটৰ ক্ষুধা নিবাৰণৰ বাবে ন্যূনতম খাদ্যখিনিও নাপায় , ফলত এনেলােক পুষ্টিহীনতাত ভােগে আৰু দুর্বল হৈ পৰে । শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা বাবে তেওঁৰ কর্মক্ষমতা আৰু কর্মদক্ষতা হ্রাস হয় , লগে লগে তেওঁৰ উৎপাদন আৰু আয়ৰ পৰিমাণ হ্রাস পায় । আর্থিকভাবে দুর্বল হৈ দৰিদ্ৰতাৰ চাকনৈয়াত ককবকাই থাকে । এনেলােকে উন্নয়নৰ আশা কৰাটো অলীক কল্পনা হৈ পৰে । গতিকে দৰিদ্ৰতাক মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এটা বাধা বুলি ক’ব পাৰি । 
৪।  “দৰিদ্ৰ হোৱা বাবেই এখন দেশ দৰিদ্ৰ”– এই কথাষাৰ কোনে কৈছিল? দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এক অভিশাপৰূপে কিয় ভবা হয়?
উত্তৰঃ দৰিদ্ৰ হােৱা বাবেই এখন দেশ দৰিদ্র ’— এই কথাষাৰ কোৱা ব্যক্তি গৰাকী হ’ল নাক্সে । তেওঁ কোৱা ইংৰাজী উক্তিটো আছিল— “ A Country is poor because it is poor ” . 

নিৰক্ষৰতাৰ দৰে দৰিদ্ৰতাও মানবসম্পদ উন্নয়নৰ ক্ষেত্ৰত অইন এটা অভিশাপ । কাৰণ দৰিদ্ৰজনে পেটৰ ক্ষুধা নিবাৰণৰ বাবে ন্যূনতম খাদ্যখিনিও নাপায় , ফলত এনেলােক পুষ্টিহীনতাত ভােগে আৰু দুর্বল হৈ পৰে । শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা বাবে তেওঁৰ কর্মক্ষমতা আৰু কর্মদক্ষতা হ্রাস হয় , লগে লগে তেওঁৰ উৎপাদন আৰু আয়ৰ পৰিমাণ হ্রাস পায় । আর্থিকভাবে দুর্বল হৈ দৰিদ্ৰতাৰ চাকনৈয়াত ককবকাই থাকে । এনে লােকে উন্নয়নৰ আশা কৰাটো অলীক কল্পনা হৈ পৰে । গতিকে দৰিদ্ৰতাক মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এটা বাধা বুলি ক’ব পাৰি ।৫। মানৱ সম্পদ উন্নয়নৰ বাবে কি কি ব্যৱস্থা ল’ব পাৰি?
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণৰ আগেয়ে আমি ইয়াৰ অন্তৰায় সমূহ ভালদৰে চিনাক্ত কৰিব লাগিব । মানৱ সম্পদ উন্নয়নৰ অন্তৰায় বা বাধাসমূহ হ’ল — অত্যধিক জনসংখ্যা , মুলধন বা পুঁজিৰ অভাৱ , দৰিদ্ৰতা , নিৰক্ষৰতা , অন্ধবিশ্বাস , বিষমতা আদি । উক্ত কাৰকসমূহ ভালদৰে বিশ্লেষণ কৰিলে দেখা যায় প্রায়বােৰৰ মুলতে শিক্ষাৰ অভাৱ । শিক্ষা অবিহনে মানুহৰ জ্ঞান চক্ষু মুকলি নহয় , শিক্ষা অবিহনে মানুহ অজ্ঞান এন্ধাৰত ডুব গৈ থাকে । পৃথিবীৰ ক’ত কি হৈ আছে তেওঁলােকে গম নাপায় , ভাল , বেয়া বিচাৰ কৰিবলৈ তেওঁলােক অপাৰগ । নিৰক্ষৰ লােকসকলে শিক্ষাৰ আভাষ নাপায় । অশিক্ষিত লােক সকলেই ঈশ্বৰৰ কৃপা বুলি ভাবি অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধিত অৰিহণা যােগায় , অন্ধ বিশ্বাসত আকোৰ – গােজ হয় । গতিকে এইবােৰ দূৰীকৰণৰ বাবে শিক্ষাৰ ব্যাপক বিস্তাৰ সাধিব লাগিব । দৰিদ্ৰতা নির্মূল কৰিবলৈও শিক্ষাৰ প্রয়ােজন । উচ্চ শিক্ষা নহলেও বৃত্তিমূলক শিক্ষা প্রদান কৰি কাৰিকৰী শিক্ষাৰ জৰিয়তে মানুহ স্বাৱলম্বী হ’ব পাৰে । এনে শিক্ষা থাকিলে মানুহে মটৰ মেকানিক , কাঠমিস্ত্রী , পেইণ্টাৰ , ইলেকট্রিচিয়ান আদি কামত নিয়ােজিত হৈ উপার্জন কৰি দৰিদ্ৰতাৰ কবলৰ পৰা ৰক্ষা পাব পাৰে । সকলাে মানুহ এইদৰে দক্ষতা অনুযায়ী সৰু বৰ কামত নিয়ােজিত হলে দেশৰ জনমুৰি আয় বৃদ্ধি হ’ব আৰু ক্ষুদ্র সঞ্চয় আদিৰ যােগেদি দেশৰ মূলধন গঠনতো সহায়ক হ’ব । এই সকলােবােৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট কৰণীয় থাকিব আৰু প্রয়ােজন হ’ব মানুহৰ ইচ্ছা শক্তিৰ । এনেবােৰ ব্যৱস্থাৰে উন্নয়নৰ অৰ্থায়বােৰ আঁতৰাই মানৱ সম্পদৰ উন্নয়ন সাধিব পৰা হ’ব । 
৬। শিক্ষাক্ষেত্ৰৰ উন্নয়নে মানৱ সম্পদ উন্নয়নত কেনে ধৰণৰ প্ৰভাৱ পেলায়— বহলাই লিখা।
উত্তৰঃ শিক্ষা মানুহৰ জ্ঞান চক্ষু । এই তৃতীয় চকুটি মেল খালেহে মানুহৰ জ্ঞানৰ দুৱাৰ মুকলি হয় আৰু চিন্তাৰ প্ৰসাৰ ঘটে । শিক্ষাৰ জৰিয়তেহে মানুহে শুদ্ধ পথ বাচি ল’বলৈ সক্ষম হয় । আমি আমাৰ পাঠ্য পুথিত বাৰে বাৰে পাই আহিছো যে শাৰীৰিক আৰু মানসিক ভাবে সক্ষম যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কাম কাজত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় । অর্থাৎ মানৱ সম্পদ হ’বলৈ শিক্ষাৰ প্রয়ােজন অত্যাৱশ্যকীয় । শিক্ষা অবিহনে কাৰিকৰী প্রশিক্ষণ লােৱাটো অসম্ভৱ । কাৰিকৰী প্রশিক্ষণ অবিহনে দক্ষতা অর্জন হ’ব নােৱাৰে । গতিকে শিক্ষা নােহােৱাকৈ মানৱ সম্পদ হ’বই নােৱাৰে , মানৱ সম্পদৰ প্রাথমিক চৰ্তটোৱেই শিক্ষা । মানৱ সম্পদ উন্নয়নৰ অন্তৰায়সমূহ , যেনে — নিৰক্ষৰতা , অন্ধবিশ্বাস জনসংখ্যা বৃদ্ধি আদি সমস্যাসমূহে শিক্ষাৰ জৰিয়তেই অৱসান ঘটাব পাৰি । গতিকে দেখা যায় শিক্ষা ক্ষেত্ৰৰ উন্নয়নে মানৱ সম্পদ উন্নয়নত যথেষ্ট প্রভাৱ পেলাব পাৰে। 
৭। খালী ঠাই পূৰ কৰাক) উন্নত দেশসমূহৰ উন্নতিৰ মূল চালিকাশক্তি হৈছে _______।
উত্তৰঃ মানৱ সম্পদ ।
খ) _______লোকসকল অতি সহজেই আর্থিক, সামাজিক শোষণৰ বলি হয়।
উত্তৰঃ নিৰক্ষৰ । 

গ) বিষমতা মানৱ সম্পদ উন্নয়নৰ এটা প্রধান_______।উত্তৰঃ  

প্রতিবন্ধক ।

ঘ) এখন দেশৰ _______উন্নয়নত সেইখন দেশৰ চৰকাৰৰ দায়িত্ব তথা ভূমিকা অতি বেছি।উত্তৰঃ 

মানৱ সম্পদ । 
ঙ) ভাৰতীয় সংবিধানে প্ৰদান কৰা শিক্ষাৰ অধিকাৰ আমাৰ এক _______অধিকাৰ।
উত্তৰঃ  মৌলিক ।
৮। শুদ্ধ/অশুদ্ধ নির্ণয় কৰা :
ক) অত্যধিক জনসংখ্যাই এখন দেশৰ অৰ্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি নকৰে।
উত্তৰঃ অশুদ্ধ 
খ) মানুহ মাত্রেই মানৱ সম্পদ নহয়। 
উত্তৰঃ অশুদ্ধ 
গ) মূলধনে দেশৰ অৰ্থনীতিৰ উৎপাদন ক্ষমতা তথা আয় বৃদ্ধি কৰে।
উত্তৰঃ অশুদ্ধ 
ঘ) অন্ধবিশ্বাসো মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এক বাধাস্বৰূপ।
উত্তৰঃ 

অশুদ্ধ 
ঙ) ২০০১ চনৰপৰাই ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে।
উত্তৰঃ

অশুদ্ধ 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects