Might Learn Logo Might Learn

অনুশীলনী ১১ | Chapter 11 | Class 4 Verbal and Mental Aptitude Shankardev School Question Answer Solution For Assam | Class 4 Shankardev School Question Answer Solution |

 অনুশীলনী ১১ 

সংকেতঃ টকা-পইচা, জোখ-মাখ, ওজন, দিন-বাৰ, সময় আদিৰ সম্পৰ্কীয় মৌখিকৰ উত্তৰ লিখিবৰ বাবে ভাৰতী ধাৰাপাতত উল্লেখিত আৰ্যা কেইখন মুখস্থ কৰিব লাগে। আৰ্যাৰ বিষয়ে জনা থাকিলে উত্তৰ লিখাত সহজ হয়। বিঃদ্ৰঃ- প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে ২ নম্বৰ।

বিষয়ঃ টকা-পইচা সম্বন্ধীয়

১। তোমাৰ হাতত ৫ টকীয়া মুদ্ৰা ২ টা; ২ টকীয়া মুদ্ৰা ৩ টা আৰু ১ টকীয়া মুদ্ৰা ৪ টা আছে। মুঠতে তোমাৰ হাতত কিমান টকা  আছে?

উত্তৰঃ

২। দুখন ৫০ টকীয়া নোট, দুখন ২০ টকীয়া নোট আৰু ১০ টকীয়া ৬ খন নোট আছে।

উত্তৰঃ

৩। ১ কিলো আলুৰ দাম ২৪ টকা। তুমি ২ কিলো আলু কিনি ৫০ টকীয়া নোট এখন দিলা। দোকানীয়া তোমাক কিমান টকা ঘূৰাই দিব?

উত্তৰঃ

৪। ৫০ টকীয়া নোট এখন ১ টকীয়া মুদ্ৰালৈ পৰিৱৰ্ত (খুচুৰা কৰা) কৰিলে তুমি কিমানটা ১ টকীয়া মুদ্ৰা পাবা ?

উত্তৰঃ

৫। বুলেনে হাটলৈ যাওঁতে ১ খন ২০ টকীয়া নোট, ২ খন ১০ টকীয়া নোট আৰু ৪ টা ৫ টকীয়া মুদ্ৰা লৈ গৈছিল। তেওঁ মুঠতে কিমান টকা নিছিল?

উত্তৰঃ

৬। ১০০০ টকাত ১০ টকীয়া নোট কেইখন থাকিব?

উত্তৰঃ

৭। এখন ১০০০ টকীয়া নোটৰ বাবে খুচুৰা কৰিলে কেইখন ৫০ টকীয়া নোট পাবা?

উত্তৰঃ

৮। তলত এখন দোকানৰ নগদ টকা পাপ্তি ৰচিদ (কেচ মেমো) উল্লেখ কৰা হৈছে। ৰচিদখনৰ মূল্যৰ (টকা) ঘৰটো লিখি মুঠ টকাৰ পৰিমাণ লিখা一

শুভৰ ষ্টোৰ

অম্বিকাগিৰী নগৰ, গুৱাহাটী

ৰচিদ নং-২৩৪                                              তাৰিখ -১৫/০১/২০২১

 বস্তুৰ নামপৰিমান হাৰ (টকা) মূল্য (টকা প্ৰতি কিঃগ্ৰাঃ 
 চাউলআলুচেনিৰহৰ দাইল মিঃ তেল ৫ কিঃ গ্ৰাঃ২ কিঃ গ্ৰাঃ১ কিঃ গ্ৰাঃ৫০০ গ্ৰাঃ১লিটাৰ ৩৫.০০২৪.০০৪০.০০৮০.০০৯০.০০ 

৯। বনভোজ খাবৰ বাবে তোমাৰলোকৰ নিকেতনৰ ৯৯ জন ছাত্ৰীয়ে গাইপতি ২০০ টকাকৈ দিছে। মুঠতে কিমান টকা সংগ্ৰহ হ’ল?

উত্তৰঃ

১০। চৰকাৰী নিয়ম অনুসৰি প্ৰতি মাহৰ আৰম্ভণিতে প্ৰতি লিটাৰ ডিজেল তেলৰ মূল্য ০.৫০ পইচা বৃদ্ধি হয়। ধৰা হ’ল,  জুলাই মাহত প্ৰতি লিটাৰ ডিজেলৰ মূল্য় ৬১.৫০ টকা। অহা ডিচেম্বৰ মাহত প্ৰতি লিটাৰ ডিজেলৰ মূল্য কিমান হ’ব?

উত্তৰঃ

Type: Priyam Jyoti Patar

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects