Might Learn Logo Might Learn

SVN Class 8 Social Science Chapter 24 Answer আমাৰ মৌলিক কৰ্তব্য পাঠটোৰ উত্তৰ

আমাৰ মৌলিক কৰ্তব্য

Lesson: 24

১। চমু উত্তৰ দিয়া :

ক) ভাৰতবৰ্ষৰ নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ কোন চনৰ কোনটো সংশোধনী মতে প্ৰদান কৰিছে?

উত্তৰঃ  ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনী আইনৰ জৰিয়তে ভাৰতৰ নাগৰিকসকলক মৌলিক কৰ্ত্তব্য প্রদান কৰিছে।

খ) কর্তব্য বুলিলে কি বুজা?
উত্তৰঃ কৰ্ত্তব্যৰ অভিধানিক পৰিপুৰক শব্দ হ’ল কৰণীয় কাম। ভাৰতৰ নাগৰিকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আৰু সুৰ্খৰ জীৱন-যাপনৰ কাৰণে সংবিধানে কিছুমান অধিকাৰ প্ৰদান কৰিছে। এই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে নাগৰিক সকলে ৰাষ্ট্ৰৰ প্রতি কিছুমান দায়িত্ব পালন কৰিব লগীয়া হয়। সেয়েই কৰ্ত্তব্য বা মৌলিক কর্তব্য। প্ৰকৃতাৰ্থত অধিকাৰ আৰু কৰ্ত্তব্য পৰস্পৰে পৰস্পৰৰ পৰিপূৰক।

গ) ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত আদিক আমি কিয় সন্মান জনাব লাগে।

উত্তৰঃ এখন দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত হৈছে দেশখনৰ সন্মানৰ মূল আধাৰ। সেয়ে প্রত্যেক দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক সম্মান জনাব লাগে।

২। সংবিধানত উল্লিখিত ৫ বিধ কৰ্তব্যৰ বিষয়ে লিখা।

উত্তৰঃমুঠ এঘাৰটা কৰ্ত্তব্যৰ ভিতৰত তলত ৫বিধ কৰ্ত্তব্যৰ উল্লেখ কৰা হ’ল।
১। সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্রতিকৰ প্ৰতি শ্ৰদ্ধা জনোৱা।
২। ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা।
৩। মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ’লে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা।
৪। জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা, নাৰীৰ মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা।
৫। আমাৰ সংস্কৃতি আৰু মূল্যবান ঐতিহ্যক সম্মান দিয়া আৰু ৰক্ষা কৰা।

৩। এন.চি.চি. আৰু স্কাউট গাইডৰদ্বাৰা বিকশিত হ’ব পৰা গুণসমূহৰ বিষয়ে লিখা।

উত্তৰঃ এন. চি. চি আৰু স্কাউট গাইডৰ দ্বাৰা শিশুসকলৰ মনত দেশসেৱাৰ মনোভাৱ গঢ়ি উঠে, দেশ প্রেমৰ ভাব জাগ্রত হয়, শৃঙ্খলাবদ্ধ, ধৈৰ্য আৰু সহানুভূতিৰ দবে মহান গুণ বিলাক বিকশিত হয়।

৪। প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত?

উত্তৰঃ প্রাকৃতিক পৰিবেশ অক্ষুণ্ণ ৰাখি গোলকীয় উষ্ণতা (Global Warming) বৃদ্ধি ৰোধ কৰা; পাৰিপাৰ্শ্বিক ভাৰসাম্যতা (Ecological Balance) ৰক্ষা কৰা আৰু প্রাকৃতিক সম্পদসমূহ, যেনে-বন, হ্রদ, নদী, জলাশয় আদিৰ ৰক্ষণা-বেক্ষণ দিয়া আৰু তাৰ উন্নয়নৰ ব্যৱস্থা কৰা, জীবিত প্ৰাণীৰ প্ৰতিপালন আৰু সুৰক্ষা দিয়াতোআমাৰ সকলোৰে কৰ্ত্তব্য। আজিকালি প্রায়ে পাহাৰ কাটি, দ পিতনিবোৰ পুতি ঘৰ সজাৰ ফলত বৰষুণ দিলেই ভূমিস্খলন হোৱা দেখা যায়। এনে হোৱাৰ ফলত বহুতো লোকে প্রাণ হেৰুৱায়, বহুতো ঘৰ-দুৱাৰ ধ্বংস হয়। পাহাৰৰ গছ-গছনি কাটি টহিলং কৰাৰ ফলত বহুতো বনৰীয়া জন্তুৱে নিজৰ ঘৰ হেৰুৱাইছে আৰু আহাৰ বিচাৰি আহি জনবসতি অঞ্চলত আতংকৰ সৃষ্টি কৰিছে। ফলত মানুহ, জীৱ-জন্তু সকলোৰে জীৱনলৈ আন্ধাৰ নামি আহিছে। সেয়ে সকলোৰে মঙ্গল কামনাৰে আমি প্রাকৃতিক পৰিবেশ ৰক্ষা কৰা উচিত।

৫। শান্তি প্রতিষ্ঠা কৰিবৰ কাৰণে ৫ টা উপায় উল্লেখ কৰা।

উত্তৰঃ শান্তিৰ পৰিবেশ প্রতিষ্ঠা কৰিবৰ বাবে কিছুমান উপায় আছে। তলত ইয়াৰে পাঁচটা উল্লেখ কৰা হ’ল।
১। শান্তিৰ প্রতীক আঁকা।
২। শান্তি বিষয়ক কবিতা, গীত, গল্প আদি লিখা।
৩। শান্তি বিষয়ক বাটৰ নাট প্ৰস্তুত কৰি ঠায়ে ঠায়ে প্ৰদৰ্শন কৰা।
৪। শান্তিৰ শোভাযাত্রা উলিওৱা।
৫। শান্তিৰ বিষয়ত শ্লোগান দিয়া।

৬। খালী ঠাই পূৰ কৰাঃ

ক) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি_______ গাব লাগে।

উত্তৰঃ ৰাষ্ট্ৰীয় সংগীত

খ) ১৯৭৬ চনৰ _______ তম সংবিধান সংশোধনৰ জৰিয়তে ভাৰতৰ নাগৰিকৰ ১০ বিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে।

উত্তৰঃ ৪২তমগ) ৬-১৪ বছৰ বয়সৰ শিশুক _______লাভৰ সুবিধা প্ৰদান কৰিব লাগে।
উত্তৰঃ শিক্ষাঘ) ভাৰতৰ সংবিধানত মুঠ_______ টা নাগৰিকৰ কৰ্তব্য উল্লেখ আছে।

উত্তৰঃ ১১ টা

৭। শুদ্ধ উত্তৰ বাছি উলিওৱা :

ক) ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে/নালাগে।

উত্তৰঃ লাগে।

খ) গছ-গছনি কাটিলে বানপানী ৰোধ কৰিব পাৰি/নোৱাৰি।

উত্তৰঃ নোৱাৰি।

গ) শান্তি প্রতিষ্ঠাৰ কাৰণে হিংসাত্মক কার্য কৰিব লাগে/নালাগে।

উত্তৰঃ  নালাগে।

ঘ) আমাৰ কৰ্তব্যসমূহ ন্যায়ালয়ৰ ওচৰত সাব্যস্ত কৰিব পাৰি/নোৱাৰি।

উত্তৰঃ নোৱাৰি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects