Might Learn Logo Might Learn

SVN Class 8 Social Science Chapter 19 Answer আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা পাঠটোৰ উত্তৰ

আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা

Lesson: 19

ক) অর্থনৈতিক আৰু সামাজিক উন্নয়ন কাক বোলে?

উত্তৰঃঅর্থনৈতিক উন্নয়ন বুলিলে সাধাৰণতে এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন বা ৰাষ্ট্ৰীয় আয় ( জাতীয় আয় ) জনমুৰি আয় আৰু জন সাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ডৰ হাৰ বৃদ্ধি পােৱাকে বুজোৱা হয় । আনহাতে দেশখনৰ জনসাধাৰণৰ মাজত শিক্ষিত লোকৰ হাৰ বৃদ্ধি পােৱা , নিৰক্ষৰতাৰ হাৰ হ্রাস পােৱা , স্বাস্থ্য সেৱা ব্যৱস্থাৰ উন্নতিৰ জৰিয়তে শিশু আৰু জন্মদাতৃ মাতৃৰ মৃত্যুৰ হাৰ হ্রাস পােৱা , জীয়াই থকাৰ প্রত্যাশা বৃদ্ধিপােৱা , কু – সংস্কাৰ , অন্ধ বিশ্বাস দূৰ কৰা , খােৱা পানী যােগান ব্যৱস্থা আৰু পয় প্রণালীৰ উন্নতি সাধন কৰাৰ ফলত দেশৰ জনসাধাৰণৰ সামাজিক উন্নয়ন হােৱা দেখা যায় । দেশখনৰ নাগৰিকৰ অর্থনৈতিক আৰু সামাজিক উন্নয়নক একেলগে আর্থ – সামাজিক উন্নয়ন বুলি কোৱা হয় ।

খ) ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় কাক বোলে?

উত্তৰঃ এখন দেশৰ অৰ্থ ব্যৱস্থাত থকা প্রাথমিক খণ্ড , গৌণ খণ্ড , সেৱা খণ্ড অথবা ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডত এটা নির্দিষ্ট বছৰত উৎপন্ন হােৱা ব্যৱহাৰ যােগ্য বা চুড়ান্ত বস্তু সামগ্রী আৰু সেৱাৰ মুদ্রাগত মূল্যকে দেশখনৰ মুঠ ঘৰুৱা ৰাষ্ট্ৰীয় উৎপন্ন বুলি কোৱা হয় । এই মুঠ ঘৰুৱা ৰাষ্ট্ৰীয় উৎপন্নৰ পৰিমাণৰ লগত সেই বিশেষ বছৰটোত দেশখনৰ বৈদেশিক বাণিজ্য আৰু বৈদেশিক বিনিয়ােগৰ পৰা হােৱা আয়ৰ পৰিমাণ যােগ কৰিলে দেশখনৰ মুঠ ৰাষ্ট্ৰীয় উৎপন্ন বা ৰাষ্ট্ৰীয় আয় ওৰফে জাতীয় আয় পােৱা যায় । দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমুৰি আয় পােৱা যায় । 

গ) বিত্তীয় ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ বিত্তীয় ব্যৱস্থা বুলিলে সাধাৰণতে এখন দেশৰ অৰ্থ ব্যৱস্থাত থকা মুদ্রা বজাৰ , মুলধনৰ বজাৰ , ষ্টক-একচেঞ্জ , বেংক আৰু অনা বেংকীয় বিত্তীয় অনুষ্ঠান প্রতিষ্ঠান , অংশ পত্র , চেক , ঋণপত্র , প্রতিভূতি আদি বিত্তীয় আহিলাবােৰক বুজোৱা হয় ।

ঘ) কেন্দ্রীয় বেংক কাক বোলে?

উত্তৰঃ কেন্দ্ৰীয় বেংক হৈছে দেশ এখনৰ বেংক ব্যৱস্থাৰ মূৰব্বী প্রতিষ্ঠান।সাধাৰণতে প্রত্যেক দেশত এটা বেংক কেন্দ্রীয় বেংক হিচাপে থাকে আৰু ইয়াক সুকীয়া অর্থাৎ বিশেষ নামেৰে জনা যায় । ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম ‘ ৰিজার্ভ বেংক অব ইণ্ডিয়া । কেন্দ্রীয় বেংকে দেশখনৰ বাবে কাগজী মুদ্রা আৰু ধাতুৰ মুদ্ৰাৰ প্রচলন কৰে ; মুদ্ৰাৰ যােগান নিয়ন্ত্রণ কৰে আৰু দেশখনৰ বাবে মুদ্রানীতি নির্ধাৰণ কৰে । কেন্দ্রীয় – বেংকৰ বাহিৰে আন বেংকক মুদ্রা প্রচলনৰ অধিকাৰ দিয়া নহয় । কেন্দ্রীয় বেংকে সৃষ্টি কৰি দিয়া মুদ্রাবােক দেশখনৰ বিহিত মুদ্রা বুলি কোৱা হয় । 

ঙ) কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ মাজত থকা দুটা পার্থক্য লিখা।

উত্তৰঃ   কেন্দ্রীয় বেংক আৰু বাণিজ্যিক বেংকৰ পার্থক্য হ’ল –কেন্দ্রীয় বেংক হ’ল দেশৰ মুদ্রা কর্তৃপক্ষ । কেন্দ্রীয় বেংকে দেশখনৰ বাবে কাগজী মুদ্রা আৰু ধাতুৰ মুদ্ৰাৰ প্রচলন কৰে । আনহাতে বাণিজ্যিক বেংকৰ এনে কোনাে অধিকাৰ নাই । এই বেংকে কেন্দ্রীয় বেংকৰ অধীনত থাকি লাভজনক উদ্দেশ্যত বেংক ব্যৱসায় চলায় । জনসাধাৰণৰ লগত কেন্দ্রীয় বেংকৰ প্রত্যক্ষ সম্পর্ক নাই । ই চৰকাৰৰ বেংক । বিপৰীতে বাণিজ্যিক বেংকবােৰ জনসাধাৰণৰ বেষ্ক । জনসাধাৰণৰ লগত লেন দেনেৰেই এই বেংকৰ ব্যৱসায় চলে । 

চ) ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম — “ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। ” 

ছ) কেন্দ্রীয় বেংকবোৰৰ কামবোৰ লিখা।

উত্তৰঃ কেন্দ্রীয় বেংকবােৰৰ কাম বােৰ হ’ল— 
 মুদ্রা অর্থাৎ কাগজীনােট আৰু ধাতুৰ মুদ্রা প্রচলনৰ একচেটিয়া অধিকাৰ । 
 চৰকাৰৰ বেংক ।
 অন্যান্য বেংকৰ বেংক ।
 ঋণগত মুদ্ৰাৰ নিয়ন্ত্রণ কৰা । আৰু 
 মুদ্রানীতি নিৰ্দ্ধাৰণ কৰা । 

জ) সম্পূর্ণ অর্থ লিখা — RBI, SBI, ICICI Bank, HDFC

উত্তৰঃ Reserve Bank of India.State Bank of India.Industrial Credit and Investment Corporation of India.Houshing Development Finance Corporation. 

ঝ) NABARD-ৰ কাম-কাজবোৰ লিখা।

উত্তৰঃ NABARD ৰ অসমীয়া অৰ্থ হ’ল — কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক । ভাৰতবৰ্ষ যিহেতু এখন কৃষি প্রধান গ্রাম্য অর্থনীতিৰ দেশ সেয়েহে ভাৰতীয় অর্থনীতিৰ অগ্ৰাধিকাৰ খণ্ড বুলি পৰিচিত । ভাৰতবৰ্ষৰ গ্ৰাম্য অর্থনীতিৰ বিকাশ সাধন আৰু কৃষিখণ্ডৰ উন্নয়নৰ বাবে ভাৰতৰ কেন্দ্রীয় বেংক , ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ১৯৮২ চনত নাবার্ড স্থাপন কৰে । গাঁও অঞ্চলৰ ৰাস্তা – ঘাটৰ উন্নয়ন , জলসিঞ্চন , কৃষিভূমিৰ উন্নয়ন , পথাৰত যন্ত্র বা কাৰিকৰী কৌশল প্রয়ােগ , মীন মহলৰ উন্নয়ন , বজাৰ নির্মাণ , প্রধান মন্ত্ৰীৰ ৰােজাৰ আঁচনি , আত্ম সহায়ক গােটৰ জৰিয়তে কৃষিভিত্তিক উদ্যোগ স্থাপন আৰু সেইবােৰৰ উন্নয়ন ইত্যাদি উদ্দেশ্য লৈ নাবার্ডে আমাৰ ৰাজ্যখনৰ তথা সমগ্র দেশখনৰ অর্থনৈতিক আৰু সামাজিক উন্নয়নত গ্রহণ কৰা ভূমিকা তাৎপর্যপূর্ণ। 

চমুটোকা লিখা :

১। বাণিজ্যিক বেংকৰ কামবোৰ 

উত্তৰঃ বাণিজ্যিক বেংকবােৰ এক প্ৰকাৰৰ ব্যৱসায় প্রতিষ্ঠান । ইহঁতে লাভজনক উদ্দেশ্যত বেংক ব্যৱসায় চলায় । বাণিজ্যিক বেংকৰ কামবােৰ হৈছে– অংশপত্র বিক্ৰীৰ জৰিয়তে বেংক ব্যৱসায়ৰ বাবে প্রয়ােজনীয় প্ৰাৰম্ভিক মূলধন সংগ্রহ কৰা , আমানত সংগ্ৰহৰ জৰিয়তে জনসাধাৰণৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তােলা , ঋণদানৰ জৰিয়তে ঋণগত মুদ্ৰাৰ সৃষ্টি কৰা , বিল অৱ একচেঞ্জ , ট্রেজাৰী বিল আদিত টকা বিনিয়ােগ কৰা ইত্যাদি । ইয়াৰােপৰি বাণিজ্যিক বেংক সমূহ দেশখনৰ কৃষি উদ্যোগ , আত্মনিযুক্তি , উচ্চ  শিক্ষা আদিৰ বাবে ঋণ প্রদান কৰি দেশখনৰ আর্থ সামাজিক উন্নয়নত সহায় কৰে । বাণিজ্যিক বেংকে সাধাৰণতে হ্রস্বকালীন ঋণ যােগান ধৰে ।

২। আত্মসহায়ক গোট 

উত্তৰঃ অনুন্নত আৰু উন্নয়নশীল অর্থনীতিৰ দেশবােৰত একবিংশ শতিকাৰ প্ৰথমভাগত ব্যক্তিগত পর্যায়ত বিনিয়োগ বা ক্ষুদ্র বিনিয়ােগৰ উৎস হিচাপে আত্ম সহায়ক গােটৰ সৃষ্টি হয় । একেটা অঞ্চলৰ কমেও ১৫ ৰ পৰা ২০ জন একে আর্থিক অৱস্থাৰ সদস্যই সমূহীয়া উদ্দেশ্যত একেলগ হৈ তেওঁলােকৰ ব্যক্তিগত বৰঙণি কমেও ১০ টকাৰ পৰা সর্বাধিক সাম্ভাব্য সীমা এটা ২০০ / ৫০০ টকা পর্যন্ত প্রতি মাহে সংগ্রহ কৰি প্রয়ােজন  সাপেক্ষে ন্যূনতম সুদৰ হাৰত সদস্য সকলক ঋণ আগবঢ়াই আর্থিক ভাবে সহায় কৰে । প্ৰতিটো আত্ম সহায়ক গােটে স্থানীয় বেংকৰ শাখাত একাউন্ট খুলি আর্থিক লেনদেন চলায় । সদস্য সকলৰ লেনদেন নিয়মীয়া হ’লে বেংক বিলাকে আত্মসহায়ক গােট বিলাকক ঋণ , চাবচিডি ( Subsidies ) আদি দিয়াৰ ব্যৱস্থা কৰে । গাওঁ বা নগৰ অঞ্চলৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ পুৰুষ মহিলাসকলে এনে ভাবে আত্মসহায়ক গােট খুলি স্বাবলম্বী হ’ব পাৰে । 

৩। NEDFI

উত্তৰঃ NEDFI ৰ অসমীয়া ৰূপ হ’ল উত্তৰ – পূব উন্নয়ন বিত্তীয় নিগম। উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহায্য আগবঢ়োৱাৰ নিমিত্তে ১৮৯৫ চনত উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেফি নামৰ প্রতিষ্ঠানটো স্থাপন কৰা হৈছে । ইয়াৰ প্রধান কার্যালয় গুৱাহাটীত অৱস্থিত । ক্ষুদ্র উদ্যোগ , কুটীৰ উদ্যোগ , হস্ত – তাত আৰু বস্ত্র উদ্যোগ , আত্ম সহায়ক গােট আদিৰ উৎপাদিত বস্তু বিক্ৰীৰ বাবে এই নিগমে সা সুবিধা আগবঢ়ায় । নেডফিৰ সাহায্যত উৎপাদিত বস্তুসমূহ বিক্ৰী কৰিবলৈ গুৱাহাটীৰ আমবাৰীত নেডুফিহাট নামৰ অনুষ্ঠান এটি আছে । নেডফিয়ে অঞ্চলটোৰ থলুৱা সম্পদ সমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিবেশ আৰু আন্তঃগাঠনিৰ প্রকল্পসমূহ চিনাক্তকৰণ আৰু প্রতিপালন কৰাত সহায় কৰে । নেডফিৰ মুখ্য কাম হ’ল অঞ্চলটোৰ সম্পদসমূহ ব্যৱহাৰ কৰি উৎপাদনমুখী কামত সহযােগ কৰা আৰু জনসাধাৰণৰ অর্থনৈতিক উন্নতি সাধন কৰা । 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects