পাৰিজাত-হৰণ নাট | Chapter 4 | Gauhati University BA 5th Semester Assamese Major Model Question & Answer Assam | GU BA 5th Semester Assamese Major Model Question & Answer Assam |

 Lesson-4

 পাৰিজাত-হৰণ নাট 

আৰ্হি প্রশ্ন: 

১। ‘পাৰিজাত হৰণ’ নাটৰ নাট্যকাৰ কোন?

 উত্তৰ:শ্ৰীমন্ত শংকৰদেৱ।

২। ‘পাৰিজাত হৰণ’ নাটখন ৰচনা কৰোঁতে নাট্যকাৰগৰাকীয়ে কোন কোন উৎস গ্ৰন্থৰ সহায় লৈছে?

উত্তৰ: বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু হৰিবংশৰ আখ্যানৰ সহায় লৈছে।

৩। শংকৰদেৱে ৰচনা কৰা নাটকেইখনৰ নাম লিখা। 

 উত্তৰ: চিহ্নযাত্ৰা। পত্নীপ্ৰসাদ, কালীয়দমন, কেলিগোপাল,ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰামবীজয়। 

৪। পাৰিজাত হৰণ নাটৰ কেন্দ্ৰীয় পুৰুষ আৰু নাৰী চৰিত্ৰ কোন কোন?

উত্তৰ: শ্ৰীকৃষ্ণ আৰু সত্যভামা।

৫। ‘পাৰিজাত হৰণ’ নাটৰ কাহিনীভাগ ক’ৰ পৰা লোৱা হৈছে?

 উত্তৰ:  ভাগৱত পুৰাণ, হৰুবংশ পুৰাণ, আৰু বিষ্ণু পুৰাণৰ পৰা লোৱা হৈছে।

 ৬। ‘পাৰিজাত হৰণ’ নাটৰ কাহিনীভাগ চমুকৈ লিখা।

উত্তৰ: শ্ৰীকৃষ্ণই ৰুক্মিণীক স্বৰ্গৰ পৰা পাৰিজাত ফুল আনি দিলে। তাকে দেখি সত্যভামাৰ মনত হিংসা হল। আৰু সেই কথা নাৰদে শ্ৰীকৃষ্ণক কোৱাত শ্ৰী কৃষ্ণই ভুল কৰা বুলি সত্যভামাৰ আগত স্বীকাৰ কৰিলে। কিন্তু সত্যভামাই তেওঁৰ আৰু সতীনীক দিব বুলি মন মাৰ িবহি আছিল। কৃষ্ণই সত্যভামাক এৰি যাব বুলি ভয খাইছিল। কৃষ্ণই সত্যভামাক স্বৰ্গলৈ লৈ গল। তাত ইন্দ্ৰৰ পত্নী শশীক দেখি কলে – মই সমগ্ৰ জগতৰ অধিপতি শ্ৰী কৃষ্ণ পত্নী । ইন্দ্ৰই মোৰ স্বামীৰ লগত যুদ্ধ কৰিবলৈ তাৰ সামৰ্থ নাই। সত্যভামাই শশীৰ লগত কাজিয়াও লাগিছিল। শেষত শ্ৰী কৃষ্ণ কথমততে পাৰিজাত ফুল সত্যভামাই ঘৰলৈ লৈ আহিল। 

 ৭। ‘পাৰিজাত হৰণ’ নাটত নাট্যকাৰৰ মৌলিকতা কিদৰে প্ৰকাশ পাইছে, আলোচনা কৰা৷

 উত্তৰ: এই নাটৰ কাহিনাভাগ হৰিবংশ, ভাগৱত পুৰাণ, আৰু বিষ্ণু পুৰাণ’ৰ পৰা লোৱা হৈছে। কোনো কলাকাৰে সম্পূৰ্ণ কথাখনি নিজৰ কাহিনীত সন্নিবিষ্ট কৰিব নোৱাৰে। তাৰ বাবে শংকৰদেৱেও ইফাল সিফাল কৰি কাহিনীটো এটা নতুন ৰূপ দিছিল। মহাপুৰুষ শংকৰদেৱে ভাগৱত আৰু বিষ্ণুপুৰাণৰ আখ্যানৰ প্ৰতি শ্ৰদ্ধা ৰাখি বিশেষভাৱে হৰিবংশৰ সৰু সুৰা কথাৰে পৰিপূৰ্ণ দীঘলীয়া পাৰিজাত হৰণ আখ্যানৰ পৰা যেনেভাৱে এক অংকীয়া নাটৰ কাহিনী সাজি তুলিছে, তাৰ মাজেদি তেওঁৰ কলাত্মক প্ৰতিভাৰ সুন্দৰ বিকাশ হৈছে। আৰু এই নাটৰ মৌলিকটা প্ৰকাশ পাইছে। 

৮।  চৰিত্ৰ বিশ্লেষণ কৰা-শ্ৰীকৃষ্ণ, নাৰদ, ইন্দ্ৰ, সত্যভামা, ৰুক্মিণী।`    

উত্তৰ: শ্ৰীকৃষ্ণ- সমস্ত জগতৰ অধিপতি । ৰুক্মিণী আৰু সত্যভামাৰ স্বামী। শংকৰদেৱৰ সৃষ্টিত পাৰিজাত হৰণ নাটক নায়ক। 

নাৰদ- এই নাটকখনৰ এটি অন্যতম আকৰ্ষণীয় পুৰুষ চৰিত্ৰ হৈছে নাৰদ। গোটেই নাটতখনত সংযোগকাৰীৰ ভূমিকাত নাৰদ চৰিত্ৰকে দেখা পোৱা যায়। নাৰদ এফালে সমস্যাৰ সৃষ্টিকাৰী,আনফালে সমস্যাৰ সমাধানকাৰী। হলেও নাৰদ কৃষ্ণৰ পৰম ভক্ত। 

ইন্দ্ৰ- পাৰিজাত হৰণ নাটৰ এটি পুৰুষ চৰিত্ৰ হল ইন্দ্ৰ। তেওঁ স্বৰ্গৰ ৰজা। নাটকখনত তেখেতৰ চৰিত্ৰটো দুৰ্বল যেন লাগে। ইন্দ্ৰই কৃষ্ণক সেৱা কৰি নৰকাসুৰক বধ কৰাৰ বাবে অনুৰুধ জনাইছে। 

সত্যভামা- পাৰিজাত হৰণ নাটৰ এটি অন্যতম নাৰী চৰিত্ৰ হ’ল সত্যভামা। সত্যভামা নাটৰ নায়িকা। এই চৰিত্ৰটো আকৰ্ষণীয়। তেওঁ কৃষ্ণৰ আঠজনা প্ৰধান মহিষীৰ ভিতৰত অন্যতম এজনী। 

ৰুক্মিণী- পাৰিজাত হৰণ নাটৰ এটি অন্যতম নাৰীৰ চৰিত্ৰ ৰুক্মিণী। ধীৰ-স্থিৰ, গহীন-গম্ভীৰ স্বভাৱৰ ৰুক্মিণীৰো আছে নাৰীৰ স্বভাৱজাত দুৰ্বলতা। ইন্দ্ৰৰ সতে নাৰদে আদি কৃষ্ণক পাৰিজাত মহিমান কথা কওতে ৰুক্মিণীৰো এই ফুলৰ প্ৰতি দুৰ্বলতা জন্মে। তেওঁ কৃষ্ণক পাৰিজাত খুজিছে। 

৯। ‘পাৰিজাত হৰণ’ নাটত কি কি ৰস প্রকাশ পাইছে , আলোচনা কৰা।

উত্তৰ: :পাৰিজাত হৰণ’ নাটত বীৰ ৰস, ৰৌদ্ৰ ৰস, আৰু হাস্য ৰস প্ৰকাশ পাইছে।

 ১০। ‘পাৰিজাত হৰণ’ নাটত সৰ্বমুঠ কিমানটা গীত আছে? 

উত্তৰ: ‘পাৰিজাত হৰণ’ নাটত সৰ্বমুঠ ঊনৈশটা গীত আছে। 

১১। ‘পাৰিজাত হৰণ’ নাটত শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মহিমাৰ প্ৰকাশ কিদৰে হৈছে আলোচনা কৰা।

উত্তৰ: শ্ৰীকৃষ্ণই দেৱৰাজ ইন্দ্ৰৰ কথামতে নৰকাসুৰক বধ কৰিছিল। পত্নী সত্যভামাক স্বৰ্গৰ পৰা পাৰিজাত বৃক্ষ আনি দিছিল। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top